১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ সংগতি ৰাখি "সেৱা সপ্তাহ" উদযাপন। সেৱা সপ্তাহ উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান।

২. ১২ বছৰৰ তলৰ দৰিদ্ৰ শিশুৰ বাবে স্বাস্থ্য বিভাগৰ অভিলাসী আঁচনি। যকৃত, বৃক্ক, Bone Marrow সংৰোপণ হ'ব সম্পূৰ্ণ বিনামূলীয়া।- এই ঘোষণা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৩. অৱশেষত ১৯ চেপ্টেম্বৰৰপৰা আৰম্ভ হ'ল আই পি এল-২০২০। প্রথমখন মেচত মুম্বাই ইণ্ডিয়ানৰ বিৰুদ্ধে খেলপথাৰত নামে চেন্নাই ছুপাৰ কিংছ।

৪. নগাঁও আৰক্ষীয়ে শনিবাৰে বিয়লি প্ৰায় ২ বজাত এক গোপন সূত্ৰৰ পমখেদি কেঁকো সাপসহ ৯জন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধিং গেটৰ পৰা কেঁকো সাপসহ চোৰাং ব্যৱসায়ী কেইটাক গ্ৰেপ্তাৰ কৰে।

৫. লখিমপুৰত আছু-এজেৱাইচিপিৰ জোঁৰ সমদল। বৃহৎ নদী বান্ধ বন্ধ কৰা আৰু নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এই সমদল বাহিৰ।

৬. ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ। কোভিড-১৯ৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। বিটিএডিৰ তামুলপুৰৰ গৰৈমাৰীত নিৰ্বাচন কেন্দ্রিক ৰাজহুৱা সভাত অংশগ্রহণ কৰিছিল তেওঁ।

৭. শনিবাৰে দিন দুপৰতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা। কটাহবাৰীত এছ বি আই সেৱা কেন্দ্ৰৰ এগৰাকী মহিলা প্ৰৱন্ধকক আক্ৰমণ দুৰ্বৃত্তৰ।ৰঙা ৰঙৰ এখন মাৰুতি-৮০০ত অহা দুই দুৰ্বৃত্তই আক্ৰমণ কৰে তেওঁক।

৮. মৰিগাঁও নগাঁৱৰ এটা বৃহৎ চক্ৰয়ে বহু দিনৰ পৰা চলাই আছে মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়৷ এই ব্যৱসায়ত ব্যৱহাৰ কৰিছে মুছলমান সম্প্ৰদায়ৰ দুখীয়া যুৱকক৷ 

৯. চিৰাঙৰ বাসুগাঁও চহৰত জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন- ২০১৯ (CAA) আৰু পাৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা – ২০২০ (EIA) বাতিল কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা চমুকৈ আছুৰ "মানৱ শৃংখল কাৰ্য্যসূচী ৰূপায়ণ কৰে ।

১০. অসমত কোৰোনাত আক্ৰান্ত হৈ আকৌ ৮জনে হেৰুৱালে প্ৰাণ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ ৫৪৮জন লোকৰ মৃত্যু হৈছে।

১১. তামিলনাডুত আকৌ ৫৫৬৯জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৩৬৪৭৭জনলৈ পাইছে বৃদ্ধি।

১২. শনিবাৰে পঞ্জাৱত ২৬৯৬জন লোক আক্ৰান্ত হয় কোভিড-১৯ত। এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৰাজ্যখনত ৯৫৫২৯জনলৈ পাইছে বৃদ্ধি।

১৩. উত্তৰাখণ্ডত ৪০০৮৫জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত নতুনকৈ শনিবাৰে ২০৭৮জন লোকৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

১৪. গোৱালিয়াৰৰ মহাৰাজপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিটা অস্ত্ৰ সৰবৰাহকাৰীক। ৬টাকৈ পিষ্টল জব্দ কৰিছে আৰক্ষীয়ে।

১৫. কৰ্ণাটকত আকৌ ৮৩৬৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত শনিবাৰৰ দিনটোতে এই ভাইৰাছত আক্ৰান্ত ১১৪জন লোকে হেৰুৱাই প্ৰাণ।

১৬. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাবলৈ ধৰিছে কোৰোনাৰ সংক্ৰমণ। শনিবাৰে আকৌ ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত ১১৭জন লোকৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

১৭. পঞ্জাৱৰ জলন্ধৰত ২৩ মাৰ্চৰ পৰা বৰ্তমানলৈ ৪২৩০৪জনৰ বিৰুদ্ধে চালান কটা হৈছে। মাস্ক পৰিধান নকৰাৰ বাবে এই চালান কাটিছে আৰক্ষীয়ে।

১৮. মধ্যপ্ৰদেশত আকৌ ২৬০৭জন লোক আক্ৰান্ত কোৰোনাত। ৰাজ্যখনত ১০৩০৬৫জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৯. শনিবাৰে অন্ধ্ৰপ্ৰদেশত ৮২১৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬,১৭,৭৭৬জনলৈ পাইছে বৃদ্ধি।

২০. এনচিপি মুৰব্বী শৰদ পাৱাৰ মিলিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ সৈতে। মুখ্যমন্ত্ৰীগৰাকীৰ মুম্বাইস্থিত বাসগৃহত মিলিত হয় তেওঁ।

২১. জম্মু-কাশ্মীৰত আকৌ ১৪৯২জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ইয়াৰে ৮৩১জন জম্মু আৰু ৬৬১জন কাশ্মীৰ ডিভিজনৰ।

২২. এনআইএ-য়ে গ্ৰেপ্তাৰ কৰে ৬টা অল-কাইডাৰে জড়িত সন্ত্ৰাসবাদীক। শনিবাৰে কলকাতাৰ এনআইএ-ৰ বিশেষ আদালতত হাজিৰ কৰা হয় সন্ত্ৰাসবাদী কেইটাক।

২৩. কলকাতাৰ নৰ্থ ২৪ পাৰগানাত ৪টা বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা চলাওঁতে বৰ্ডাৰ ছিকিউৰিটী ফৰ্চে গ্ৰেপ্তাৰ কৰে বাংলাদেশৰ নাগৰিক কেইজনক।

২৪. ২ অক্টোবৰত মুক্তি পাব নতুন হিন্দী ছবি সত্যমেৱ জয়তে-২। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ'ন আব্ৰাহামে।

২৫. অসমত আকৌ ২৫৯৫জন দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ সুস্থ হৈ ১২৫৫৪০জনলৈ বৃদ্ধি পাইছে সুস্থ হোৱা লোকৰ সংখ্যা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in