১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. 'এখন দেশ জনগণৰ মতে চলে, এজন ব্যক্তিৰ মতে নচলে। মোডী ডাঙৰীয়াই এই কথা নাজানে।'- ছত্তীশগড়ত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ এখন সভাত মোডীক এইদৰে কটাক্ষ কৰিলে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে।

২. ৰাজ্যত নিবনুৱা সমস্যা বৃদ্ধি হোৱাৰ লগতে উন্নয়ন স্থৱিৰ হৈ পৰিছে। যাৰ পৰিপ্ৰেক্ষিত আলফালৈ ঢাপলি মেলিছে ৰাজ্যৰ যুৱক- যুৱতীয়ে। মঙলবাৰে এই মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

৩. দিল্লী আৰক্ষীয়ে বুধবাৰে গ্ৰেপ্তাৰ কৰে এজন অস্ত্ৰ সৰবৰাহকাৰীক। বিগত চাৰি বছৰত ধৃত অস্ত্ৰ সৰবৰাহকাৰীটোৱে প্ৰায় ২৫০টা মাৰণাস্ত্ৰ ৰাজধানী চহৰ দিল্লীত বিক্ৰী কৰিছে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।

৪. বুধবাৰে ইটালীত সম্পন্ন হ'ব অভিনেতা ৰণবীৰ আৰু অভিনেত্ৰী দীপিকা পাডুকনৰ বিয়া। ১৫ আৰু ১৬ নবেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব বিবাহ।

৫. জনপ্ৰিয় অভিনেত্ৰী জুহি চাৱলাৰ আজি ৫১ সংখ্যক জন্মদিন। ১৯৬৭চনৰ ১৩ নবেম্বৰত আম্বালাত জন্মগ্ৰহণ কৰিছিল অভিনেত্ৰীগৰাকী।

৬. উত্তৰপ্ৰদেশৰ ছৌলাচাপ জিলাত এজন চিকিৎসকে বলাৎকাৰ কৰে এগৰাকী ১৬ বছৰীয়া কিশোৰীক। ইতিমধ্যে চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

৭. জম্মু-কাশ্মীৰৰ লদাখত ভয়াৱহভাৱে হ্ৰাস পাইছে তাপমাত্ৰা। বুধবাৰে ৰাজ্যখনত তাপমাত্ৰা -৬.২ লৈ হ্ৰাস পায়।

৮. ছিংগাপুৰলৈ মঙলবাৰে ৰাওনা হ'ল প্ৰধানমন্ত্ৰী মোডী। দুদিনীয়া এই ভ্ৰমণসূচীত প্রধানমন্ত্ৰীগৰাকীয়ে অংশ ল'ব এছিয়ান-ইণ্ডিয়া এণ্ড ইষ্ট এছিয়া ছামিটছ।

৯. ওদালগুৰিৰ হাতীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় এজন লোকৰ। মৃত লোকজন কাদে হেমৰম বুলি চিনাক্ত কৰা হৈছে।

১০. বাংলাদেশত অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন। মঙলবাৰে এই ঘোষণা কৰিলে বাংলাদেশ নিৰ্বাচন আয়োগে।

১১. উত্তৰ প্ৰদেশৰ সমাজবাদী পাৰ্টীৰ সংস্থাপক মূলায়ম সিং যাদৱৰ ৮৯সংখ্যক জন্মদিনটো দলটোৱে ধৰ্ম নিৰপেক্ষতা দিৱস হিচাপে পালন কৰিব। মঙলবাৰে এই ঘোষণা কৰিলে দলীয় নেতৃত্বই।

১২. ১৯১৩ চনৰ ১৩ নবেম্বৰত কবিগুৰু ৰবিন্দ্ৰনাথ ঠাকুৰে তেখেতৰ 'গীতাঞ্জলি' কাব্যগ্ৰন্থৰ বাবে সাহিত্যৰ নবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। নবেল বঁটা লাভ কৰা তেখেতেই প্রথমজন ভাৰতীয়।

১৩. 'যদি এজন লোকৰ বিপৰীতে ১০ জন লোক থাকে, তেনেহ'লে শক্তিশালী কোন?'- মোডীক সমৰ্থন জনাই এই মন্তব্য আগবঢ়ালে দক্ষিণ ছুপাৰষ্টাৰ ৰজনীকান্তে।

১৪. মহাৰাষ্ট্ৰৰ বিজেপি বিধায়ক অনিল গৌটে দলৰ পৰা পদত্যাগ কৰাৰ কথা মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ লগতে দলটোৰ প্ৰাথমিক সদস্যৰ পদৰ পৰাও পদত্যাগ কৰিব বিধায়কগৰাকীয়ে।

১৫. বোকাখাতত আছু সদস্যই আটক কৰিলে ৭ সন্দেহযুক্ত নাগৰিকক। বাছ আস্থানৰ পৰা সন্দেহযুক্ত নাগৰিককেইজনক আটক কৰি গতাই দিয়ে আৰক্ষীক।

১৬. তেলেংগানাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে মঙলবাৰে কংগ্ৰেছে প্ৰকাশ কৰে ৬৫ জনীয়া প্ৰাৰ্থীৰ তালিকা। অহা ৭ ডিচেম্বৰত ৰাজ্যখনত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন।

১৭. জম্মু-কাশ্মীৰত নিৰ্মাণ কৰা হৈছে বিশ্বৰ আটাইতকৈ ওখ ৰেলৱে দলং। চেনাব নদীৰ ওপৰেৰে পাৰ হৈ যোৱা এই দলংখন আইফিল টাৱাৰতকৈও ৩৫ মিটাৰ অধিক উচ্চতাত নিৰ্মাণ কৰা হৈছে।

১৮. বিগত ৪ বছৰত বিজেপিয়ে হেৰুৱালে ১১জন সাংসদ। ২০১৪চনৰ নিৰ্বাচনত ২৮২জন সাংসদৰ পৰিৱৰ্তে বৰ্তমান বিজেপি সাংসদৰ সংখ্যা ২৭১জন।

১৯. মঙলবাৰে গাজাৰ 'অল-অস্কা টিভি' চেনেলটোৰ কাৰ্যালয়ত সন্ত্ৰাসবাদীয়ে চলাই বিমানেৰে আক্ৰমণ। এই আক্ৰমণত হতাহত হোৱা নাই কোনো লোক।

২০. মুম্বাইৰ কাদাম চাৱল এছ আৰ এ অট্টালিকাত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। এই অগ্নিকাণ্ডত নিহত হয় দুজন লোক।

২১. 'পাকিস্তানৰ ৬৯ শতাংশ লোকৰ ইণ্টাৰনেটৰ সন্দৰ্ভত নাই কোনো জ্ঞান।'- আই চি টি নামৰ এটা সংস্থাৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

২২. তামিলনাডুৰ পৰা প্ৰায় ২২০ মাইল দূৰৈত সাগৰৰ মাজত মঙলবাৰে আৱদ্ধ হৈ পৰে এখন নাও। যান্ত্ৰিক বিজুতিৰ বাবে নাওখনৰ ইঞ্জিনটো বিকল হৈ পৰিছিল।

২৩. কাবুলত আত্মঘাতী বিস্ফোৰণত ৩জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে ১৫জনকৈ লোক। এই বিস্ফোৰণৰ আঁৰত কোন আছে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

২৪. মঙলবাৰে সম্পূৰ্ণ হ'ল অৰ্জুন কাপুৰ অভিনীত হিন্দী ছবি 'ইণ্ডিয়াছ মষ্ট ৱান্টেড'ৰ শ্বুটিং। ছবিখন ২০১৯ৰ ২৪ মে'ত দেশৰ ছবিগৃহত মুক্তি পাব।

২৫. আৰু, অকলে পঞ্চায়ত নিৰ্বাচন খেলিব এ আই ইউ ডি এফে। মঙলবাৰে পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি এই ঘোষণা বদৰুদ্দিন আজমলৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in