১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. ধন আত্মসাতৰ গোচৰত ৰৱাৰ্ট ৱাদ্ৰাক তৃতীয় দিনৰ বাবে EDৰ জেৰা। আজি পুৱা প্ৰায় ১০.৪৫ বজাত EDৰ কাৰ্যালয়ত প্ৰৱেশ কৰা ৱাদ্ৰাই কাৰ্যালয়ৰ পৰা প্ৰস্থান কৰে নিশা ৮ বজাত।

২. ওদালগুৰিৰ পাণেৰী বাগিচাত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ ত্ৰাস। নন্দ কিশোৰ শ্বাহ নামৰ এজন ব্যৱসায়ীক অপহৰণৰ চেষ্টা ৬ জনীয়া দুৰ্বৃত্তৰ দলৰ। ৩ খন বাইকত আহিছিল ৬ জনীয়া দুৰ্বৃত্তৰ দলটো।

৩. বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি গ্ৰেপ্তাৰ সদৌ অসম ছপাশাল স্বত্বাধিকাৰী সন্থাৰ সদস্য দিগন্ত চাংমাই। বেংকৰ ঋণ পৰিশোধ কৰাৰ বিপৰীতে ২০১৭ চনৰ পৰা পলাতক অৱস্থাত আছিল লোকজন।

৪. এজন নিখোঁজ যুৱকক লৈ নগাঁও চহৰৰ মাজমজিয়াত উত্তপ্ত পৰিস্থিতি। যুৱকজন নিখোঁজ হোৱাৰ আঁৰত এগৰাকী মহিলাৰ অবৈধ সম্পৰ্কৰ অভিযোগ। একাংশ ক্ষুব্ধ লোকে মহিলাগৰাকীৰ পিতৃ আৰু শহুৰ পৰিয়ালৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে জ্বলাই দিলে বিলাসী বাহনো।

৫. গহপুৰৰ ককিলাগুৰিত দুৰ্ঘটনাত নিহত দুই যুৱক। নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুতৰ খুঁটাত খুন্দিয়ালে বাইকে। দুৰ্ঘটনাত থিতাতে নিহত যুৱক দুজন প্ৰণৱ শইকীয়া আৰু ব্ৰজেন বৰা।

৬. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ। হৰি মন্দিৰ চ'কত প্ৰতিবাদ সাব্যস্ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ বিধেয়কখন বাতিল কৰাৰ দাবী সংগঠনটোৰ।

৭. নাগৰিকত্ব সংশোধনী বিধেয়ক যদিহে গৃহীত হয়, তেতিয়াহ'লে স্থান পাব পাৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত। বিধেয়কখন বাতিল কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিব কংগ্ৰেছে। আজি নতুন দিল্লীত অনুষ্ঠিত ইস্তাহাৰ কমিটীৰ বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই আগবঢ়াই এই প্ৰস্তাৱ।

৮. 'কংগ্ৰেছে সদায় নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত ভুল প্ৰচাৰ চলাইছে। অসমৰ নাগৰিক ৰাজনৈতিক দিশত সংবেদনশীল আৰু কংগ্ৰেছে সেয়া আতৰাব নোৱাৰে।'- শনিবাৰে এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

৯. শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দা ৰাজাপাক্সাই শনিবাৰে সাক্ষাৎ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি দেৱেগৌৱড়াক। বাংগালুৰুত মিলিত হয় দুয়োগৰাকী বিশিষ্ট ব্যক্তি।

১০. 'ৰাহুল গান্ধী সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে সাৰ্বজনিক মঞ্চত কয়, তুমি শ্বহিদ হ'লে মই ধন দিম।'- শনিবাৰে ৰাহুল গান্ধীক কটাক্ষ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ।

১১. জম্মু-কাশ্মীৰ যুদ্ধবিৰতি উলংগা। পাক সেনাৰ গুলীচালনাত এজন ভাৰতীয় জোৱান গুৰুতৰভাৱে আহত।

১২. উত্তৰাখণ্ডত কেইবাজনো লোকৰ বিষাক্ত সুৰা পান কৰি মৃত্যু হোৱাৰ পাছত আৰক্ষীয়ে চলাই অভিযান। অভিযান কালত ৫জনক গ্ৰেপ্তাৰ।

১৩. শনিবাৰে গোৱাত উপস্থিত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ সৈতে 'অটল বুথ কাৰ্যকৰ্তা সন্মিলন'ত অংশ লয় দুয়োগৰাকী ৰাজনীতিবিদে।

১৪. আগৰতলাত শনিবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গাৰ্জী-বেলোনীয়া ৰেলৱে পথ উদ্বোধন কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ।

১৫. উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে শনিবাৰে বিষাক্ত সুৰাপান কৰি মৃত্যু হোৱা প্ৰতিজন লোকৰ পৰিয়ালক ২লাখ টকাকৈ আৰু বিষাত্ত সুৰাপানৰ ফলত গুৰুতৰভাৱে অসুস্থ সকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

১৬. 'ৰাহুল গান্ধী তেওঁৰ পৰিয়ালে দেশত ৫৫ বছৰ শাসন কৰিলে। কিন্তু বিশেষ পৰিৱৰ্তন আনিব নোৱাৰিলে।কিন্তু প্ৰধানমন্ত্ৰী মোডীয়ে মাত্ৰ ৫৫ মাহহে শাসন কৰিছে। আৰু বহুত পৰিৱৰ্তন সাধিছে দেশত।'- শনিবাৰে এই মন্তব্য বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।

১৭. অৱশেষত গ্ৰেপ্তাৰ হ'ল সদৌ অসম ছপাশাল স্বত্বাধিকাৰী সন্থাৰ সদস্য দিগন্ত চাংমাই। বেংকৰ ঋণ পৰিশোধ কৰিব নোৱৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হয় তেওঁক।

১৮. 'আছুৰ আভ্যন্তৰীণ পৰিৱেশ সলনি হৈছে। আছুৱে হেৰুৱাইছে পূৰ্বৰ গৰিমা।' শনিবাৰে এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

১৯. ওদালগুৰিৰ পাণেৰী বাগিচাত ব্যৱসায়ী নন্দ কিশোৰ শ্বাহক অপহৰণৰ চেষ্টা ৬ জনীয়া দুৰ্বৃত্তৰ দলৰ। ঘটনাৰ উমান পাই ৰাইজ ওলাই অহাত গ্ৰেনেড দলিওৱাৰ লগতে গুলীচালনা কৰি পলায়ণ কৰে দুৰ্বৃত্ত।

২০. নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। শনিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু দল-সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

২১. দেওবাৰে সৰস্বতী পূজা। পূজাৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে অন্যান্য প্ৰতিস্থানত দেখিবলৈ পোৱা গৈছে প্ৰস্তুতি। ইফালে শনিবাৰে বিউটী পাৰ্লাৰটো দেখিবলৈ পোৱা যায় যুৱক–যুৱতীৰ ভীৰ।

২২. শনিবাৰে সামৰমি পৰিল মৰিগাঁৱৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ৮৮ সংখ্যক শংকৰদেৱ সংঘৰ অধিৱেশনৰ। ব্যৱহাৰ নোহোৱাকৈয়ে পৰি ৰ'ল কোটিটকীয়া হেলিপেড।

২৩. গহপুৰৰ ককিলাগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দিওৱাৰ বাবে থিতাতে নিহত প্ৰণৱ শইকীয়া আৰু ব্ৰজেন বৰা নামৰ দুজন যুৱক।

২৪. 'বাজেটত উত্তৰ–পূবৰ ২১% পুঁজি বৃদ্ধি কৰা হৈছে। কলকাতা পাৰ হৈ উঃ পূৰ্বৰ কথা বিজেপিয়েহে ভাবিছে।' শনিবাৰে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

২৫. ২০১৯ৰ ২৯ মাৰ্চত দেশৰ সমগ্ৰ ছবিগৃহত মুক্তি পাব হিন্দী ছবি 'মেন্টেল হে ক্যা'। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজ কুমাৰ ৰাও আৰু কংগনা ৰানাৱটে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in