১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. 'গণতান্ত্ৰিক দেশত দল গঠনৰ অধিকাৰ সকলোৰে আছে। কিন্তু অসমৰ ৰাইজ থাকিব ভাৰতীয় জনতা পাৰ্টীৰ সৈতেহে।'- এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

২. অসমত বুধবাৰে পুনৰ ২৩৯৪জনৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪৮৯৬৮জনলৈ পাইছে বৃদ্ধি।

৩. ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অব্যাহত বন্যহস্তীৰ উপদ্ৰব। গোলাঘাটৰ খুৰামুখত নিশা হাতীৰ জাকে ভাঙিলে এখন বিদ্যালয়, খালে মধ্যাহ্ন ভোজনৰ চাউল।

৪. বৃহস্পতিবাৰে বিশ্বকৰ্মা পূজা। ৩ জনতকৈ অধিক লোকে একেলগে পূজা কৰিব নোৱাৰিব পূজা মণ্ডপত। সমাগম হ'ব নোৱাৰিব ১৫জনতকৈ অধিক লোক।

৫. ১১৩ দিন ধৰি জ্বলি আছে বাঘজান গেছ খাদ। BGR 5ৰ পৰা নিৰ্গত হৈ থকা গেছ, জুইৰ ফলত প্ৰদূষিত হৈ পৰিছে চৌদিশ।

৬. ধেমাজি জিলাৰ স্বাস্থ্য বিভাগে বুধবাৰে জিলাখনৰ বিভিন্ন স্হানত কৰা হৈছে ৰেপিড আৰু এন্টিজেন ৰেপিড টেষ্ট। বুধবাৰে মুঠ ৭২জনৰ কোভিড পজিটিভ চিনাক্ত কৰা হৈছে৷

৭. দৰং জিলাত প্ৰতিদিনে বাঢ়ি গৈ আছে কোভিড আক্ৰান্তৰ সংখ্যা । দৰঙত কোভিড আক্ৰান্তৰ সংখ্যা ৩৪০৯ জনলৈ বৃদ্ধি।

৮. বুধবাৰে অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ সাংসদ বি দুৰ্গা প্ৰসাদ ৰাওৰ দেহাৱসান। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে সাংসদ দুৰ্গা প্ৰসাদৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

৯. ৰাজ্যত কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাইছে। তাৰ লগতে বৃদ্ধি পাইছে অক্সিজেনৰ প্ৰয়োজনীয়তাঃ মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে।

১০. উত্তৰাখণ্ডত পুনৰ ১৫৪০জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৩৫,৯৪৭জনলৈ বৃদ্ধি পাইছে।

১১. এনআইএ-য়ে বুধবাৰে কলকাতাত গ্ৰেপ্তাৰ কৰে নকল নোট সৰবৰাহকাৰীক। ইতিমধ্যে এই চক্ৰটোৰে জড়িত ৬জনক গ্ৰেপ্তাৰ কৰিছে এনআইএ-য়ে।

১২. চণ্ডীগড়ত পুনৰ ৩৬৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত ৮৯৫৮জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৩. দিল্লীত ২৩০২৬৯জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বুধবাৰৰ দিনটোত ৰাজ্যত নতুনকৈ ৪৪৭৩জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে ৩৩জন লোকে হেৰুৱাইছে প্ৰাণ।

১৪. যোৱা ২৪ ঘন্টাত চুবুৰীয়া ৰাজ্য মণিপুৰত ১১০জন কোৰোনাত আক্ৰান্ত হৈছে। ইফালে, এই সময়চোৱাত ৰাজ্যখনত কোভিডত আক্ৰান্ত ১০৩জন লোক সুস্থ হৈছে।

১৫. কেৰালাত যোৱা ২৪ ঘন্টাত ৩৮৩০জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩২,৭০৯জনলৈ বৃদ্ধি পাইছে।

১৬. জম্মু-কাশ্মীৰত পুনৰ ১৫৯০ জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ইয়াৰে ৮৩২জন জম্মু আৰু ৭৫৮ জন কাশ্মীৰ ডিভিজনৰ।

১৭. ১৭ ছেপ্টেম্বৰত জন্মদিন উদযাপন কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। তেওঁৰ জন্মদিনৰ সৈতে সংগতি ৰাখি বিজেপিয়ে সেৱা সপ্তাহ কাৰ্যসূচী ৰূপায়ন কৰিছে।

১৮. অন্ধ্ৰপ্ৰদেশত আকৌ ৮৮৩৫জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৫৯২৭৬০জনলৈ পাইছে বৃদ্ধি।

১৯. ছণ্ডীগড়ত পৰিবহন বিভাগৰ বাছ সেৱা পুনৰ আৰম্ভ কৰা হৈছে। কোৰোনাৰ বাবে বন্ধ হৈ আছিল ৰাজ্যখনৰ বাছ সেৱা।

২০. অসমত আকৌ ১৯জন কোৰোনাত আক্ৰান্ত লোকে হেৰুৱাই প্ৰাণ। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫১১জনলৈ বৃদ্ধি পাইছে।

২১. কৰ্ণাটকত কালাবুৰাগী চহৰত ধাৰাসাৰ বৃষ্টিপাত। নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত চহৰখনত সৃষ্টি হৈছে কৃত্ৰিম বানৰ।

২২. দিল্লীৰ বিজেপি সভাপতি আদেশ গুপ্তাৰ কোভিড পজিটিভ। টুইটাৰযোগে এই কথা খোদ সদৰী কৰিলে তেওঁ।

২৩. জম্মু-কাশ্মীৰৰ ডোডাত এজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ পোছাক পিন্ধি নিজকে আৰক্ষী বুলি পৰিচয় দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হয়।

২৪. কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। টুইটাৰযোগে এই কথা সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

২৫. বৃহস্পতিবাৰে বিশ্বকৰ্মা পূজা আৰু মহালয়া। ২৩২ বছৰৰ পিছত এইবাৰ একেদিনাই পৰিছে দুয়োটা হিন্দুধৰ্মীয় পৱিত্ৰ পৰ্ব। সেইবাবে বিশেষ তাৎপৰ্য বহন কৰিছে এইবাৰৰ বিশ্বকৰ্মা পূজাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in