১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. শুকুৰবাৰে ছবিগৃহত মুক্তি পাব নতুন অসমীয়া ছবি ৰত্নাকৰ। ছবিখনত মুখ্য চৰিত্ৰত দেখিবলৈ পোৱা যাব যতীন বৰা, বৰষা ৰাণী বিষয়াকে ধৰি কেইবাগৰাকীও বিশিষ্ট অভিনেতা-অভিনেত্ৰীক।

২. ২০২৪ চনৰ পূৰ্বে সমগ্ৰ দেশতে হ'ব NRC। এই ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কিন্তু অসমৰ প্ৰকাশিত NRC নস্যাৎ কৰিছে বিজেপিয়ে।

৩. অনিশ্চয়তাত উমৰাংচুৰ নিপকো জলবিদ্যুৎ প্ৰকল্প। চাৰিদিন পাৰ হ'ল তথাপিও মেৰামতিয়েই কৰিব পৰা নাই ফটা পাইপৰ মেৰামতি। এতিয়াও বাহিৰ হৈয়ে আছে পানী।

৪. ৰাজ্যত চলি আছে ভোটাৰ তালিকাৰ পৰীক্ষণ কাৰ্য। যোৱা ১ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই পৰীক্ষণ কাৰ্য চলিব ১৫ অক্টোবৰলৈকে।

৫. ফ্ৰান্সৰ পৰা উভতি আহি বৃহস্পতিবাৰে দিল্লীত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। ফ্ৰান্সত ৰাফেল বিমান আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিবলৈ গৈছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।

৬. ভুপাল ৰেল ষ্টেচনত ভয়ংকৰ ঘটনা। এগৰাকী যুৱতীক বলাৎকাৰ। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে চাৰিজন অভিযুক্ত।

৭. শুকুৰবাৰে চেন্নাইলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পুৱা ১১.১৫ বজাত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'ব চেন্নাইত।

৮. কমৰছত উপস্থিত উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডু। উপ-ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি জনালে কমৰছৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

৯. মুম্বাই বিমান বন্দৰত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ৮.৮১ লাখ টকা নগদ ধনসহ গ্ৰেপ্তাৰ কৰা হয় ব্যক্তিজনক।

১০. ভুৱনেশ্বৰত গ্ৰেপ্তাৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক। প্ৰায় ৪.৯৯ কোটি টকাৰ ড্ৰাগছসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোক কেইজনক।

১১. মুজাফাৰপুৰত আৰক্ষীৰ অভিযান। অভিযান কালত আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ অবৈধ সুৰা।

১২. বিহাৰৰ ছিৱানত সংঘটিত হয় শোকাৱহ ঘটনা। এটা পুখুৰীত পৰি সলিল সমাধি তিনিটা শিশুৰ।

১৩. দিল্লীত গ্ৰেপ্তাৰ কৰা হয় দুটা পকেটমাৰক। পকেটমাৰ কেইটাক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে সোধ-পোছ।

১৪. দিল্লীৰ এখন চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। পাৰ্কিঙৰ মাচুলৰ ৰচিদক কেন্দ্ৰ কৰি সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতি।

১৫. বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন উপস্থিত মুম্বাইত। পি এম চি বেংকৰ গ্ৰাহকসকলৰ সৈতে মিলিত হয় বিত্তীয় মন্ত্ৰীগৰাকী।

১৬. শ্ৰীলংকা নৌ সেনাই আটক কৰে ৭জন ভাৰতীয় মাচ মৰিয়াক। ডেলফ্ট দ্বীপৰ সমীপত আটক কৰে মাচমৰীয়া কেইজনক।

১৭. দেশৰ পাচলি বজাৰত লাগিছে জুই। প্ৰতিকেজি পিয়াজ আৰু বিলাহীৰ দাম প্ৰায় ৬০-৮০ টকা। বান আৰু ধাৰাসাৰ বৃষ্টিপাতৰ ফলত পাচলিৰ দাম বৃদ্ধি পোৱা কথা সদৰী কৰে বজাৰৰ ব্যৱসায়ীসকলে।

১৮. জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা। ৰাজ্যখনৰ পুঞ্চ চেক্টৰত গুলীবৰ্ষণ পাক সেনাৰ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ।

১৯. পশ্চিমবংগৰ মুৰ্শ্বিদাবাদ হত্যাকাণ্ড। অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰে এগৰাকী শিক্ষয়িত্ৰীসহ তেওঁৰ দুটি সন্তানক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

২০. বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিলে মেৰী কমে। বৰ্তমানলৈ মুঠ ৮টাকৈ পদক মেৰী কমে লাভ কৰিলে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত।

২১. থাইলেণ্ডত উপস্থি বৈদেশিক পৰিক্ৰমা ড০ এছ জয়শংকৰ। বৃহস্পতিবাৰে থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীৰ সৈতে মিলিত হয় তেওঁ।

২২. বৃহস্পতিবাৰে ছুৰটত উপস্থিত ৰাহুল গান্ধী। 'মোডী উপাধিৰ সকলো লোকেই চোৰ' বুলি কৰা মন্তব্য সন্দৰ্ভত চলি থকা আইনী প্ৰক্ৰিয়াৰ বাবে ছুৰট ন্যায়ালয়ত উপস্থিত কংগ্ৰেছ নেতাগৰাকী।

২৩. পঞ্জাৱৰ মোগাত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত এজন লোক।

২৪. মহাৰাষ্ট্ৰত ৰে'লত যাত্ৰা কৰি সময়তে এগৰাকী প্ৰসূতীয়ে দিলে এটি সন্তান জন্ম। কাৰজাতৰ পৰা পাৰেললৈ ৰে'লযোগে গৈ আছিল প্ৰসূতীগৰাকী।

২৫. ১১ অক্টোবৰত ছবিগৃহত মুক্তি পালে নতুন হিন্দী ছবি দ্য স্কাই ইজ পিংক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ফাৰহান আখতাৰ আৰু প্ৰিয়ংকা চোপ্ৰাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in