১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. অযোধ্যা গোচৰৰ ৰায়দানৰ পিছত দেওবাৰে গুৱাহাটীত উপস্থিত সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। গুৱাহাটীৰ আই টি এ মাছখোৱা প্ৰকল্পত এখন গ্ৰন্থ উন্মোচনী সভাত অংশ লয় তেওঁ।

২. দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম অলিম্পিক সন্থাৰ সভাপতি হিচাপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে দায়িত্বভাৰ। এই পদবীৰ বাবে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰা হৈছে মুখ্যমন্ত্ৰীগৰাকীক।

৩. কোকৰাঝাৰ  বন বিভাগে চলালে হুল্টুগাঁও ডিভিজনৰ অন্তৰ্গত চিৰাং সংৰক্ষিত বনাঞ্চলত অভিযান। অভিযানকালত তিনিজন চোৰাং চিকাৰী সহ অবৈধভাৱে গছ কটা দুজনক গ্ৰেপ্তাৰ।

৪. পাটনাত উপস্থিত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ফুলৱাৰী শ্বৰিফত আগবঢ়াই পূজা-অৰ্চনা।

৫. ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে ভাৰতীয় জনতা পাৰ্টি। দেওবাৰে ৫২জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে বিজেপিয়ে।

৬. পশ্চিমবংগত বুলবুল ঘূৰ্ণীবতাহৰ তাণ্ডৱ। ঘূৰ্ণীবতাহৰ ফলত ৰাজ্যখনৰ মুঠ ৭জনকৈ লোকে হেৰুৱাই প্ৰাণ। ইফালে, ৪.৬৫ লাখ লোক ক্ষতিগ্ৰস্ত এই ঘূৰ্ণীবতাহৰ বাবে।

৭. 'দলৰ মুৰব্বী উদ্ধৱ ঠাকৰেয়ে স্পষ্ট কৰি দিছে যে ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হ'ব শিৱসেনাৰ।'- এই মন্তব্য শিৱসেনাৰ নেতা সঞ্জয় ৰৌতৰ।

৮. মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে সাক্ষাৎ কৰে ৰাজ্যপাল ভগত সিং কোশ্যাৰীক। ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছত তেওঁ কয়- 'আমি ৰাজ্যত চৰকাৰ গঠন কৰিম।'

৯. সন্মুখত ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে প্রথমখন প্ৰাৰ্থীৰ তালিকা। ৫জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰে দলটোৱে।

১০. '৫ বছৰ পূৰ্বে ঝাৰখণ্ডক অপৰাধস্থলী হিচাপে চিনাকি দিয়া হৈছিল। কিন্তু ৰঘুবৰ দাসৰ নেতৃত্বত বৰ্তমান ঝাৰখণ্ড উন্নত ৰাজ্য হিচাপে চিহ্নিত।'- এই মন্তব্য বিজেপিৰ কাৰ্যকৰী সভাপতি জে পি নড্ডাৰ।

১১. জম্মু-কাশ্মীৰৰ বন্দীপোৰাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদী সংঘৰ্ষ। সংঘৰ্ষত নিৰাপত্তাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী।

১২. চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ এজন যাত্ৰীক। প্ৰায় ২ কেজি ওজনৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৩. দিল্লীত গ্ৰেপ্তাৰ এজন যুৱকক। দিল্লীৰ আদৰ্শ নগৰ এলেকাত এটি ৭ বছৰীয়া শিশুক বলাৎকাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক।

১৪. ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ বাসগৃহত দেওবাৰে উপস্থিত বাবা ৰামদেৱ, স্বামী পৰমাত্মানন্দ। বহু গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আটাইকেইজন।

১৫. নাগপুৰত এয়াৰ ফেষ্ট ২০১৯ অনুষ্ঠান অনুষ্ঠিত কৰা হয় দেওবাৰে। ভাৰতীয় বায়ু সেনাৰ ৮৭ সংখ্যক বৰ্ষপূৰ্তি হিচাপে অনুষ্ঠিত কৰা হয় অনুষ্ঠান।

১৬. দেওবাৰে কলকাতাত ধাৰাসাৰ বৃষ্টিপাত আৰু ধুমুহা। ফলত কলকাতাৰ বিভিন্ন প্ৰান্তত সৃষ্টি হয় বানৰ।

১৭. ইউ এ ই ভ্ৰমণলৈ যাব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। ১০ নবেম্বৰৰ পৰা ১২ নবেম্বৰলৈ ভ্ৰমণসূচীত যাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

১৮. বিজেপি নেতা দেৱেন্দ্ৰ ফাডনাভিছক সাক্ষাৎ কৰে বিজেপিৰ ক'ৰ কমিটীৰ সদস্য বিনোদ তাৱাড়। দেৱেন্দ্ৰ ফাডনাভিছৰ বাসগৃহত সাক্ষাৎ কৰে তেওঁক।

১৯. উত্তৰাখণ্ডৰ ভিমগোডাত বিজেপি সাংসদ তীৰ্থ সিং ৰাৱাটৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সাংসদগৰাকী। তেওঁক ভৰ্তি কৰা হয় হাস্পতালত।

২০. তামিলনাডুৰ ৰামানাথপুৰামত আৰক্ষীৰ অভিযান। অভিযানকালত জব্দ কৰে প্ৰায় ডেৰ লক্ষাধিক টকাৰ অবৈধ সুৰা।

২১. জম্মু-কাশ্মীৰৰ জম্মু-শ্ৰীনগৰ সংযোগ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন। ভূমিস্খলনৰ ফলত ঘাইপথটোত আৱদ্ধ হৈ পৰে প্ৰায় ১৩শ খনকৈ বাহন।

২২. 'কংগ্ৰেছ ৰাজ্যৰ শত্ৰু নহয়। কিছুমান বিষয়ক লৈ সকলো দলৰে মতামত পৃথক পৃথক।'- এই মন্তব্য শিৱসেনাৰ নেতা সঞ্জয় ৰৌতৰ।

২৩. পশ্চিমবংগত বুলবুল ঘূৰ্ণীবতাহৰ তাণ্ডৱ। প্ৰধানমন্ত্ৰী মোডীয়ে দেওবাৰে টুইটাৰত এই সন্দৰ্ভত লিখিছে- 'পশ্চিমবংগক কেন্দ্ৰীয় চৰকাৰে সকলো ধৰণে সহায় কৰিব।'

২৪. ১৫ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি 'মতিচোৰ ছাকনাচোৰ'। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা নাৱাজুদ্দিন ছিডিক্কিয়ে।

২৫. বুলবুল ঘূৰ্ণীবতাহৰ ফলত ওড়িশ্যাৰ লগতে পশ্চিমবংগত বহু ক্ষতিসাধন। ঘূৰ্ণীবতাহৰ প্ৰতি লক্ষ্য ৰাখি কলকাতাৰ বিচালীঘাটত বন্ধ কৰা হয় ফেৰী সেৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in