১ মিনিটত ২৫ বাতৰি

১ মিনিটত ২৫ বাতৰি

১. 'কেন্দ্ৰীয় চৰকাৰেই নীৰৱ মোডী আৰু বিজয় মালিয়াক দেশৰ পৰা পলাই যাবলৈ সুযোগ প্ৰদান কৰিছে' এই মন্তব্য দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।

২. শনিবাৰে কণাৰ্টকৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰে নৰেন্দ্ৰ মোডীক। খৰাং বতৰৰ প্ৰতি লক্ষ্য ৰাখি ২,০৬৪.৩০ কোটি টকা সাহাৰ্য্য বিচাৰিলে মুখ্যমন্ত্ৰীয়ে।

৩. 'মই কংগ্ৰেছতে থাকিম, আৰু নিজৰ দলৰ বাবে যুদ্ধ চলাই যাম।'- কংগ্ৰেছী বিধায়ক অল্পেশ ঠাকুৰে দিলে এই মন্তব্য।

৪. 'সন্ত্ৰাসবাদে ভাৰতবৰ্ষৰ কঁকাল ভাঙি দিলে'- দিল্লীৰ এক অনুষ্ঠানত এই মন্তব্য কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

৫. গুজৰাটত ১২ মাৰ্চত কংগ্ৰেছৰ কাৰ্যকৰী বৈঠক। ছোনিয়া-ৰাহুল গান্ধী থাকিব উপস্থিত।

৬. আগন্তুক ২৪ ঘন্টাৰ ভিতৰত হিমাচল প্ৰদেশত হ'ব পাৰে প্ৰৱল তুষাৰপাত। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননীৰ পাছতে কেইবাটাও অঞ্চলত হাই এৰ্লাট জাৰি।

৭. চণ্ডীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত ৪ জন লোক।

৮. জম্মু-কাশ্মীৰত চি আৰ পি এফ জোৱানৰ এখন বাহন দুৰ্ঘটনাগ্ৰস্ত। ৭ জন জোৱান আহত।

৯. চলিত বৰ্ষৰ ১২ জুলাইত মুক্তি পাব হিন্দী ছবি 'জবৰিয়া জৌৰি'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিব সিদ্ধাৰ্থ মলহোত্ৰা আৰু পৰিণীতি চোপ্ৰাই।

১০. জেলৰ পৰাই লালু প্ৰসাদ যাদৱে ৰাষ্ট্ৰীয় জনতা দলৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ সন্দৰ্ভত সিদ্ধান্ত ল'ব। দলটোৰ এখন বৈঠকত লোৱা হয় এই সিদ্ধান্ত।

১১. দিল্লীত লোকসভা নিৰ্বাচনৰ প্ৰাথিক লৈ মন্তব্য কৰে হৰিশ ৰাৱটে। 'অসমৰ সকলো সমষ্টিতে প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থী পেনেল। পুনৰ অনুষ্ঠিত হ'ব স্ক্ৰীনিং কমিটীৰ বৈঠক।'

১২. মহানগৰীৰ হেঙেৰাবাৰীত কিশোৰী ছাত্ৰীক নিৰ্যাতনৰ ঘটনা। চিটী পাব্লিক স্কুলৰ শিক্ষক তপন বৰ্মনৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ।

১৩. জুৰীয়াৰ কংগ্ৰেছ নেতা দিলোৱাৰ হুছেইনৰ উচতনিতে মৰঙ্গিয়ালৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ। শনিবাৰে অভিযোগ উত্থাপন কৰে আমছু নেতা কামৰুজ জামানে। উল্লেখ্য যে, এজন যুৱকক হত্যা কৰাৰ সন্দেহত একাংশ লোকে লণ্ডভণ্ড কৰিছিল এটা পৰিয়ালৰ ঘৰ।

১৪. শনিবাৰে ৰে'ল অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে ইণ্ডিজেনাছ ষ্টুডেণ্ট ফ'ৰামে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আশ্বাসৰ পাছতেই লয় এই সিদ্ধান্ত।

১৫. শনিবাৰে মহানগৰীৰ হেঙেৰাবাৰীত উদ্ধাৰ হয় এটা নৱজাতকৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য।

১৬. নগাঁৱত দুৰ্ধৰ্ষ বাইক চোৰ আটক। বাইক চুৰি কৰিবলৈ গৈ আটক হয় ৰূপহীৰ মহম্মদ আজিজুল হুছেইন।

১৭. লোকসভা নিৰ্বাচনৰ প্ৰসংগত শনিবাৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তেওঁ কয়, 'পঞ্চায়ত নিৰ্বাচনত ৰাইজে আমাক অকলেই আদৰি লৈছে। অগপ নোহোৱাকৈ সফল হৈছে বিজেপি।'

১৮. পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তি কেলেংকাৰীক লৈ দিছপুৰ থানাত এজাহাৰ দাখিল। শনিবাৰে এজাহাৰ দাখিল কৰে আৰটিআই কৰ্মী দুলাল বৰাই।

১৯. শনিবাৰে বোকাজানত চোৰাং হাতীৰ দাঁতসহ আৰক্ষীৰ জালত পৰে দুজন যুৱক। যুৱক ২জন নাগালেণ্ডৰ জনহেবটোৰ জেৰেমি ঝিম' আৰু নিমকা ঝিম'।

২০. শনিবাৰে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে অসম বিশ্ববিদ্যালয়ৰ গৱেষকসকলে। ২০১৭ চনৰ পৰা ধন মুকলি কৰি নিদিয়াত প্ৰতিবাদ কৰিছিল গৱেষকসকলে।

২১. শনিবাৰে নুমলীগড়ত আটক হয় দুই চুলাই ব্যৱসায়ী। দীৰ্ঘদিনে চুলাই ব্যৱসায় চলাই অহাৰ অভিযোগত আটক মহিলাসহ এজন।

২২. সোমবাৰে ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্টে গঠন কৰে ৫ জনীয়া সংসদীয় কমিটী। নিৰ্বাচনৰ প্ৰাৰ্থী বাছনিৰ দায়িত্বত থাকিব এই কমিটীখন।

২৩. গুজৰাটৰ চুৰাটত আৰম্ভ হ'ব মেট্ৰ' ৰে'লসেৱা। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অনুমোদন জনালে দুটা কৰিডৰ নিৰ্মাণত।

২৪. বালাকোটত বায়ুসেনাই আক্ৰমণ চলাই সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰাক লৈ আৰএছএছে বায়ুসেনাক জনালে অভিনন্দন। শনিবাৰে আৰএছএছ নেতা ভায়া জি ঝোশীয়ে এক অনুষ্ঠানত জনায় অভিনন্দন।

২৫. জাপানৰ ১১৬ বছৰীয়া এগৰাকী বৃদ্ধাই অৰ্জন কৰিলে গিনীজ ৱৰ্ল্ড ৰেকৰ্ডৰ খিতাপ। বিশ্বৰ ভিতৰতে জীৱিত আটাইতকৈ বৰ্ষীয়াণ মহিলা স্বৰূপে এই ৰেকৰ্ড গঢ়ে কানে তনাকাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in