১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. জ্যেষ্ঠ অধিবক্তাৰ পুত্ৰক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিল্পী জুবিন গাৰ্গে। তেওঁৰ মতে, 'ন্যায়ালয়ে যি নিৰ্দেশ দিছে সেয়া মই মানি চলিম।'

২. মহাৰাষ্ট্ৰৰ অৰুণাগাবাদ চিৰিয়াখানাত শনিবাৰে জন্ম পালে ৪টা নতুন বাঘৰ পোৱালী। বাঘৰ পোৱালী কেইটাৰ নাম ক্ৰমে প্ৰগতি, দেৱিকা, অৰ্পিতা আৰু কুছ ৰখা হয়।

৩. 'সন্ধিয়া টিভিত বহি থকা আৰু অপিনিয়ন পুল কৰা এজন মানুহেও অনুমান কৰা নাছিল যে বিজেপিয়ে ৯খন আসনত জিকিব।' শনিবাৰে এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

৪. ১২ জুলাইত ছবিগৃহত মুক্তি পাব হৃত্তিক ৰোচনৰ নতুন ছবি 'ছুপাৰ ৩০'। ছবিখনক লৈ বিশেষ আশাবাদী পৰিচালক বিকাশ বেহেল।

৫. তিনিচুকীয়াৰ লেখাপানীৰ ৩নং উদয়পুৰত চোৰৰ চাফাই অভিযান। যতীন কুৰ্মী নামৰ ব্যৱসায়ীৰ ঘৰত চাৰিখনকৈ দৰ্জা ভাঙি লুটি নিলে ১ লাখ ২০ হাজাৰ টকা, সোণৰ চেইন, আ-অলংকাৰৰ লগতে গাড়ীৰ নথি।

৫. বৰপেটা ৰোডত বাইকৰ খুন্দাত ৬০ বছৰীয়া বৃদ্ধৰ মৃত্যু। মৃত লোকজন ৰে'লৱে বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শ্যাম সুন্দৰ শীল।

৬. হাজোত শিশু সন্ধানহীন হোৱাক কেন্দ্ৰ কৰি চাঞ্চল্য। সন্ধানহীন হোৱা ৮ বছৰীয়া কিশোৰজনৰ নাম চাইদুল ইছলাম।

৭. জানুৱাৰীত ভাৰত আৰু জিম্বাৱে'ৰ মাজত অনুষ্ঠিত হ'ব টি-২০ খেল। মহানগৰীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব টি-২০ খেলখন।

৮. '২০২১ত ৮০ খন আসন লাভ কৰি চৰকাৰ কৰিম।' প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰিছে এই মন্তব্য।

৯. বাইহাটা চাৰিআলিত যৌতুকৰ বাবে বোৱাৰীক স্বামীয়ে নিৰ্যাতন চলোৱাৰ অভিযোগ। পত্নীক জ্বলাই দিয়াৰ ভাবুকি দিয়াৰ অভিযোগ ইয়াজুল হুছেইন শইকীয়া নামৰ লোকজনৰ বিৰুদ্ধে।

১০. মুক্তি পোৱাৰ পিছতে ছানাউল্লাহক গোৱালপাৰাৰ ডিটেনচন কেম্পৰ পৰা অনা হয় আমিনগাঁৱলৈ। প্ৰাক্তন সেনাবিষয়াজনৰ কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সম্পন্ন কৰা হয় আনুষ্ঠানিকতা।

১১. তিনিচুকীয়াৰ নৃশংস ঘটনাক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। উন্মাদ লোকে নিৰ্মম আক্ৰমণেৰে হত্যা কৰিলে মাতৃ-পুত্ৰক।

১২. বাইহাটা চাৰিআলিত নাইনা মাৰুটি ৱৰ্কশ্বপ নামৰ গেৰেজত আৰক্ষীৰ দুৰ্নীতি নিৰীক্ষণ, নিবাৰণ শাখাৰ অভিযান। বিপুল আহমেদ নামৰ এজন লোকক ধনদাবী কৰাৰ অভিযোগেৰে দিয়া গোচৰৰ ভিত্তিত এই অভিযান।

১৩. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নিশা কৰ্তব্যৰত নাৰ্চিঙৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ। গেষ্ট্ৰ'লজি বিভাগত ২৩ মে'ত সংঘটিত ঘটনা সম্পৰ্কত ৪ জুনত ভঙাগড় থানাত এজাহাৰ দাখিল কৰে যুৱতীগৰাকীয়ে।

১৪. 'ক্ষমতা পালে মানুহ দাম্ভিক হয়, সেই দাম্ভিকতা আমাৰ মাজত থাকিব নালাগিব।' শনিবাৰে এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

১৫. নিৰ্বাচনত কৰিমগঞ্জ জিলাত ইছলাম ধৰ্মৰ এগৰাকী ইমামে বিজেপিৰ হৈ কাম কৰাৰ বাবে তেওঁক মছজিদৰ পৰা খেদি পঠিওৱাৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্যৰ।

১৬. অন্ধ্ৰপ্ৰদেশৰ মেলঘাটৰ সোণাপুৰ গাঁওবাসীয়ে সন্মুখীন হৈছে বিশুদ্ধ খোৱাপানীৰ অসুবিধা সমস্যাৰ। পানীৰ বাবে প্ৰায় ৪০ ফুট তললৈ এটা দ' ডাঙৰ কুৱাত নামি যাব লগা হয় গাওঁবাসী।

১৭. মৰিগাঁৱত প্ৰেমিকক ভিডিঅ' কল কৰি আত্মহত্যা শিল্পীৰ। শিল্পী গৰাকীৰ নাম জাগ্ৰীতি দেৱী।

১৮. শনিবাৰে ক্ৰিকেট ৱৰ্ল্ড কাপত বাংলাদেশৰ বিৰুদ্ধে ইংলেণ্ডৰ জয়। ১০৬ ৰানত পৰাস্ত কৰে বাংলাদেশক।

১৯. চৰকাৰৰ বঞ্চনাত ক্ষুব্ধ খাদ্য আন্দোলনৰ শ্বহীদৰ পৰিয়াল। প্রাপ্যৰ পৰা বঞ্চিত হৈ মৰিগাঁৱৰ শ্বহীদ গজেন ইংতিৰ পৰিয়ালৰ ১০ জুনত অনুষ্ঠিত হ'বলগীয়া ছাত্র সংহতি দিৱসত উপস্থিত নথকাৰ সিদ্ধান্ত।

২০. জম্মু-কাশ্মীৰত ভীষণ তুষাৰপাত। জম্মু-কাশ্মীৰ ৰাজৌৰী জিলাৰ পীৰ কি গলি এলেকাত এই তুষাৰপাত।

২১. মহাৰাষ্ট্ৰত যোগেশ্বৰীত বিধ্বংসী অগ্নিকাণ্ড। যোগেশ্বৰীৰ আকবৰ আলি কম্পাউণ্ডৰ এখন দোকানত এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।

২২. বিশ্বকাপ ক্ৰিকেটৰ আগন্তুক মেচৰ বাবে শনিবাৰে অনুশীলনত ব্যস্ত ভাৰতীয় ক্ৰিকেট দল। ৯ জুনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলপথাৰত নামিব ভাৰত।

২৩. 'বিশ্ববিদ্যালয় এখন স্বতন্ত্র অনুষ্ঠান। গতিকে বিভাগীয় ভাবে আমি একো মন্তব্য নকৰো।' শনিবাৰে প্রধ্যাপক ড০ ডম্বৰুধৰ নাথৰ ছাত্রী যৌন নিৰ্যাতনৰ ঘটনাক লৈ এই মন্তব্য কৰে শিক্ষামন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যই।

২৪. 'বিধানসভাত ১০০জন সদস্য হ'ব বিজেপিৰ।' শনিবাৰে এই মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

২৫. বিশিষ্ট নাট্য পৰিচালক শুক্রাচাৰ্য ৰাভাৰ প্রথম মৃত্যুবাৰ্ষিকীত গোৱালপাৰা জিলাৰ আগিয়া ৰামপুৰত থকা বাদুংদুপ্পা কলাকেন্দ্রত পালন কৰা হয় দিনটো। শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে আলোচনা চক্র অনুষ্ঠিত কৰাৰ লগতে দুখন নাটকো পৰিৱেশন কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in