১ মিনিটত দিনটোৰ ২৫ খবৰ

১ মিনিটত দিনটোৰ ২৫ খবৰ

১.বিহাৰৰ বুদ্ধ গয়াঁত শনিবাৰে তিনিটাকৈ বোমা উদ্ধাৰ হোৱাকলৈ চাঞ্চল্য। বুদ্ধ গয়াঁৰ শৌচালয়ত লুকুৱাই ৰখা অৱস্থাত টিফিনত সংস্থাপিত কৰা বোমাকেইটা উদ্ধাৰ হয়।

২.১৯ চেপ্তেম্বৰৰ পৰা চেন্নাইত অনুষ্ঠিত হব লগীয়া বিচিচিআইৰ বিজয় হাজাৰে ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে অসম ক্ৰিকেট সন্থাই ঘোষণা কৰিলে ১৫ জনীয়া অসমৰ দলটো ।

৩. বিজয় মালিয়াই বিদেশীলৈ পলায়ন কৰাৰ পূ্ৰ্বে বিত্তমন্ত্ৰী অৰুণ জেটলীক সাক্ষাৎ কৰিছিল বুলি কংগ্ৰেছে অভিযোগ তোলাৰ সময়তে শিৱসেনাই কংগ্ৰেছক কৰিলে প্ৰশ্ন 'যদি পূৰ্বতে এই বিষয়ে জানিছিল কংগ্ৰেছ মৌন আছিল কিয়?'

৪. দেশত নকমে পেট্ৰ'ল-ডিজেলৰ দাম । খোদ কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰীয়ে কৰিলে এই ঘোষণা। মন্ত্ৰীগৰাকীৰ মন্তব্য 'বৰ্দ্ধিত মূল্য জনগনৰ ভালৰ বাবে।কংগ্ৰেছে দেশক দি যোৱা ঋণৰ ফলতেই হৈছে মুল্যবৃদ্ধি ।'

৫. শনিবাৰে ইন্দোৰত সংঘটিত হল এক ভয়ংকৰ হত্যাকাণ্ড ।প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই চুৰিয়ে হানি খুচি হত্যা কৰিলে সহপাঠীক। ৪০ বাৰৰো অধিক চুৰীৰে কৰিলে আঘাত।

৬. 'পাইলট সকল ছচিয়েল মিডিয়াত অধিক সময় অনলাইন থকাৰ বাবেই সংঘটিত হয় বিমান দুৰ্ঘটনা।' শুকুৰবাৰে এক অনুষ্ঠানত এই মন্তব্য কৰে এয়াৰ চীফ মাৰ্চেল বি এছ ধনৱাই ।

৭. ১৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ'ল এছিয়া কাপ। ভাৰতৰ প্ৰাক্তন অধিনায়ক সুনীল গাভাস্কাৰৰ ভৱিষ্যতবাণী, 'এইবাৰ চেম্পিয়ন হব পাকিস্তান।' ১৯ চেপ্তেম্বৰত মুখামুখি হ'ব ভাৰত-পাকিস্তান।

৮. অক্টোবৰ মাহতো বলিউদৰ বাবে হব পাৰে লোকচানৰ মাহ। কিয়নো সমগ্ৰ বিশ্বত মুক্তি পাব হলিউদৰ জনপ্ৰিয় ছবি 'এভেনঞ্জাৰ' ।

৯. শনিবাৰে প্ৰকাশ কৰা হয় কামৰূপ মহানগৰ জিলাৰ খচৰা ভোটাৰ তালিকা।জিলাখনৰ ৫১ নং জালুকবাৰী, ৫২ নং দিছপুৰ, ৫৩ নং গুৱাহাটী পূৱ আৰু ৫৪ নং গুৱাহাটী পশ্চিম বিধানসভা সমষ্টিৰ ফটোযুক্ত ভোটাৰ তালিকা বিশেষ সংক্ষিপ্ত সংশোধনীৰ দ্বাৰা প্ৰকাশ কৰা হয়।

১০. মহানগৰীৰ শিক্ষানুষ্ঠানৰ অধ্যাপক- অধ্যাপিকা, ছাত্র-ছাত্ৰীৰ উপস্থিতিত জিলা প্ৰশাসনৰ ' কন্যাক বচাওক কন্যাক পঢ়াওক' শীৰ্ষক সজাগতা সভা। মুঠ ১২ খন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র- ছাত্ৰীয়ে অংশ লয় এই সভাত।

১১. ৫২ জন এন ডি আৰ এফ, ৬০ জন এছ ডি আৰ এফৰ জোৱানে ডিক্ৰঙ নদীত চলাইছে উদ্ধাৰ অভিযান ৷ দুটা মৃতদেহৰ এই পৰ্যন্ত কোনো সন্ধান পোৱা নাই ৷ সন্ধানহীন দুগৰাকী মহিলা ৷ এগৰাকী প্ৰায় ৩৫ বছৰীয়া আৰু আনগৰাকী ১৫ বছৰীয়া যুৱতী ৷

১২. ইটানগৰৰ এজন সন্ধানহীন ব্যক্তিৰ মৃতদেহ অসমৰ হাৰমতিত উদ্ধাৰ ৷ ঘটনাস্থলীৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ নিলগত পোৱা গৈছে ৫০ বছৰীয়া নিৰুদ্দেশ ব্যক্তি জনৰ মৃতদেহ ৷

১৩. বিধায়ক উৎপল দত্তৰ বেংক একাউণ্টৰ পৰা ১৪ লাখ টকাৰ হৰলুকীৰ সন্দৰ্ভত আটক মানকাচৰৰ মনতাজুল কাজা নামৰ প্ৰৱঞ্চকক। ভুৱা পাছবুক উলিয়াই মনতাজুলৰ ককায়েক মুকলেশ্বৰ কাজাই পেলাইছিল ধন হৰলুকীৰ জাল।

১৪. আলিগড়ৰ চফেদপুৰাত এজন সাধু আৰু এহাল দম্পতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্য। মৃতদেহ উদ্ধাৰ হোৱা তিনিজনৰ এজন ৰূপৰাম বাবা। বাবাৰ মন্দিৰত কাম কৰিছিল দম্পত্তি হালে। দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ।

১৫.আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল অসমৰ আন এগৰাকী খেলুৱৈ। পোলেণ্ডত অনুষ্ঠিত ১৩ সংখ্যক Selician Cup International Boxing Championshipত ৰূপৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়ালে বক্সাৰ অমিশা কুমাৰী ভাৰতীয়ে।

১৬. যোৰহাট জিলাৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমল বৰালৈ ডেক্কান জিঅ'গ্ৰাফিকেল ছ'চাইটিয়ে আগবঢ়াইছে ২০১৮ বৰ্ষৰ ভূগোল ভূষণ বঁটা। বাংগালুৰু বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া ১৩ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ডেক্কান জিঅ'গ্ৰাফিকেল চছাইটিৰ সমাৰোহত প্ৰদান কৰা হ'ব এই বঁটা।

১৭.পাটনাত শনিবাৰৰ পৰা অনুষ্ঠিত হোৱা ৩০সংখ্যক পূব মণ্ডল এথলেটিকছত প্ৰথম দিনাই অসমৰ খেলুৱৈৰ ৯টা স্বৰ্ণপদক, ১২টা ৰূপৰ আৰু ৬টা ব্ৰঞ্জৰ পদক লাভ। অসমৰ খেলুৱৈ ৰিম্পী বুঢ়াগোহাঁয়ে লং জাপত ২৯ বছৰীয়া অভিলেখ ভংগ কৰি লাভ কৰিলে স্বৰ্ণপদক।

১৮.আফগানিস্তানত সেনা বাহিনীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ প্ৰাণ গ'ল তিনিজন লোকৰ। খাক-ই-চফীদ জিলাত সংঘটিত হোৱা ঘটনাটোৰ সৈতে বিগত দুসপ্তাহত দুটা হেলিকপ্টাৰ ঘটনা ঘটিছে আফগানিস্তানত।

১৯. অতিশীঘ্ৰে পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিৰ সমাধানসূত্ৰ উলিয়াব বিজেপি চৰকাৰে। ডলাৰৰ তুলনাত টকাৰ মূল্য কমাৰ বাবে এই মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য কৰি শনিবাৰে সমাধানসূত্ৰৰ কথা ক'লে অমিত শ্বাহে।

২০. অসম ৰাজ্যিক চিৰিয়াখানাত পুনৰ বাৰ্ধক্যজনিত কাৰণত শনিবাৰে মৃত্যুক সাবটিলে এটা ক'লা ভালুকে। ২২
বছৰীয়া ভালুকটোৰ মৃত্যুৰ পাছত চিৰিয়াখানাত ক'লা ভালুকৰ সংখ্যা ৮টা লৈ হ্রাস।

২১. ৫ খন জিলা যেনে মন, টুৱেনচাং, কিফ্ৰী, লংলেং আৰু নকলাকক সাঙুৰি Eastern Nagaland Peoples Organisationৰ পৃথক 'ফ্ৰণ্টিয়াৰ নাগালেণ্ড'ৰ দাবী। এই দাবীৰে শনিবাৰে টুৱেনচাং জিলা সদৰত বৃহৎ ৰেলীৰ আয়োজন কৰে সংগঠনটোৱে।

২২. শনিবাৰে দেশৰ পৰৱৰ্তী মুখ্য  ন্যায়াধীশ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈৰ আত্মজীৱনী 'সোঁৱৰণিৰ ৰঙীন পাত' উন্মোচন। উন্মোচন কৰে অসম সাহিত্যসভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই।

২৩. আজাৰাৰ মিৰ্জাপুৰত যুৱতীৰ সৎকাৰৰ সময়তে পেটৰ পৰা ওলাল মৃত দেৱশিশু। ১২ ছেপ্টেম্বৰত নয়দাত মৃত্যু হৈছিল মিৰ্জাপুৰৰ যুৱতীগৰাকীৰ।

২৪. নগাঁৱৰ জিলা পৰিবহণ বিষয়া ৰূপক পূজাৰীৰ বিৰুদ্ধে নগাঁও সদৰ থানাত শনিবাৰে এজাহাৰ দাখিল কৰিলে RTI কৰ্মী দুলাল বৰাই। দুৰ্ঘটনাগ্ৰস্ত বাছৰ ফিটনেছ প্ৰমাণ পত্ৰ বনোৱাৰ সময়ত জালিয়াতিৰ অভিযোগ জিলা পৰিবহন বিষয়াজনৰ বিৰুদ্ধে।

২৫.  ডুবাইত অনুষ্ঠিত এছিয়া কাপ ক্ৰিকেটৰ প্ৰথমখন খেল  বাংলাদেশ-শ্ৰীলংকাৰ । শ্ৰীলংকাক ১৩৭ ৰাণত  পৰাস্ত কৰে বাংলাদেশে। 

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in