১ মিনিট ২৫ খবৰ

১ মিনিট ২৫ খবৰ

১. শনিবাৰৰ পৰা পুনৰ কৰ্মবিৰতি ১০৮ আৰু ১০২ কৰ্মচাৰীৰ। চৰকাৰে বঞ্চনা কৰাৰ অভিযোগত পুনৰ এনে সিদ্ধান্ত লয় জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলে।

২. মহানগৰীৰ কুমাৰপাৰাত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। ১০৮ৰ সৈতে যোগাযোগ কৰিও সঁহাৰি নোপোৱাত ক্ষুণ্ণ হৈ পৰে স্থানীয় ৰাইজ।

৩. জন্মু-কাশ্মীৰত বাছ দুৰ্ঘটনা। ৩০০ ফুট দ খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ। দুৰ্ঘটনাত নিহত ৪ জনকৈ লোক।

৪. ব্ৰহ্মপুত্ৰত যন্ত্ৰচালিত নাও চলোৱাত প্ৰশাসনৰ বাধা। মহানগৰীৰ চন্দ্ৰপুৰত বিপদজনকভাৱে যাত্ৰী কঢ়িওৱাৰ বাবে দুই নাৱৰীয়াসহ এখন যন্ত্ৰচালিত নাও জব্দ।

৫. মহানগৰীৰ মালিগাঁৱত উদণ্ড বাইক আৰোহীয়ে প্ৰহাৰ কৰিলে যান-বাহন আৰক্ষীক। আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি বলপূৰ্বকভাৱে অতিক্ৰম কৰিছিল পথ। ইয়াকে লৈ সংঘাত দুই পক্ষৰ।

৬. এপিএছচি কেলেংকাৰীক লৈ পুনৰ সৰৱ অখিল গগৈ। নিকা হোৱা নাই তদন্ত প্ৰক্ৰিয়া বুলি সংবাদমেলত অখিল গগৈৰ অভিযোগ।

৭. ৰঙিয়াৰ উদিয়ানাত মাছ মৰীয়াৰ জালত নুঠিল মাছ। উঠিল পৰিত্যক্ত পিষ্টল। ঘটনাক লৈ অঞ্চলজুৰি চাঞ্চল্য।

৮. মোহন ভাগৱত আৰু ৰাহুল গান্ধীৰ বাকযুদ্ধ তুংগত। 'মিষ্টাৰ ভাগৱত, দেশক সংগঠিত কৰিবলৈ আপুনি ভগৱান নেকি?' মোহন ভাগৱতক ৰাহুল গান্ধীৰ প্ৰত্যুত্তৰ।

৯. পশ্চিমবংগৰ ডিনাছপুৰৰ ছাত্ৰ আন্দোলনত দুজন প্ৰাক্তন ছাত্ৰৰ মৃত্যু। আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ প্ৰাক্তন ছাত্ৰদ্বয়ক।

১০. দেশৰ আগশাৰী গাড়ী নিৰ্মাণ কোম্পানী হোণ্ডাই মুকলি কৰিব নতুন 'হোণ্ডা চি আৰ-ভি'। ১৯ অক্টোবৰত গ্ৰাহকে ক্ৰয় কৰিব পৰাকৈ বজাৰত উপলব্ধ হ'ব গাড়ীখন।

১১. ভাৰত-পাক বিদেশ মন্ত্ৰী পৰ্যায়ৰ আলোচনা বাতিল। ভাৰতৰ অহংকাৰী আৰু ঋণাত্মক চিন্তাধাৰাত নিৰাশ হ'লো বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰতিক্ৰিয়া।

১২. আকৌ হ'ব পাৰে ৰাম মন্দিৰ আন্দোলন! বিশ্ব হিন্দু পৰিষদে ৫ অক্টোবৰত আহ্বান কৰিলে বৈঠক।

১৩. ২০০৫ৰ পৰা ২০১৬ৰ ভিতৰত ভাৰতৰ বাঢ়িছে মদ্যপান কৰা লোকৰ সংখ্যা। বিশ্ব স্বাহ্য সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ এই উদ্বেগজনক তথ্য।

১৪. দিল্লীত হ'ব ৰাষ্ট্ৰসংঘৰ কাৰ্যালয়। নতুন কাৰ্যালয় মুকলি কৰিবলৈ অক্টোবৰত ভাৰতলৈ আহিব ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টেনিঅ গুন্টাৰেজ।

১৫. শুকুৰবাৰে আমৰিকাত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। চলন্ত গাড়ীৰ ওপৰত খহি পৰিল এখন উৰাজাহাজ।

১৬. 'চিৰিয়া,আফগানিস্তানৰ পাছত সন্ত্ৰাসবাদ জৰ্জৰিত বিশ্বৰ তৃতীয়খন দেশ ভাৰত।' আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিবেদনত প্ৰকাশ এই তথ্য।

১৭. ইৰানত সৈন্যৰ পেৰেড চলি থকা সময়তে উপস্থিত দৰ্শকৰ ওপৰত অচিনাক্ত বন্দুকধাৰীৰ ধাৰাসাৰ গুলীবৰ্ষণত নিহত ২৪জন, আহত ৫৩জনৰো অধিক।

১৮. শনিবাৰে বলিউডৰ ছবি 'ব্ৰাটলা হাউছ'ৰ পোষ্টাৰ মুকলি। ছবিখনত মুখ্য চৰিত্ৰত জন আব্ৰাহম।

১৯. আফগানিস্তানত ট্ৰাক আৰু বাছৰ মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাতো নিহত হ'ল ১৫জনকৈ লোক।

২০. ৰাজনাথ সিঙে ৰাহুল গান্ধীক দিলে পৰাৰ্মশ ' বিনা প্ৰমাণেৰে অভিযোগ কৰাৰ পূৰ্বে এবাৰ ভাবক।'

২১. বিদেশত এক অনুষ্ঠানত অংশ ল'লে ছোনিয়া গান্ধীয়ে। গান্ধীৰ মন্তব্য- 'সমাজত মহিলাৰ সমতাৰ বাবে প্ৰথমে মানসিকতাৰ পৰিৰ্ৱতন হ'ব লাগিব।'

২২. তেঞ্জেনিয়াত শুকুৰবাৰে সংঘটিত হৈছিল জাহাজ দুৰ্ঘটনা। দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১৬৭লৈ বৃদ্ধি।

২৩. ৰাজস্থানত বিজেপিৰ পৰা পদত্যাগ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী যশৱন্ত সিঙৰ পুত্ৰ মানৱেন্দ্ৰ সিঙে। কংগ্ৰেছত যোগ দিয়াৰ সম্ভাৱনা সিঙৰ।

২৪. ধুবুৰী জিলাৰ বিলাসীপাৰাত আৰক্ষী অভিযান। অভিযানকালত আৰক্ষীয়ে জব্দ কৰে ৫৩ খন পঞ্জীয়নবিহীন ই-ৰিক্সা।

২৫. কেন্দ্ৰীয় চৰকাৰৰ কিছু জনবিৰোধী নীতিৰ বিৰুদ্ধে দিল্লীত সমাজবাদী সমাবেশ। অহা ২৩ চেপ্তেম্বৰত আয়োজিত সমাবেশত অংশ ল'ব অখিলেশ যাদৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in