১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. জে এন ইউৰ ছাত্ৰ একতা সভা নিৰ্বাচনত অসমৰ দুই ছাত্ৰী ক্ৰমে সৃজনী ভাস্ব মহন্ত আৰু কৰবী কাকতি নিৰ্বাচিত। স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাজিছৰ কাউঞ্চিলৰ পদত নিৰ্বাচিত এই দুই মেধাবী ছাত্ৰী।

২. ৰাজ্যত হিজবুল মুজাহিদীনৰ ঘাটি। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। 'ৰাইজৰ নিৰাপত্তাৰ বাবে চৰকাৰ দায়বদ্ধ, ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব উচিত ব্যৱস্থা।'

৩. ৰাজনীতিলৈ প্ৰশান্ত কিশোৰ। বিহাৰৰ নীতিশ কুমাৰ নেতৃত্বাধীন জে ডি ইউত যোগদান।

৪. নাজিৰাৰ বিহুবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনিল কুমাৰ বৰুৱাক শাস্তিমূলক বদলি। থানাত সোমাই নগা দুৰ্বৃত্তই সৃষ্টি কৰিছিল উত্তেজনাময় পৰিৱেশ। ব্যৱস্থা গ্ৰহণত বিফল হৈছিল বিষয়াগৰাকী।

৫. বলিউদৰ কোনো বিশেষ জনপ্ৰিয় অভিনেতা নথকা স্বত্তেও সদ্যমুক্তি প্ৰাপ্ত ছবি 'স্ত্ৰী'য়ে উপাৰ্জন কৰিলে ১০০ কোটি। ৰাজকুমাৰ ৰাৱ আৰু শ্ৰদ্ধা কাপুৰ অভিনীত এই ছবিখন চলিত বৰ্ষৰ ১০০ কোটি ক্লাৱত স্থান পোৱা ৯ নম্বৰ ছবি ।

৬. চাৰিমাহ ধৰি সন্ধানহীন হৈ আছে গোলাঘাট জিলাৰ মৰঙিৰ একেটা পৰিয়ালৰে তিনিজনকৈ লোক। ২৮ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ থকা পত্নী জুৰি গগৈ , কন্যা চুমি গগৈ আৰু ১০বছৰীয়া পুত্ৰ দিব্যমোহন গগৈক বিচাৰি হাহাকাৰ পৰিয়ালৰ।

৭. বিশ্বৰ সবোতকৈ ধনী ব্যক্তি তথা এমেজ'ন প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী জেফ বেজৌছে বিশ্বৰ দৰিদ্ৰলোক সকলৰ গৃহনিৰ্মান আৰু  শিশুসকলৰ বাবে ব্যয় কৰিব ১৪,৫০০ কোটি টকা। ১৩ ছেপ্টেম্বৰত টুইটাৰযোগে এই কথা ঘোষণা ।

৮. ৰাজ্যত নতুনকৈ হ'ব তিনিখন চিকিৎসা মহাবিদ্যালয়। নলবাৰী, তিনিচুকীয়া আৰু ডিফুত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে চৰকাৰে ১,০০০ কোটি টকা মোকলাই দিয়াৰ কথা ঘোষণা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

৯. আৰ এছ এছে বিশেষ আলোচনা চক্ৰলৈ নিমন্ত্ৰণ কৰিব মমতা বেনাৰ্জী আৰু মায়ামতীক। শেষ মুহূৰ্তত ৰাহুল গান্ধীক নিমন্ত্ৰণৰ সিদ্ধান্ত বাতিল আৰ এছ এছৰ।

১০. আজিৰ পৰা পুনৰ আৰম্ভ হ'ল মাজুলীত ফেৰী সেৱা। পুৱা ৭.৩০ বজাতে কমলাবাৰী ঘাটৰ পৰা চলিল নিমাতীঘাটলৈ ফেৰী। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে প্ৰশাসনে বন্ধ কৰি দিছিল ফেৰী সেৱা।

১১. প্ৰিয়ংকা চোপ্ৰাৰ ভাবিস্বামী নিক জনছাৰ ২৬ সংখ্যক জন্মদিন। কেলিফর্নিয়াত জন্মদিন উদযাপন। জন্মদিনৰ দিনাই মুকলিকৈ নিকক প্ৰিয়ংকাৰ চুম্বন।

১২. অসমত জেহাদীৰ তৎপৰতাৰ কথা মই আগৰ পৰাই কৈ আহিছো। চৰাঞ্চলত আৰু আছে জেহাদী। চলাব লাগে সেই অঞ্চলত অভিযান। হোজাইত হিজবুল মুজাহিদীনৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পাছত দিল্লীত এই প্ৰতিক্ৰিয়া হাজোইৰ বিধায়ক শিলাদিত্য দেৱৰ।

১৩. ছিক্কিমত ভূমিস্খলনৰ পাছত আৱদ্ধ হৈ পৰা শতাধিক লোকক উদ্ধাৰ। বায়ু সেনা আৰু স্থল সেনাৰ হেলিকপ্টাৰেৰে উদ্ধাৰ কৰে লোকসকলক।

১৪. ১৭-১৮ ছেপ্টেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে বাৰনাসীলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ১৮ ছেপ্টেম্বৰত বাৰনাসীত মুকলি কৰিব ৫০০কোটি টকীয়া উন্নয়ন প্ৰকল্পৰ আধাৰশিলা।

১৫. ৰেৱাড়ী গণধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত এতিয়াও পলাতক। বলাৎকাৰৰ গোচৰত দুজনক আটক। চৰকাৰে দিয়া ধন উভতালে ভুক্তভোগী ছাত্ৰীৰ মাতৃয়ে। ক'লে- 'টকা নালাগে, ন্যায় লাগে আমাক।'

১৬. দেওবাৰে পাটনাত সামৰণি পৰিল পূৱ মণ্ডল ৰাষ্ট্ৰীয় এথলেটিকছ। মুঠ ৪৫টা পদক লাভ অসমৰ। ইয়াৰে ১৩টা স্বৰ্ণ, ১৮টা ৰূপ আৰু ১৪টা ব্ৰঞ্জৰ পদক।

১৭. ২০১৮বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব আনন্দ ৰাম বৰুৱা বঁটা অধীনত লেপটপ। ১৮-২৭ ছেপ্টেম্বৰলৈ অনলাইনযোগে জমা দিব লাগিব প্ৰপত্ৰ।

১৮. জিএমচিৰ এলুমনি এছ'চিয়েশ্যনৰ নতুন কাৰ্যবাহী কমিটী গঠন। কমিটীখনৰ উপদেষ্টাৰূপে ডাঃ নৰেন্দ্ৰ নাথ দত্ত, ডাঃ ৰমেশ চন্দ্ৰ ডেকা আৰু ডাঃ গৌতম শইকীয়াক নিৰ্বাচিত। সভাপতি ডাঃ আতিন্দ্ৰ কুমাৰ অধিকাৰী।

১৯. যৌতুক সৰ্ম্পকীয় গোচৰত এতিয়াৰে পৰা অধিক তৎপৰ হ'ব লাগিব আৰক্ষী। তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰিব লাগিব অপৰাধী। উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশ।

২০. বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক এইচ ৰাজাৰ বিৰুদ্ধে তামিলনাডু আৰক্ষীৰ গোচৰ।  গণেশ মূৰ্ত্তি লৈ সমদল উলিওৱা সময়ত তেওঁ যাব বিচৰা এটা পথত আৰক্ষীয়ে বাধা দিয়াৰ বাবে আৰক্ষীক হিন্দু বিৰোধী আখ্যা দিছিল নেতা জনে।

২১. 'ছুজুকী' আৰু 'হোণ্ডাই'য়ে অচিৰেই ভাৰতত মুকলি কৰিব অত্যাধুনিক বিদ্যুতচালিত বাহন। প্ৰাৰম্ভিক পৰ্যায়ৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে।

২২. সলনি নহয় গোৱাৰ মুখ্যমন্ত্ৰী। মনোহৰ পাৰিকৰে মুখ্যমন্ত্ৰী হৈ থাকিব গোৱাৰ। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছে পাৰিকৰ। বৰ্তমান দিল্লীৰ এইমছত চিকিৎসাধীন।

২৩. ডুবাইত এচিয়া কাপৰ দ্বিতীয়খন খেল। শক্তিশালী পাকিস্তানৰ বিৰুদ্ধে দুৰ্বল হংকং। প্ৰথমে বেটিং কৰি ১১৬ৰানৰ লক্ষ্য পাকিস্তানক।

২৪. জন্মু-কাশ্মীৰৰ পৰা গঠন হ'ব আইপিএলৰ ক্ৰিকেট দল। খোদ ৰাজ্যপালে ল'লে এই প্ৰদক্ষেপ।

২৫. আৰু, সোমবাৰে উদযাপন হ'ব বিশ্বকৰ্মা পূজা। বিশ্ব খনিকৰক পূজিবলৈ চৌদিশে ব্যাপক প্ৰস্তুতি। মহানগৰীতো অলিয়ে-গলিয়ে সজা হৈছে বিশ্বকৰ্মা পূজাৰ মণ্ডপ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in