১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ৰাজ্যত বুধবাৰৰ দিনটোত কোভিডত নতুনকৈ আক্ৰান্ত হ'ল ২৫০ জন। এই সময়ছোৱাত মুঠ ৪৯,০৪৮ গৰাকী ব্যক্তিৰ দেহত পৰীক্ষা কৰা হৈছিল কোভিড। সেই অনুসৰি কোভিড আক্ৰান্তৰ হাৰ ০.৫১ শতাংশ।

২. দিনটোত সৰ্বাধিক কামৰূপ মহানগৰ জিলাত ১০৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল কোভিড। আনহাতে গোৱালপাৰাত ১৪, কামৰূপ গ্ৰাম্যত ১৩ আৰু লখিমপুৰত ১২ গৰাকী ব্যক্তিৰ দেহত নতুনকৈ ধৰা পৰিল কোভিড।

৩. বৰপেটা, চিৰাং, গোলাঘাট আৰু কামৰূপ মহানগৰ জিলাত বুধবাৰে ১ জনকৈ লোক কোভিডত আক্ৰান্ত হৈ মৃত্যু হয়।

৪. নগাঁৱৰ বিশিষ্ট ব্যবসায়ী সঞ্জীব কুমাৰ বৰুৱাই বুধবাৰে মৃত্যুক সাবতি লয় ৷ দিছপুৰ হাস্পাতালত মৃত্যুক সাবতি লোৱা সঞ্জীব কুমাৰ বৰুৱাৰ মৃত্যুয়ে শোঁকৰ ছাঁ পেলাইছে নগাঁও চহৰত ৷ 

৫. নগাঁও জিলাৰ জাজৰি আৰক্ষী থানা অন্তৰ্গত জামুগুৰি চাৰিআলিত বুধবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।নগাঁৱৰ দিশৰ পৰা আহি থকা AS 02 B 0334 নম্বৰৰ দ্ৰুতবেগী হোণ্ডাই গ্ৰেণ্ড আই টেন গাড়ীয়ে AS 21 G 5350 নম্বৰৰ বাইকক মহতিয়াই নি AS 02 S 9967 নম্বৰৰ টাটা জেষ্ট গাড়ীখনত খুণ্ডা মাৰেগৈ।

৬. ঘটনাত বাইক আৰোহী গৰাকী গুৰুত্বৰ ভাবে আহত হয়। পাছত স্থানীয় লোকৰ তৎপৰতাত আহত গৰাকীক চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয়। ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা গাড়ী জব্দ কৰে। 

৭. কলিয়াবৰৰ পৰা তেজপুৰ, গহপুৰ হৈ নুমলীগড়ত ৩৭ নং ৰাষ্ট্ৰ্ৰীয় ঘাইপথ সংযোজন কৰাৰ বাবে নিৰ্মাণ কৰি থকা চাৰিলেনযুক্ত পথটোৰ নিৰ্মাণ কাৰ্য ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ দাবী জনাই গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে।

৮. দুবছৰৰ পিছত জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদ দেখা নাপাব। ভাৰত চৰকাৰে এই দিশত কাম কৰি আছে: জম্মুত এক সমাৱেশত লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই এইদৰে কয়।

৯. উত্তৰ প্ৰদেশ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে বায়ু প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি গাজিয়াবাদ, গৌতম বুদ্ধ নগৰ, মীৰাট, বাগপত, মুজাফ্ফৰনগৰ, চামলি আৰু বুলন্দচহৰৰ শিক্ষা প্ৰতিষ্ঠানসমূহ বন্ধ ৰখাৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰিছে।

১০. গুৰুগ্ৰামত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কৈছে যে, হাৰিয়ানা চৰকাৰে বাহনৰ বাবে অড-ইভেন আঁচনি ৰূপায়ণ কৰাৰ পৰিকল্পনা কৰিছে।

১১. কোৰোনাৰ ঘটনা বৃদ্ধি হোৱাৰ বাবে ১৫ নৱেম্বৰৰ ভিতৰত লেহত বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। লাডাখত যোৱা 2 সপ্তাহত কোভিডৰ ঘটনা বৃদ্ধি পাইছে। প্ৰতিদিনে ২৫-৩০ টাকৈ নতুন কেচেদেখিছোঁ। বৰ্তমান, জিলাখনত ১৯৬ টা কোৰোনাৰ ঘটনা আছে।

১২. নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষকে ধৰি কেইবাজনো ছাত্র-ছাত্ৰী আক্ৰান্ত হোৱাৰ পাছত জিলা খনৰ ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে। শেহতীয়াকৈ জিলা খনৰ ৰূপহী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ এখন প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষয়িত্ৰী কোভিড ১৯ ত আক্ৰান্ত হোৱাৰ ঘটনাই চামগুৰিত ৰাইজৰ মাজত আতংকৰ পৰিৱেশে বিৰাজ কৰিছে।

১৩. কেন্দ্ৰীয় চৰকাৰৰ " হৰ ঘৰ দস্তক" টিকাকৰণ অভিযানৰ অধীনত অসম চৰকাৰেও সমগ্ৰ ৰাজ্যত এই পৰ্য্যন্ত ৰৈ যোৱা সকলো যোগ্য হিতাধিকাৰী সকলক প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰিছে । এই উদ্দেশ্যে বুধবাৰে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই নগাঁও জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভা-কক্ষত জিলাখনৰ কোভিড টিকাকৰণৰ শেহতীয়া স্থিতিকে প্ৰমুখ্য কৰি এখনি পয্যালোচনা সভাত মিলিত হয় ।

১৪. মধ্যপ্ৰদেশ চৰকাৰে ৰাজ্যখনত কোৰোনা মহামাৰী সম্পৰ্কীয় সকলো নিষেধাজ্ঞা সম্পূৰ্ণৰূপে উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। নতুন নিয়মবোৰ বুধবাৰে নিশা ১২ বজাৰ পৰা কাৰ্যকৰী হ'ব।

১৫. মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে ৰাজ্যখনৰ কোৰোনাৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে। ৰাজ্যখনত এতিয়া মাত্ৰ ৭৮ গৰাকী সক্ৰিয় ৰোগী আছে। সেয়েহে, আমি ৰাজ্যখনত আৰোপ কৰা সকলো কোৰোনা নিষেধাজ্ঞা উঠাই লোৱাৰ সিদ্ধান্ত লৈছো।

১৬. ২০২২ত পৰা সলনি হ'ব ৰাজ্যৰ শিক্ষা ব্যৱস্থা। মহাবিদ্যালয়ত সংলগ্ন নাথাকিব একাদশ-দ্বাদশ শ্ৰেণী। নতুন শিক্ষা নীতি বলবৎ হোৱাৰ পাছতে এই সলনি শিক্ষা ব্যৱস্থাত।

১৭. একাদশ-দ্বাদশ শ্ৰেণীৰ নামভৰ্তি বিদ্যালয়তে কৰিব লাগিব। মহাবিদ্যালয় সমূহৰ লগত নতুনকৈ সংযোজন হ'ব স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাসমূহ। এই কথা স্পষ্ট কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

১৮. কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচিৰ বিধান পৰিষদীয় ভৱনত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বিটিচিৰ শীতকালিন অধিবেশন আৰম্ভ হৈছে। বুধবাৰৰ পৰা আৰম্ভ হোৱা শীতকালিন অধিবেশনত কেবাখনো বিধেয়ক গৃহীত হোৱাৰ সম্ভাৱনা আছে যদিও বিপিএফৰ একাংশ পাৰিষদে বিটিচি চৰকাৰৰ নীতি নিয়মক লৈ তুমুল তৰ্ক বিতৰ্কত লিপ্ত হয়। 

১৯. বিটিচি অধিবেশনখনত সংবাদ মাধ্যমক মোবাইল ফোন লৈ বিধান পৰিষদীয় ভৱনৰ ভিতৰত প্ৰৱেশত বাধা প্ৰদান কৰে। অধিবেশন চলাকালিন অৱস্থাত পৰিষদীয় ভৱনত মোবাইল লৈ প্ৰৱেশত অধ্যক্ষই নিষেধাজ্ঞা জাৰি কৰাত কোকৰাঝাৰ প্ৰেছ ক্লাৱৰ সংবাদ কৰ্মী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷

২০. ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম ন্যায়াধীশ এম দুৰাইস্বামীক উচ্চ ন্যায়ালয়ৰ কাৰ্যকৰী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে যেতিয়ালৈকে ন্যায়াধীশ মুনীেশ্বৰ নাথ ভাণ্ডাৰীয়ে উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ হিচাপে যোগদান নকৰে।

২১. দক্ষিণ কাশ্মীৰৰ কুলগামৰ গোপালপোৰাত সংঘৰ্ষত দুজন সন্ত্ৰাসবাদী নিহত হৈছে। তেওঁলোক দুয়োজন ৰেজিষ্টেন্স ফ্ৰণ্টৰ (টিআৰএফ) অন্তৰ্ভুক্ত।

২২. পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ মুৰব্বী তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক বুধবাৰে শ্ৰীনগৰত তেওঁৰ বাসগৃহত গৃহবন্দী কৰি ৰখা হয়। তেওঁ চহৰখনৰ প্ৰেছ কলনীত এক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গৈছিল।

২৩. গুজৰাটৰ ৰাজ্যিক স্বাস্থ্য বিভাগৰ মতে, বুধবাৰে নতুনকৈ ৫৪ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড। বৰ্তমান ৰাজ্যখনত কোভিডৰ সক্ৰিয় কেচ-২৯১ গৰাকী।

২৪. দিল্লীত নিৰ্মাণ কাৰ্য ২১ নৱেম্বৰলৈকে বন্ধ ৰখা হৈছে। পৰৱৰ্তী অৰ্ডাৰ লৈকে বিদ্যালয়, মহাবিদ্যালয় আৰু প্ৰতিষ্ঠান সমূহ বন্ধ ৰখা হৈছে।

২৫. দিল্লীৰ লগতে হাৰিয়ানা, ৰাজস্থান, উত্তৰপ্ৰদেশত বায়ু মণ্ডল প্ৰদূষিত হোৱাৰ বাবে বায়ু গুণমান নিৰীক্ষণ আয়োগে গ্ৰহণ কৰিছে কেইবাটাও সিদ্ধান্ত। নিষেধাজ্ঞা আৰোপ কৰা হৈছে বিভিন্ন ক্ষেত্ৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in