১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. অসমত উপস্থিত এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি।

২. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক কেবিনেট মন্ত্ৰীসকলে আদৰণি জনালে দ্ৰৌপদী মুৰ্মুক।

৩. বৰঝাৰ বিমান বন্দৰত বিহু তথা জনজাতীয় নৃত্যৰে আদৰণি জনোৱাৰ লগতে বিশাল কনভয়ৰে হোটেল ৰেডিশ্যন ব্লুলৈ লৈ অনা হৈছে দ্ৰৌপদী মুৰ্মুক।

৪. অসম চৰকাৰৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰৰ পৰা দিয়া নহয় আনন্দৰাম বৰুৱা বঁটা। ইয়াৰ বিপৰীতে দিয়া হ'ব ১৬ হাজাৰকৈ টকা।

৫. অসমৰ ৫টা ইছলাম ধৰ্মাৱলম্বী লোকলৈ স্বীকৃতি। গৰীয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়েদলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি।

৬. নগৰ উন্নয়ন চেয়াৰমেন, সদস্যসকলৰ পাৰিতোষিক বৃদ্ধি। পৌৰপতিৰ দৰমহা ১০ৰ পৰা ১৫ হাজাৰ টকালৈ বৃদ্ধি।

৭. উপ-পৌৰপতিৰ দৰমহা ৭ৰ পৰা ১২ হাজাৰ টকালৈ বৃদ্ধি। সদস্যৰ দৰমহা ৫ৰ পৰা ১০ হাজাৰ টকালৈ বৃদ্ধি।

৮. প্রাক্তন সৈনিক আৰু তেওঁলোকৰ পত্নীয়ে দিব নালাগে সম্পত্তি কৰ। Msme উদ্যোগৰ Credit Guranteeৰ বাবে ১০০ কোটি টকাৰ ক'ৰ্পাছ ফাণ্ড। অসম চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত।

৯. দিল্লীৰ পৰা ডুবাই অভিমুখে উৰা মৰা স্পাইছজেটৰ বিমানত বিসংগতি। পাকিস্তানৰ কৰাচীত জৰুৰী অৱতৰন।

১০. পঞ্জাৱৰ কপুৰথালাত অনুষ্ঠিত ফেডাৰেচন কাপত অসমৰ ৪ জনৰ সোণৰ পদক লাভ।

১১. সোণৰ পদক লাভ কৰা সকল ক্ৰমে নগাঁৱৰ বঢ়মপুৰৰ সাৰদ নেওঁগ,কামৰূপৰ আদিত্য জ্যোতি শইকীয়া,হোজাইৰ যুৱতী বেবি সাহা আৰু জাগীৰোড পেপাৰ মিল কলনী লনী দাৰফাঙ ৷

১২. ৰঙিয়াত কেইবালক্ষাধিক ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ। GKK পেট্র'ল পাম্পৰ সমীপৰ পৰা ড্রাগছসহ আটক সৰবৰাহকাৰীক।

১৩. চফিকুল আলী নামৰ এটা ড্রাগছ সৰবৰাহকাৰীক আটক। তেওঁৰ পৰা আৰক্ষীয়ে জব্দ ৩১০ গ্রাম ওজনৰ ২.৫০ কোটি টকা মূল্যৰ ড্রাগছ।

১৪. নগাঁৱৰ কচুৱাৰ বাবৰআটিত অঘটন। বাঢ়নী পানীত সলিল সমাধি এটি ৪ বছৰীয়া শিশুৰ। মৃত শিশুটিৰ নাম মতিবুৰ ইছলাম।

১৫. সৰুপথাৰ আৰক্ষীৰ জালত ৩ চুপাৰি সৰবৰাহকাৰী। আটক টনী কুমাৰ, দীপক আৰু নয়ন ঘোষক। আটকাধীন দীপকৰ ঘৰ মুম্বাইত বুলি জনাইছে আৰক্ষীয়ে।

১৬. মানকাচৰৰ ৰাঙ্গাপীনা গাঁৱত অঘটন। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু আব্দুল জলিল নামৰ এজন লোক।

১৭. ১১ হাজাৰ ভল্টেজ তাঁৰত স্পৰ্শ হৈ থিতাতে মৃত্যু লোকজনৰ। গৃহ নিৰ্মাণস্থলীৰ সমীপৰে পাৰ হোৱাৰ মুহূৰ্তত এই ঘটনা।

১৮. ভুৱা আছিল নগাঁৱৰ কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ ঘটনা। CID-এ নগাঁও CJM আদালতত দাখিল কৰিলে চাৰ্জশ্বীট।

১৯. CIDৰ চাৰ্জশ্বীটত অভিযুক্ত কৰিলে আৰক্ষী বিষয়া প্রদীপ বণিয়াক। ঘটনাৰ পিছতেই নগাঁৱৰ পৰা বদলি কৰিছিল SP আনন্দ মিশ্রক।

২০. গুৱাহাটীত VIVOৰ কাৰ্যালয়ত EDৰ অভিযান। খ্রীষ্টানবস্তিৰ মাণ্ডলিক কাৰ্যালয়ত এই অভিযান।

২১. গুৱাহাটী আৰু কলকাতাৰ বিষয়াৰ সহযোগত এই অভিযান। ৰং চেং ম'বাইল ইণ্ডিয়া প্রাইভেট লিমিটেডৰ বিৰুদ্ধে অভিযোগ।

২২. প্রতিষ্ঠানখনৰ বিৰুদ্ধে কেইবা কোটি টকাৰ ভুৱা বিলৰ অভিযোগ।

২৩. সাংবাদিকতাৰে জড়িত শিক্ষকক নিলম্বন। মুকালমুৱাৰ ৰাজেন ডেকাক নিলম্বন শিক্ষা বিভাগৰ।

২৪. লাওপাৰা হাইস্কুলৰ সহকাৰী শিক্ষক ৰাজেন ডেকা। এখন বাতৰি কাকতৰ স্থানীয় সাংবাদিকৰূপে কৰ্মৰত আছিল ডেকা।

২৫. নগাঁৱত জাপানীজ এনকেফেলাইটিজৰ আতংক। এনকেফেলাইটিজত আক্রান্ত বানপীড়িত অঞ্চলৰ ৬জন লোক। আক্রান্তসকল প্রবীণ বৰা, খীৰকান্ত শইকীয়া, আকমলআক্রান্ত ছাহিদা খাতুন, সদানন্দ বৰুৱা আৰু লক্ষীকান্ত নাথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in