১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. চিকাগোৰ উত্তৰ উপনগৰ ইলিনয়ৰ হাইলেণ্ড পাৰ্কত স্বাধীনতা দিৱসৰ কুচকাৱাজৰ পেৰেডৰ মাজতে গুলীচালনা। আমেৰিকাৰ সংবাদ মাধ্যমকৰ বাতৰি অনুসৰি হাইলেণ্ড পাৰ্কৰ কাষত দেখা গৈছে এজন শ্বুটাৰ।

২. মহাৰাষ্ট্ৰ বিধানসভাত আস্থাভোটত জয়লাভ কৰিলে একনাথ সিন্দেয়ে। সিন্দেয়ে মুঠ ১৬৪ টা ভোট লাভ কৰিলে। ইয়াৰ ভিতৰত ৪০ টা ভোট বিদ্ৰোহী শিৱসেনাৰ বিধায়কৰ, ১৮ টা ভোট নিৰ্দলীয় বিধায়কৰ আৰু বাকী কেইটা ভোট বিজেপিৰ।

৩. মুখ্যমন্ত্ৰী হিচাপে একনাথ সিন্দেয়ে মহাৰাষ্ট্ৰৰ বিধানসভাত দিলে প্ৰথমটো ভাষণ। ভাষণৰ মাজতে প্ৰয়াত ২ সন্তানক সোৱৰি আৱেগিক হৈ পৰিল একনাথ সিন্দে।

৪. শীঘ্ৰে মহাৰাষ্ট্ৰ ইন্ধনৰ ভেট হ্ৰাস কৰিব বুলি প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী একনাথ সিন্দেয়ে।

৫. আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাত পুনৰ পদক লাভ কৰিলে যমুনা বড়োৱে। ২ বছৰৰ মূৰত যমুনাই লাভ কৰিলে ৰূপৰ পদক।

৬. দিল্লী উচ্চ ন্যায়ালয়ে সুৰাৰ বটলৰ ওপৰত স্বাস্থ্য সতৰ্কবাণী বিচাৰি আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে।

৭. মাণিকপুৰৰ ঝাউবাৰীত মাৰপিটৰ ঘটনা। মাছ ধৰা জালক কেন্দ্র কৰি দুজনৰ মাজত কাজিয়াৰ সূত্রপাত।

৮. আক্রমণ-প্রত্যাক্রমণত এজন নিহত, এজন আহত। নিহত লোকজনৰ নাম দেৱব্রত পাটগিৰি। গুৰুতৰভাৱে আহত মনোৰঞ্জন ৰায় নামৰ লোকজন। ঘটনাস্থলীত আৰক্ষী উপস্থিত।

৯. কাৰ্বি আংলং জিলাৰ লাংহিনত ভয়ংকৰ পথ দুৰ্ঘটনা। দহচকীয়া ট্রাকৰ খুন্দাত থিতাতে নিহত ৩ যুৱক।এখন বাইকেৰে বিপৰীত দিশৰ পৰা আহিছিল ৩ বাইক আৰোহী।

১০. মৃত যুৱককেইজন ধেণ্টাঘাটৰ নয়ন দে, হৃতিক বসুমতাৰী। মৃত আনজন যুৱকৰ নাম ৰাইদাউ বসুমতাৰী।

১১. শ্বাৰ্জিল ইমামে অভিযোগ কৰিছে যে তেওঁক কাৰাগাৰত আক্ৰমণ কৰা হৈছে। এই বিষয়টোত তেওঁ আদালতৰ কাষ চাপিছে।

১২. মণিপুৰৰ ভূমিস্খলনত সন্ধানহীন ৰে'ল বিভাগৰ অভিযন্তাগৰাকীৰ মৃতদেহ উদ্ধাৰ। সোমবাৰে উদ্ধাৰ অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহ।

১৩. জিৰিবাম-ইম্ফল নিউ ৰে'লৱে লাইনৰ কামত নিয়োজিত আছিল তালুকদাৰ। গোলকগঞ্জৰ কালডোৱা ২য় খণ্ড গাঁৱত ঘৰ কমলেশ তালুকদাৰৰ।

১৪. বজালীৰ গলিয়াত আৰক্ষী-আবকাৰী বিভাগৰ অভিযান। ৱেলকাম ৰিজ'ৰ্ট ধাবাত এই অভিযান। ধাবাখনৰ স্বত্বাধিকাৰী জইনাল আবেদিনক গ্রেপ্তাৰ।

১৫. দীৰ্ঘদিনৰ পৰা ধাবাখনত অনৈতিক কাৰ্য চলাৰ অভিযোগ। অভিযানত বহুতো আপত্তিজনক নথি-পত্র জব্দ।

১৬. কাকপথাৰৰ সংঘৰ্ষ সন্দৰ্ভত তিনিচুকীয়া আৰক্ষী অধীক্ষকৰ সংবাদমেল। দীৰ্ঘদিনৰ পৰা তিনিচুকীয়াত সশস্ত্র আলফা বিচৰণৰ তথ্য লাভ আৰক্ষীৰ।

১৭. উক্ত তথ্যৰ ভিত্তিতে কাকপথাৰত চলোৱা হৈছিল অভিযান। কূটাঘাতৰ পৰিকল্পনা থকা সন্দেহত সংঘৰ্ষত লিপ্ত আলফা(স্বাঃ)ৰ দলটো। আলফা(স্বাঃ)ৰ দলটো নিৰাপদ স্থানলৈ আঁতৰি যোৱাৰ সন্দেহ। সংঘৰ্ষত দুই-এজন উগ্রপন্থী সামান্য আঘাতপ্রাপ্ত হোৱাৰো সন্দেহ আৰক্ষীৰ।

১৮. পুঁজিবাদ, সাম্যবাদ হৈছে শাসনৰ চৰম প্ৰকাৰ, সমবায় আৰ্হি ভাৰতৰ বাবে সৰ্বশ্ৰেষ্ঠ। এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।

১৯. সেনাই আজি অমৰনাথ যাত্ৰাৰ পৰা উভতি অহা এজন ৫০ বছৰীয়া তীৰ্থযাত্ৰীক স্থানান্তৰ কৰে। ব্ৰাৰিমাৰ্গৰ ওচৰত ভাৰসাম্যহীন হৈলোকজন নদীৰ ফালে প্ৰায় ১০০ ফুট তললৈ বাগৰি পৰিছিল।

২০. গুৰুতৰ আঘাত প্ৰাপ্ত হোৱা ব্যক্তিজনক সেনাৰ দলটোৱে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হেলিকপ্টাৰৰ জৰিয়তে শ্ৰীনগৰলৈ স্থানান্তৰ কৰে।

২১. ইজিপ্তৰ বায়ু সেনাৰ মুৰব্বী এয়াৰ মাৰ্শ্বেল মহম্মদ আব্বাছ হেল্মি মোঃ হাছেমে আজি আই এ এফৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বেল ভি আৰ চৌধুৰীক সাক্ষাৎ কৰে আৰু পাৰস্পৰিক স্বাৰ্থ আৰু প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়সমূহ আলোচনা কৰে।

২২. সোণাৰিৰ ৰতনপুৰ চাহ বাগিচাত শ্রমিকৰ মৃত্যুক লৈ উত্তেজনা। চাহ বাগিচাৰ নলাত পৰি মৃত্যু এজন শ্রমিকৰ। চাহ বাগিচাৰ কৰ্তৃপক্ষই খন্দা বৃহৎ নলাত পৰি মৃত্যু শ্রমিকজনৰ।

২৩. নলাত পৰি মৃত্যু গোন্ধৰু প্রজা নামৰ শ্রমিকজনৰ। বাগিচাখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্রকাশ স্থানীয় শ্রমিকসকলৰ।

২৪. গোলাঘাটৰ মৰঙী মৌজাৰ কৌৱানী পথাৰত অঘটন। বজ্রপাতত মৃত্যু এজন যুৱকৰ।

২৫. মৃত যুৱকজন মেৰাপানী ৰতনপুৰৰ ঋতু বাগ। পথাৰত কাম কৰি থকা অৱস্থাত এই ঘটনা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in