১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক দিল্লী আৰক্ষীয়ে ১৫৩/২৯৫ আইপিচি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে।

২. অল্ট নিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই টুইট কৰিছিল যে মহম্মদ জুবেইৰক "বুৰাৰীত থকা তেওঁৰ বাসগৃহত এজন কৰ্তব্য দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হ'ব। তেওঁক বৰ্তমান বুৰাৰীত এখন আৰক্ষীবাছৰ ভিতৰত এঘণ্টাৰো অধিক সময় ধৰি আটক কৰি ৰখা হৈছে।"

৩. দেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিশেষজ্ঞই কোভিড সম্পৰ্কীয় নীতি,নিয়মসমূহ পালন কৰাৰ লগতে তাৰ্থী যাত্ৰা পৰিহাৰ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

৪. পুনৰ ৰাছিয়াৰ মিছাইলে পূব ইউক্ৰেইনৰ এক জনবহুল অঞ্চলত আঘাত কৰিছে। অঞ্চলটোত থকা এটা মল সম্পূৰ্ণ ৰূপে ধ্বংস হোৱাৰো খবৰ পোৱা গৈছে।

৫. এই ঘটনাত কিমান লোকৰ প্ৰাণ হানি হৈছে সেই বিষয়ে সবিশেষ তথ্য প্ৰকাশ পোৱা নাই যদিও ১০ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে ২০০ ৰো অধিক লোক আহত হোৱাৰ আশংকা কৰা হৈছে।

৬. প্ৰধানমন্ত্ৰী মোডীয়ে জি-৭ ৰ বৈঠকত অংশগ্ৰহণৰ বাবে গৈছে। এই বৈঠকৰ মাজতে মোডীয়ে উৎপাদনশীল আলোচনাত ইউৰোপীয় আয়োগৰ সভাপতি উৰসুলা ভন ডেৰ লেয়েনৰ সৈতে বৈঠকত মিলিত হৈছে।

৭. এই বৈঠকত বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, জলবায়ু কাৰ্যত ভাৰত-ইউৰোপীয় ইউনিয়নৰ সহযোগিতাৰ পৰ্যালোচনা কৰে।

৮. অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে ২৩ লাখ টকাৰ ১০৭ খন দুচকীয়া বাহন উদ্ধাৰ কৰিছে। আনহাতে বৈধ নথিপত্ৰ অবিহনে চুৰি আৰু বিক্ৰী কৰা ২ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

৯. নৱ বিবাহিত বলিউড দম্পত্তি ৰনবীৰ কাপুৰ আৰু আলিয়া ভাটে দিলে ভাল খবৰ। মাতৃ হ'বলৈ আগবাঢ়িছে আলিয়া।

১০. বৰ্ধিত কোভিডৰ প্ৰতি লক্ষ্য ৰাখি তামিল নাডুৰ কেইবাখনো জিলাত মাস্ক পৰিধান বাধ্যতামূলক কৰা হৈছে। মাস্ক পৰিধান নকৰিলেই ভৰিব লাগিব ৫০০ টকাৰ জৰিমণা।

১১. পশ্চিম কাৰ্বি আংলঙত হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীৰ আক্রমণত গুৰুতৰভাৱে আহত এটি কিশোৰ।

১২. হাতীৰ আক্ৰমণত আহত কিশোৰটিৰ নাম বৰিম ফাংচ। সপ্তম শ্ৰেণীত অধ্যয়ন কৰি আছে বৰিমে।

১৩. জামুগুৰিহাটৰ ১৫নং ৰাষ্ট্রীয় ঘাইপথত পথ দুৰ্ঘটনা।থিতাতে নিহত দুজন যুৱক। পথৰ কাষত ৰৈ থকা ট্রাকত খুন্দা বাইকসহ আৰোহীৰ।

১৪. তেজপুৰৰ পৰা বিশ্বনাথ চাৰিআলি অভিমুখী আছিল বাইকখন। নিহতদ্বয় জামুগুৰিহাট শলগুৰিৰ মিণ্টু শইকীয়া, বাবু শইকীয়া। দুৰ্ঘটনাগ্রস্ত বাইকখনৰ নম্বৰ AS-12 AA 0966।

১৫. কলিয়াবৰৰ জখলাবন্ধাৰ ৰাঙলুত অঘটন। ৰখাই থোৱা অৱস্থাত ট্রাকৰ ভিতৰত হেণ্ডিমেনৰ মৃত্যু। পথৰ কাষত ট্রাকখন ৰখাই জিৰণি লৈছিল চালক-হেণ্ডিমেনে।

১৬. মৃত ট্রাকখনৰ হেণ্ডিমেনজনৰ নাম ৰাজু। ট্রাকখনৰ তলৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰে ৰাজুক। চিকিৎসালয়লৈ প্রেৰণ কৰে যদিও ৰাজুক মৃত ঘোষণা চিকিৎসকৰ।

১৭. মেঘালয়ৰ পশ্চিম গাৰো পাহাৰত ভূমিস্খলন। ছিজুৰ ওচৰৰ ৰংডং নামৰ ঠাইত এই ভূমিস্খলন।

১৮. ভূমিস্খলনৰ ফলত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি। ধাৰাষাৰ বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পৰাৰ সন্দেহ।

১৯. অসমৰ বান পীড়িতৰ কাষত থিয় দিছে বলিউড অভিনেতা আমীৰ খান। আমীৰ খানে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে ২৫ লাখ টকা।

২০. কইনাধৰাত আছুৰ গোপন বৈঠক সন্দৰ্ভত মন্ত্রী অতুল বৰাৰ প্ৰতিক্ৰিয়া। এয়া কোনো গোপন বৈঠক নহয় বুলি মন্তব্য মন্ত্ৰী বৰাৰ।

২১. 'সকলোতে সংবাদ মাধ্যমক মাতিব লাগিব বুলিতো কথা নাই, আমি সংবাদ মাধ্যমক জনাব লাগে বুলি নাভাবো বুলিও মন্তব্য কৰিলে মন্ত্ৰী বৰাই।

২২. ৰঙিয়াত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। ২৬২ গ্রাম হেৰ'ইনসহ আটক সৰবৰাহকাৰীক।

২৩. ধৃত সৰবৰাহকাৰীটোৰ নাম আনোৱাৰ হুছেইন ওৰফে ৰাজু। ৰঙিয়াৰ ৰাষ্ট্রীয় ঘাইপথত এখন বাছৰ পৰা জব্দ ড্রাগছখিনি। জব্দকৃত ড্রাগছখিনিৰ বজাৰ মূল্য প্রায় ২ কোটি টকা।

২৪. অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী। কংগ্রেছৰ প্রাক্তন মন্ত্রী মহিবুল হকৰ অগপত যোগদান।

২৫. অগপত যোগদান AIUDFৰ প্রাক্তন বিধায়ক ৰছুল হক বাহাদুৰৰ। অধিবক্তা, অভিযন্তাকে ধৰি প্রায় ১৫০ লোকে আজি অগপত যোগদান কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in