১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. মুখ্যমন্ত্ৰীৰ আৱাসগৃহ ত্যাগ কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে। মহাৰাষ্ট্ৰৰ ৰাজপথলৈ উদ্ধৱ ঠাকৰেৰ সমৰ্থনত ওলাই আহিছে হাজাৰ হাজাৰ লোক।

২. পুনৰ ৪ জন বিসম্বাদী বিধায়ক আহি গুৱাহাটীত উপস্থিত হৈছে। ৪ গৰাকী বিধায়ককে বিমানবন্দৰৰ পৰা পোনে পোনে হোটেল ৰেডিচন ব্লুলৈ লৈ যোৱা হৈছে।

৩. ৰাজ্যৱাসীক সম্বোধন কৰি মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে আজি আগবঢ়ালে এক আৱেগিক ভাষণ। এজন বিধায়কেও যদি তেওঁ মুখ্যমন্ত্ৰী হৈ থকাটো নিবিচাৰে বুলি উল্লেখ কৰে তেন্তে তেওঁ বিনা প্ৰতিবাদে মুখ্যমন্ত্ৰীৰ আসন ত্যাগ কৰিলে হয়।

৪. মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটৰ বাবে কংগ্ৰেছে জ্যেষ্ঠ নেতা কমল নাথক ৰাজ্যখনৰ পৰ্যবেক্ষক নিয়োগ কৰিছে।

৫. বহু পূৰ্বেই ৰচনা হৈছিল মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সমীকৰণ। এসপ্তাহ পূৰ্বেই চৰকাৰী ভাৱে বুক কৰা হৈছিল হোটেল ৰেডিচন ব্লুৰ কোঠা।

৬. পুনৰ কৃষক নামিব ৰাজপথত। বিতৰ্কিত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে কৃষকে দিল্লীত কৰিব প্ৰতিবাদ। কৃষক নেতা ৰাকেশ টিকাইতে ঘোষণা কৰিলে এই কথা।

৭. অগ্নিপথ আঁচনিৰ বিৰুদ্ধে বৰ্তমানলৈকে হোৱা হিংসাত্মক প্ৰতিবাদত ৰে'ল বিভাগৰ মুঠ ৭০০ কোটি টকা লোকচান হৈছে বুলি প্ৰকাশ পাইছে।

৮. ৰাছিয়াৰ ক্ৰীড়া মন্ত্ৰী ওলেগ মাতিৎছিনে দিল্লীত দেশৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰৰ সৈতে এক বৈঠৰত মিলিত হৈছে।

৯. এই বৈঠৰত ক্ৰীড়া ক্ষেত্ৰত দুয়োখন দেশৰ মাজত সহযোগিতাৰ বিষয়ে আলোচনা কৰা হৈছে। বৈঠকত ভাৰতস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভও উপস্থিত আছিল।

১০. দৰঙৰ দলগাঁৱৰ ৩নং বৰুৱাঝাৰত অঘটন। গেছ পাইপ লাইনৰ বাবে খন্দা নলাত পৰি কিশোৰীৰ মৃত্যু। দৈপাম-বেছিমাৰী অঞ্চলৰ নলাত সংঘটিত এই ঘটনা।

১১. মৃত কিশোৰীগৰাকীৰ নাম জান্নাত তাৰা। দৈপাম আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।

১২. আফগানিস্তানৰ বিধ্বংসী ভূমিকম্পত বৃদ্ধি মৃতকৰ সংখ্যা। ভূমিকম্পত বৰ্তমানলৈকে প্রায় ১০০০জন লোক নিহত হৈছে।

১৩. বিধ্বংসী ভূমিকম্পটোত ১৫০০ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্রাৱল্য আছিল ৬.১।

১৪. মৰিগাঁৱৰ লাহৰীঘাটত আৰক্ষীৰ গুলীচালনা। ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযানৰ সময়ত গুলীচালনা। লাহৰিঘাটৰ ধিংআটি গাঁৱত আৰক্ষীৰ শূন্যলৈ গুলীচালনা।

১৫. অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰিছিল ড্রাগছ সৰবৰাহকাৰী। আৰক্ষীয়ে আটক কৰে ছফিকুল ইছলাম নামৰ সৰবৰাহকাৰীটোক। ছফিকুল ইছলামৰ পৰা জব্দ ৩১টা কণ্টেইনাৰ।

১৬. বৰপেটাৰ সৰুক্ষেত্রীৰ বেতবাৰীৰ পাথাৰ গাঁৱত বান সাহায্য চুৰি। গাঁও পঞ্চায়তৰ সদস্যাৰ স্বামীয়ে চুৰি কৰিলে বান সাহায্য আইনুদ্দিন নামৰ লোকজনে চুৰি কৰিছিল ১ বস্তা দাইল।

১৭. মহাৰাষ্ট্ৰৰ মন্ত্ৰী তথা মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ পুত্ৰ আদিত্য ঠাকৰেয়ে তেওঁৰ মাতৃ ৰশ্মি ঠাকৰে আৰু ভাতৃ তেজছ ঠাকৰেৰ সৈতে পিতৃৰ পিছে পিছে মুখ্যমন্ত্ৰীৰ আৱাসগৃহ ত্যাগ কৰিছে।

১৮. ভাৰতত উপলব্ধ হ'ল তেজ পৰীক্ষাৰ দ্বাৰাই স্তনৰ কৰ্কট ৰোগ চিনাক্ত কৰিব পৰা ব্যৱস্থা।

১৯. বিজেপিৰ যুৱ ৰাষ্ট্ৰীয় সম্পাদক তাজিন্দৰ পাল সিং বাগ্গাই মুম্বাইৰ মালাবাৰ হিল আৰক্ষী থানাত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে কোভিড নিয়ম উলংঘা কৰাৰ সন্দৰ্ভত এক গোচৰ তৰিছে। কোভিড সংক্ৰমিত হৈও তেওঁ আন লোকক লগ কৰাৰ অভিযোগত এই গোচৰ।

২০. বদৰপুৰত ২১গৰাকী সন্দেহজনক বাংলাদেশী নাগৰিকক আটক। বাংলাদেশীসহ ৰোহিংগীয়া নাগৰিককো আটক কৰিছে বি এছ এফে।

২১. আটকাধীন ২১ গৰাকী লোকৰ মাজত আছে ৯জন পুৰুষ, ৯ গৰাকী মহিলা আৰু ৩টা কিশোৰ-কিশোৰী। দলটোৱে মহাৰাষ্ট্রৰ প্রমাণ-পত্র দেখুৱাই হোটেলত কটাইছিল ৰাতি।

২২. অসম জাতীয় পৰিষদৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন।

২৩. মৃত্যুৰ ওচৰত হাৰ মানিলে ছাই বিকাশৰ ছাত্রীয়ে। পুৱা তৃতীয় মহলাৰ পৰা পৰিছিল ছাত্রীগৰাকী। ছাই বিকাশ কোচিং চেণ্টাৰত সংঘটিত হৈছিল এই ঘটনা।

২৪. মৃত ছাত্রীগৰাকীৰ ঘৰ তেজপুৰত। আয়ুৰসন্দ্রা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় তেওঁৰ। ইফালে ঘটনা গাপ দিয়াৰ চেষ্টা চলাইছিল ছাই বিকাশ কৰ্তৃপক্ষই।

২৫. কোকৰঝাৰ চহৰত দিন ডকাইতিৰ ঘটনা। জে দি ৰোডস্থিত এক্সিছ বেংকৰ গ্রাহকৰ পৰা দুৰ্বৃত্তই লুটিলে ৬ লাখ টকা। বাইকেৰে অহা দুই দুৰ্বৃত্তই লোকজনৰ পৰা কাঢ়ি নিয়ে টকাৰ বেগটো। বব্রুবাহন বসুমতাৰী নামৰ লোকজনৰ পৰা লুটি নিয়ে ধনখিনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in