১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. তিনিচুকীয়াত একাংশ ধাবা-ৰেষ্টুৰেণ্টত প্রশাসনৰ অভিযান। বাইপাছৰ MMB ধাবাত অভিযান প্রশাসনৰ। বুজন পৰিমাণৰ সুৰাৰ বটল, ঘৰুৱা চিলিণ্ডাৰ জব্দ।

২. ইলেকট্রিক বাছ চলাচল সন্দৰ্ভত মন্তব্য পৰিবহণ মন্ত্রীৰ- 'গুৱাহাটীত ইলেকট্রিক বাছ কেতিয়া চলিব মই নাজানো'।

৩. ২০০ ইলেকট্ৰিক বাছৰ বাবে নিবিদা আহ্বান কৰা হৈছে বুলিও মন্তব্য মন্ত্ৰীগৰাকীৰ। বন্ধ হ'ব ডিজেল বাছ।

৪. ডিজেল বাছসমূহ 'লাইন বাছ হিচাপে গুৱাহাটীৰ বাহিৰত চলাব পাৰিব। চিটী বাছসমূহ CNGলৈ বদলি কৰিব পাৰিব। মটৰ পৰিবহণ সন্থাই বিৰোধিতা কৰি লাভ নাই বুলিও মন্তব্য পৰিবহণ মন্ত্রীৰ।

৫. জম্মু আৰু কাশ্মীৰৰ পানীপোৰা বনাঞ্চল, জালুৰা, সোপোৰত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ।

৬. সংঘৰ্ষত এল ই টিৰ সৈতে জড়িত এজন পাকিস্তানী সন্ত্ৰাসবাদী নিহত হৈছে। অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদসহ আপত্তিজনক সামগ্ৰী উদ্ধাৰ।

৭. আনহাতে এই সংঘৰ্ষৰ মাজৰ পৰা ২ জন বিদেশী সন্ত্ৰাসবাদী আৰু এজন স্থানীয় সন্ত্ৰাসবাদী পলাই গৈছে। তেওঁলোকক বিচাৰি সন্ধান চলি আছে।

৮. নিহত পাকিস্তানী সন্ত্ৰাসবাদীৰ পৰা উদ্ধাৰ হোৱা নথি অনুসৰি, তেওঁক পাকিস্তানৰ লাহোৰৰ হানজাল্লা বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পৰা এটা এ কে ৰাইফল, ৫ খন আলোচনীৰ লগতে গোলাবাৰুদ উদ্ধাৰ কৰা হৈছে।

৯. এগৰাকী চাইকেলিষ্টে ভাৰতৰ মুখ্য প্ৰশিক্ষকৰ বিৰুদ্ধে 'অনুপযুক্ত আচৰণ'ৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগৰ তদন্তৰ বাবে ছাইয়ে গঠন কৰিছে কমিটী।

১০. উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে আজি অক্সিজেন সমৰ্থন অবিহনে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰাৰ পিছত ৰাষ্ট্ৰীয় সংগীত গোৱা উইং কামাণ্ডাৰ বিক্ৰান্ত ইউনিয়ালক সাক্ষাৎ কৰে।

১১. মুখ্যমন্ত্ৰী ধামীয়ে উইং কামাণ্ডাৰ বিক্ৰান্ত ইউনিয়ালক এই সাফল্যৰ বাবে সম্বৰ্ধনা জনায় আৰু তেওঁৰ দেশপ্ৰেমৰ প্ৰশংসা কৰে।

১২. মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীক তেওঁৰ বাসভৱনত ভাৰতৰ কানাডাৰ উচ্চায়ুক্ত কেমেৰুন মেকেয়ে সাক্ষাত কৰে আৰু তেওঁৰ সৈতে পৰ্যটন, কৃষি, পানী, বিদ্যুৎ, সৌৰ শক্তি আৰু শৈক্ষিক বিনিময়ত সহযোগিতাৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে।

১৩.ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আপত যোগদান কৰাৰ খবৰ নস্যাত অখিল গগৈ আৰু আপ নেতৃত্বৰ। এই খবৰক ভুৱা খবৰ আখ্যা।

১৪. বিক্ৰী হোৱাৰ ভয় ! ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে শিৱসেনাৰ বিধায়কসকলক মুম্বাইৰ মালাডৰ এখন হোটেললৈ স্থানান্তৰ কৰা হৈছে।

১৫. উত্তৰ গুৱাহাটীত ভুৱা চিকিৎসা প্রতিষ্ঠানত আৰক্ষীৰ অভিযান। এগৰাকী চিকিৎসকসহ ৬গৰাকী নাৰ্চ, স্বাস্থ্যকৰ্মীক আটক।

১৬. উত্তৰ গুৱাহাটীৰ ফুলুঙত চলাই আছিল ভুৱা চিকিৎসা প্রতিষ্ঠান। ভুৱা চিকিৎসা প্রতিষ্ঠানখনৰ নাম ROOT CURE CLINIC। আৰক্ষীয়ে আটক কৰে চিকিৎসক অনিল কুমাৰ ভাগৱতীক।

১৭. অনিল কুমাৰে দীৰ্ঘদিন ধৰি উত্তৰ গুৱাহাটীত চলাই আহিছিল চিকিৎসাৰ ক'লা বেহা। ভুৱা চিকিৎসা প্রতিষ্ঠানটোৰ ভুল চিকিৎসাত অসুস্থ হৈছে মঞ্জু বড়ো নামৰ এগৰাকী মহিলা। ইয়াৰ পিছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা।

১৮. কেইবাজনো প্রতিষ্ঠিত চিকিৎসকৰ নাম লৈ চলাই আহিছিল ক্লিনিকখন। ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাৰ গৌৰীপুৰ থানাত গোচৰ ৰুজু।

১৯. লখিমপুৰৰ বাসুদেৱ ট্রাষ্টত অগ্নিকাণ্ড। বিবাহ অনুষ্ঠানৰ অভ্যৰ্থনাৰ অনুষ্ঠানত এই অগ্নিকাণ্ড। চিলিণ্ডাৰৰ পৰা জুই সূত্রপাতৰ সন্দেহ স্থানীয় লোকৰ।

২০. অৰুণাচলৰ পাছিঘাটত ১৩ নং ৰাষ্ট্রীয় ঘাইপথত ভয়ংকৰ ভূমিস্খলন। শতাধিক যান-বাহন বোকাত পোত যোৱাৰ আশংকা। প্রাণৰ শংকাত যান-বাহন এৰি পলায়ন যাত্রীসকলৰ। এই পৰ্যন্ত আৰম্ভ কৰিব পৰা নাই উদ্ধাৰ অভিযান।

২১. কাইলৈ ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল। পুৱা ৯ বজাৰ পৰা কেইবাটাও ৱেবছাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে চাব পাৰিব তেওঁলোকৰ ফলাফল।

২২. নামনি সোঁৱণশিৰী জলবিদ্যুত প্ৰকল্পত অঘটন। টাৰ্মিনেলৰ ওপৰৰ শিল, বালি, চিমেণ্ট আৰু ভূমি খহি পৰি এজন শ্ৰমিক নিহত আৰু আন এজন আহত।

২৩. ওদালগুৰিৰ টংলা এম বি ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰৈ থকা বাহনক খুন্দা মাৰে আন এখন বাহনে।

২৪. টংলা অভিমুখে গৈ থকা XUV বাহনৰ দুই আৰোহী গুৰুতৰভাৱে আহত। আহত দুজনক স্থানীয় লোকে ততাতৈয়াকৈ প্রেৰণ কৰে চিকিৎসালয়লৈ। পাৰ্কিঙৰ ব্যৱস্থা নথকাৰ বাবে এই দুৰ্ঘটনা সংঘটিতৰ অভিযোগ প্রত্যক্ষদৰ্শীৰ।

২৫. তুৰ্কীয়ে ভাৰতীয় লোকৰ বাবে প্ৰত্যাহাৰ কৰিলে সকলো কোভিড প্ৰ'টকল। এতিয়াৰে পৰা ইচ্ছা কৰিলেই কোনো বাধা নোহোৱাকৈ তুৰ্কীলৈ যাব পাৰিব ভাৰতীয় পৰ্যটকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in