১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. হয়, কোৰোনাৰ ৰিজাল্টৰ ক্ষেত্ৰত কিছু খেলি-মেলি হৈছে। কিন্তু সেই ভুল অতি নগণ্য। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বিয়লি সম্বোধন কৰা সংবাদমেলত কৰিলে এই মন্তব্য।

২. উত্তৰ প্ৰদেশৰ গাজিয়াবাদত এটা ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ। নিহত ৭গৰাকীৰ লগতে আহত ৪।

৩. উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক কটাক্ষ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ। ক'লে, বিগত সপ্তাহত ৰাজ্যত ৫০টা হত্যাকাণ্ড হৈছে, ইয়াৰ উত্তৰ আছেনে আপোনাৰ ওচৰত।

৪. দিল্লীত বিগত ২৪ঘন্টাত কোৰোনাত আক্ৰান্ত হৈ ৬৪গৰাকী লোকৰ মৃত্যু। নতুনকৈ ২২২৪গৰাকী লোক হৈছে আক্ৰান্ত।

৫. ১৯৮৪ৰ শিখ বিৰোধী সংঘৰ্ষৰ অন্যতম অভিযুক্ত প্ৰাক্তন বিধায়ক মহেন্দ্ৰ যাদৱৰ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু। তিহাৰ জেলত বিগত ১০বছৰ ধৰি হৈ আছিল কাৰাবন্দী।

৬. কোৰোনা সংকট, সীমা বিবাদক লৈ দেওবাৰে দেশৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰায় আধা ঘন্টা সময়জুৰি দুয়োৰে মাজত বাৰ্তালাপ।

৭. দেওবাৰকে ধৰি বিগত ৩দিন ধৰি মহাৰাষ্ট্ৰত অব্যাহত আছে মুষলধাৰ বৃষ্টিপাত। বিভিন্ন অঞ্চলত সৃষ্টি হৈছে কৃত্ৰিম বানপানীৰ।

৮. জি এম চি এইচত বৰ্তমানলৈ ৭৭,৩৭২গৰাকী লোকৰ কোৰোনা টেষ্ট কৰা হৈছে। ইয়াৰে ৪০টা পৰীক্ষাত কিছু খেলিমেলি হৈছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

৯. কেৰালাত দেওবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ২২৫গৰাকী ব্যক্তি। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হলগৈ ৫,৪৩০গৰাকী।

১০. তামিলনাডুত কোৰোনাৰ সংহাৰ। দেশৰ ভিতৰতে কোৰোনাত আক্ৰান্তৰ তালিকাত তালিকা দ্বিতীয় স্থান থকা ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা ১ লাখ ৭হাজাৰো অধিক।

১১. মিজোৰামত দেওবাৰে সন্ধিয়া ৫.২৬বজাত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি। ইয়াৰ প্ৰাৱল্য আছিল ৪.৬।

১২. মহানগৰীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গেমভিলেজৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজপথত উলটিল মালবাহী ট্ৰাক।জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী পথত এই দুৰ্ঘটনা।

১৩. নদীবান্ধৰ বিস্তৰ ক্ষতি:যিকোনো মুহূৰ্ততে সৃষ্টি হ'ব পাৰে জলপ্ৰলয়। গোৱালপাৰাৰ জলেশ্বৰত দেওবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত.

১৪. লাহোৱালত ৩৮,৬৪২গৰাকী লোকক কৰা হৈছে কোৰোনা টেষ্ট। ইয়াৰ ভিতৰত ৩টা ৰিৰ্পট ভুলকৈ ওলাইছিল। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই তথ্য।

১৫. মহাৰাষ্ট্ৰত দেওবাৰে কোৰোনাত নতুনকৈ আক্ৰান্ত হৈছে ৬৫৫৫গৰাকী। দিনটোৰ ভিতৰতে মৃত্যু ১৫১গৰাকী।

১৬. অসমত কোভিড-১৯ত আক্ৰান্ত ২০৯গৰাকী আৰক্ষী। অৱশ্যে ইয়াৰে ১৭৮গৰাকী কোৰোনামুক্ত হৈ ঘৰলৈ উভটিছে।

১৭. ওড়িশাৰ কান্ধমালত নিৰাপত্তৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ। নিহত হৈছে ৪মাওবাদী।

১৮. অসম চিকিৎসা মহাবিদ্যালয় হস্পাতালত দেওবাৰৰ লৈকে কৰা হৈছে ২৬,৭০৮গৰাকী লোকক কৰা হৈছে কোৰোনা টেষ্ট। ইয়াৰ ভিতৰত ৩টা ৰিৰ্পট ভুলকৈ ওলাইছিল।

১৯. দিন দুপৰতে বাইহাটা চাৰিআলিৰ উদ্যোগত দুৰ্বৃত্তৰ আক্ৰমণ। দেওবাৰে এটা চিৰা পেকেজিং উদ্যোগ লণ্ডভণ্ড কৰি ৫০জনীয়া অস্ত্ৰধাৰী দুৰ্বৃত্তৰ আক্ৰমণ।

২০. ওদালগুৰিৰ চিন্ধ্ৰিঝোৰা আৰু আমজুলিত অস্ত্ৰ উদ্ধাৰ। চিন্ধ্ৰিঝোৰাত গুলী, মেগজিনসহ পুতি থোৱা অৱস্থাত পিষ্টল উদ্ধাৰ।

২১. হোম আইছ'লেশ্যনৰ ICMRৰ গাইডলাইন নামানে অসম চৰকাৰে। দেওবাৰৰ সংবাদমেলত ICMRৰ গাইডলাইন সন্দৰ্ভত প্ৰতিক্ৰিয়া হিমন্তবিশ্বৰ।

২২. কোৰোনাৰ সন্ত্ৰাসৰ মাজতে আশাৰ খবৰ। সমগ্ৰ দেশত কোৰোনামুক্ত হোৱা লোকৰ সংখ্যা প্ৰায় ৪লাখ ১৯হাজাৰ।

২৩. সমগ্ৰ বিশ্বত ভয়াৱহৰূপত বাঢ়িছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। দেওবাৰৰ নিশা ৮.৪০বজালৈ কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১১,৪৪৪, ৩৫৩।

২৪. দেশৰ ভিতৰতে সৰ্বাধিক কোৰোনা আক্ৰান্তৰ তালিকাত তৃতীয় স্থানত ভাৰত। আক্ৰান্তৰ সংখ্যা হ'লগৈ ৬,৮৭,৭৬০।

২৫. অসমতো কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যাই পাৰ কৰিলে ১১হাজাৰৰ ঘৰ। তাৰমাজতে সোমবাৰে কিছুসময়ৰ বাবে খুলি দিয়া হ'ব গেলামালৰ দোকান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in