১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. ১৫ আগষ্টৰ পূৰ্বে খোলা নহয় আন্তঃজিলা যাতায়াত! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

২. অনলাইন সুৰা বিক্ৰী সম্পৰ্কে জাৰি কৰা হ'ল ৰাজপত্ৰিত জাননী।

৩. লাভলীনাৰ দুই যমজ ভগ্নীৰ শুভেচ্ছাবাৰ্তা। প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ লিছা-লিমাই সৰু ভনীয়েক লাভলীনালৈ হিয়া উজাৰি দিছে আশীৰ্বাদ।

৪. কেঁচা চাহ পাতৰ মূল্য হ্ৰাস। চৰাইদেউ সোনাৰিত চাহ খেতিয়কৰ প্ৰতিবাদ।

৫. আজি দিল্লীৰ যন্তৰ-মন্তৰত শতাধিক কৃষকৰ প্ৰতিবাদ। ৩ বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিনজোৰা কাৰ্যসূচীৰে প্ৰতিবাদত বহিল কৃষকসকল।

৬. বৃহস্পতিবাৰে কোৰোনাত আক্ৰান্ত হৈ অসমত ২২গৰাকী ৰোগীৰ মৃত্যু।

৮. ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হ'ল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা একচনীয়া আৰু তৌজি পট্টাদাৰেও কৃষক সন্মান নিধিৰ ধন লাভ কৰিব।

৯. মূল সুতিলৈ ওভতিল বড়ো উগ্ৰপন্থী সংগঠন NLFBৰ মূৰব্বী তথা ম'ষ্ট ৱাণ্টেড এম বাথা।

১০. যোৰহাটত বিধ্বংসী অগ্নিকাণ্ড। গড়আলিৰ দুটা ব্যৱসায়িক প্ৰতিষ্ঠানত জুই।

১১. সাংবাদিক আৰু আৰক্ষীৰ নামত যোৰাবাটত নামিছে প্ৰবঞ্চকৰ দল। এগৰাকী যুৱতীসহ পাঁচজনীয়া দুৰ্বৃত্তৰ দলে একাংশ ব্যৱসায়ীৰ পৰা নিশা হ'লে ভাবুকিৰে ধন দাবী

১২. বিজেপি নেতাৰ গাত আছে ঐশ্বৰিক শক্তি'এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পাৰ্থ প্ৰতিম বৰাৰ।

১৩. 'কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা ধন সংগ্ৰহত জড়িত নহয় আলফা'। নাহৰকটীয়াৰ এনকাউণ্টাৰৰ ঘটনাক লৈ এই প্ৰতিক্ৰিয়া পৰেশ বৰুৱাৰ।

১৪. আজিৰে পৰা ১০ দিনীয়াকৈ ছেবা ভাৰতীৰ উদ্যোগত ব্যাপক টিকাকৰণ ব্যৱস্থা।

১৫. পুনৰ ৰাজ্যৰ কেইবাটাও স্থানত আৰক্ষীৰ গুলীচালনা। বোকাখাতৰ পানবাৰী সংৰক্ষিত বনাঞ্চলত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলোৱা চোৰাং চিকাৰীলৈ গুলী।

১৬. আজিৰে পৰা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ৰ'পৱে সেৱা পুনৰ মুকলি কৰা হয়। কোভিডসৃষ্ট পৰিৱেশৰ বাবে যোৱা ৫ মে'ৰ পৰা বন্ধ আছিল এই সেৱা।

১৭. মহানগৰীত পুনৰ চোৰৰ তাণ্ডৱ। দিছপুৰ ছুপাৰ মাৰ্কেটত দিন-দুপৰতে চোৰৰ লুট-পাত।

১৮. অসমবাসীৰ বাবে আনন্দৰ সংবাদ। অলিম্পিকৰ প্ৰথম ৰাউণ্ডত ৱাক অভাৰ লাভলীনাৰ।

১৯. পুনৰ উত্তপ্ত হৈ উঠিছে কৰিমগঞ্জ-মিজোৰাম সীমান্ত। এইবাৰ মিজো দুৰ্বৃত্তই অসমৰ সীমা ঠেলি ৪ কিলোমিটাৰজোৰা মাটি বেদখল কৰাৰ গুৰুতৰ অভিযোগ।

২০. মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই লাভলীনাৰ বিজয় কামনাৰে মৰাণত অনুষ্ঠিত হ'ল 'বাণ ফী' পূজা। টাই আহোম পৰম্পৰাৰে লাভলীনাৰ স্বৰ্ণযাত্ৰাৰ কামনা কৰিলে সকলোৱে।

২১. দেশ কঁপোৱা পেগাছাছৰ গুপ্তচৰকাণ্ডত সাঙোৰ খাই পৰিছে আছুৰ মুখ্য উপদেষ্টা ড০ সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ নাম।

২২. CIDৰ গোচৰত ৰাকেশ পালৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে ৰাকেশ পালৰ জামিন।

২৩. বিজনীৰ কুমৰশালীত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। কেইবাদিনো অঞ্চলটোত বিচৰণ কৰিছিল আঘাতপ্ৰাপ্ত হাতীটো।

২৪. বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ। সংসদ ভৱন চৌহদত গান্ধী প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ।

২৫. অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাৰ ৯০ উদ্ধৰ শয্যাগত মাতৃ মনোমতী দেৱীৰ খৱৰ ললে মৃণালিনী দেৱীয়ে।ঐতিহাসিক মাতিয়া বুঢ়াগোহাঁই থান, দশভূজা মন্দিৰ পৰিদৰ্শন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in