১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. মনিপুৰৰ বিধান সভা উপ নিৰ্বাচনৰ ফলাফল ঘোষনা ।৫ খন আসনত হৈছিল উপনিৰ্বাচন । ৪ খন আসনত বিজেপি জয় লাভ কৰাৰ লগতে ১ খন আসনত নিৰ্দলীয় প্ৰাৰ্থীয়ে জয়লাভ কৰে ।

২. প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে গুৱাহাটীত সম্পূৰ্ণ নিষিদ্ধ কৰিলে ফটকা । ফটকা বিক্ৰীৰ ক্ষেত্ৰটো সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ডৰ ।

৩. অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে অগপত আনুষ্ঠানিক ভাবে যোগদান কৰে । ৰাজবংশীৰ লগতে প্ৰায় তিনি শতাধিক ব্যক্তিয়ে অগপত যোগদান কৰে ।

৪. কা' বিৰোধী আন্দোলনক নাচ-গানৰ আন্দোলন আখ্যা অগপৰ সভাপতি তথা কৃষি তথা পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ। আমবাৰীত অনুষ্ঠিত অগপৰ যোগদান অনুষ্ঠানত এই মন্তব্য কৰে অগপৰ সভাপতি অতুল বৰাই ।

৫ আমিনগাঁৱত আলাবৈৰ ৰণৰ স্মৃতি সৌধ মঙলবাৰে মুকলি কৰা হয় । বীৰ সৈনিকসকললৈ শ্ৰদ্ধাঞ্জলি জনাই এই অনুষ্ঠানত ৫০ ফুট উচ্চতাৰ স্মৃতি সৌধ মুকলি কৰিলে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

৬. অসম মিজোৰাম সীমান্ত অব্যাহত আছে উত্তেজনা। মিজোৰাম অভিমুখী আবদ্ধ হৈ থকা গাড়ী এৰি দিলে লাইলাপুৰবাসীয়ে। অসম অভিমুখী গাড়ী এতিয়াও মিজোৰামত আৱদ্ধ হৈ থকাত ক্ষোভ লাইলাপুৰ বাসীৰ ।

৭ . ৰাজধানী ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ আইনৰ আওতাৰ পৰা তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ এলেকাক বাদ দিয়াকে ধৰি বিভিন্ন দাবীত তিৱা ছাত্ৰ সন্থাই আহ্বান মঙলবাৰে মধ্য অসম বন্ধৰ আহ্বান জনাইছিল । ফলত মঙলবাৰে মধ্য অসমৰ সাধাৰণ জীৱন যাত্ৰা স্তব্ধ হৈ পৰে ।

৮. মঙ্গলবাৰৰ পৰা ১২ নৱেম্বৰলৈকে তিনি দিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত ধেমাজি জিলা প্ৰশাসন আৰু নাবাৰ্ডৰ সৌজন্যত হস্ত – শিল্প মেলা আৰম্ভ হয় । ৷ধেমাজি জিলাখনৰ স্থানীয় উৎপাদিত বিভিন্ন ধৰনৰ সামগ্ৰী মেলাত প্ৰদৰ্শীত হয় ৷

৯. পশ্চিমবংগৰ নিউ জলপাইগুৰি আৰক্ষী থানাত বিজেপি কৰ্মীৰ থানা ঘেৰাও প্ৰতিবাদ। বিজেপি কৰ্মীৰ হত্যাকাণ্ডক লৈ এই প্ৰতিবাদী কাৰ্যসূচী।

১০. 'মধ্যপ্ৰদেশৰ জনতাই মোক ভাল পাই। মোৰ বিশ্বাস যে মধ্যপ্ৰদেশত বিজেপিয়ে জয়ী হ'ব।' এই মন্তব্য মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ।

১১.তেলাংগানাৰ মুথাংগীত এখন বাহন আৰু ট্ৰাকৰ মাজত মুখামুখী সংঘৰ্ষ। এই সংঘৰ্ষত ছয়জনকৈ লোকে মৃত্যু।

১২.বোম্বে হাই কৰ্টে বাতিল কৰিলে অৰ্ণৱ গোস্বামীৰ জামিন আৱেদন। এই ৰায়ক প্ৰত্যাহ্বান জনাই তেওঁ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব।

১৩.কৰ্ণাটকৰ বাপুজীনগৰ এটা কেমিকেল ফেক্টৰীত সংঘটিত অগ্নিকাণ্ড। তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে নিৰ্বাপিত কৰে জুই।

১৪.কান্নুৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ২২ লাখ টকা মূল্যৰ সোণসহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৫. দিল্লীৰ চিভিল চেন্টাৰত নগৰ নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদ। বেতন লাভ নকৰাৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী।

১৬. ১২ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি লুড'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিষেক বচ্চন, ৰাজ কুমাৰ ৰাও, আদিত্য ৰয় কাপুৰকে ধৰি বহু কেইগৰাকী অভিনেতা-অভিনেত্ৰীয়ে।

১৭.তামিলনাডুৰ মাডুৰাইত মঙলবাৰৰ পৰা পুনৰ খোলা হ'ব চিনেমা হল সমূহ। কোভিড প্ৰট'ক'ল মানি দৰ্শকে চাব পাৰিব হলত চিনেমা।

১৮ শ্বপিয়ানত ভাৰতীয় সেনা বাহিনীৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান। এটা গ্ৰেণেড, এ কে ৰাইফল, পিষ্টল উদ্ধাৰ কৰে সেনাই।

১৯. চত্তীশগড়ৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলে এখন আসনত জয়লাভ কৰে । মঙলবাৰে ফলাফল ঘোষনা কৰে নিৰ্বাচন আয়োগে ।

২০ . উত্তৰ প্ৰদেশ উপ নিৰ্বাচনৰ ৭ খন আসনৰ ফলাফল ঘোষনা কৰে । উপ নিৰ্বাচনত বিজেপিয়ে ৬ খন আসন দখল কৰাৰ লগতে সমজবাদী পাৰ্টীয়ে ১ খন আসনত জয়লাভ কৰে ।

২১.গুজৰাটতত আঠ খন আসনত উপ নিৰ্বাচন অনুষ্ঠিত হয় । উপ নিৰ্বাচন অনুষ্ঠিত হোৱা ৮ খন আসনত জয় লাভ কৰে বিজেপিয়ে ।

২২. নাগালেণ্ডৰ কিফিৰি জিলাৰ ৬০ পুংগ্ৰ বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী টি য়াংচিয় ছাংটামে জয়ী হৈছে । আজি ঘোষণা কৰা ফলাফলত নিৰ্দলীয় প্ৰাৰ্থী য়াংচিয় ছাংটামে অন্য নিৰ্দলীয় প্ৰাৰ্থী এছ কিউছিউমিউ য়িমছুংগাৰক তীব্ৰ প্ৰতিদ্বন্দিতা অন্ত ১৪১৬ টা ভোটতত পৰাজিত কৰে ।

২৩. কলিকতাৰ টেপেচীয়া বস্তি অঞ্চলত ভয়ানক অগ্নিকাণ্ড সংঘটিত হয় । ৬ খন অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰে ।

২৪. আই পি এল-২০২০ৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ। পঞ্চমবাৰলৈ এই খিতাপ দখল মুম্বাইৰ।

২৫. মঙ্গলবাৰৰ পৰা ১২ নৱেম্বৰলৈকে তিনি দিনীয়াকৈ ধেমাজি কাছাৰী ময়দানত ধেমাজি জিলা প্ৰশাসন আৰু নাবাৰ্ডৰ সৌজ্ন্যত দিপ্তী হস্ত – শিল্প মেলা আৰম্ভ হৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in