১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. ছত্তীশগড়ত বৃহস্পতিবাৰে নতুনকৈ ৯৩জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ইফালে, দিনটোত ৰাজ্যখনৰ কোৰোনাত আক্ৰান্ত ১৭জন লোক সুস্থ হৈ উঠে।

২. জম্মু-কাশ্মীৰৰ সুন্দৰবাণী ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। গুলীবৰ্ষণত প্ৰাণ হেৰুৱালে ভাৰতীয় সেনা বাহিনীৰ এজন জোৱানে।

৩. ঝাৰখণ্ডত ৮২৭জনলৈ বৃদ্ধি পালে কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। বৃহস্পতিবাৰৰ দিনটোত ৰাজ্যখনত আৰু ৪৬জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি।

৪. দিল্লীত বৃহস্পতিবাৰে ১৩৫৯জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২৫০০৪জনলৈ বৃদ্ধি পাইছে।

৫.ৰাজস্থানত কাকতি ফৰিঙে নষ্ট কৰিছে শস্য পথাৰ। ৰাজ্যখনৰ যোধপুৰত বৃহস্পতিবাৰে স্থানীয় ৰাইজে কাকতি ফৰিং খেদাৰ চেষ্টা চলায়।

৬.তেলেংগানাত আৰু ১২৭জন দেহত ধৰা পৰিল কোভিড-১৯ৰ উপস্থিতি। ৰাজ্যখনত ২১৪৭জনলৈ বৃদ্ধি পালে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

৭.তামিলনাডুৰ মাডুৰাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এগৰাকী মহিলাক। লগতে জব্দ কৰে ৩টাকৈ বুলেট আৰু ৬টা খালী কাৰ্টিজ।

৮.হাৰিয়ানাত ৩২৮১জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত বৃহস্পতিবাৰে ৩২৭জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি।

৯.গুজৰাটত যোৱা ২৪ ঘণ্টাত নতুনকৈ ৪৯২জন লোকৰ দেহত দৰা পৰে কোৰোনা ভাইৰাছ। ইফালে, এই সময়চোৱাত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় ৩৩জন।

১০.জম্মু-কাশ্মীৰৰ ৰাজৌৰীত নিৰাপত্তাৰক্ষীৰ অভিযান। অভিযানকালত গ্ৰেপ্তাৰ কৰা হয় এটা সন্ত্ৰাসবাদীক।

১১.মণিপুৰত বৃহস্পতিবাৰে আৰু ৩জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ১২৪জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ইয়াৰে ৮৬জন বৰ্তমানেও চিকিৎসাধীন হৈ আছে।

১২.পশ্চিমবংগত বৃহস্পতিবাৰে ৩৬৮জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৬৮৭৬জনলৈ বৃদ্ধি পালে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৩.১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ'ন আব্ৰাহামে।

১৪.মুজাফাৰপুৰত ধাৰাসাৰ বৃষ্টিপাত। বৃ্ষ্টিপাতৰ ফলত মুজাফাৰপুৰৰ বহু কেইটা বাট-পথত সৃষ্টি হয় বানৰ।

১৫.২২০০ৰো অধিক বিদেশী নাগৰকে ১০ বছৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব নোৱাৰিব। লোক কেইজনৰ সম্পৰ্ক দিল্লীৰ তবলিগি জামাতৰ সৈতে আছিল।

১৬.যোৱা ২৪ ঘণ্টাত নেপালত আৰু ৩৩৪জনৰ দেহত ধৰা পৰে কোভিড-১৯ৰ উপস্থিতি। দেশখনত ২৬৩৪জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

১৭. দিল্লীৰ আৰু ৫টা স্থান কন্টেইমেন্ট জ'ন হিচাপে ঘোষণা। ৰাজ্যখনত মুঠ ১৬৩টা স্থান কন্টেইমেন্ট জ'ন হিচাপে বৰ্তমানলৈ ঘোষণা কৰিছে চৰকাৰে।

১৮.দিল্লীৰ আজাদপুৰত ভয়ংকৰ অগ্নিকাণ্ড। আজাদপুৰৰ এটা শ্বপিং কমপ্লেক্সত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১৯.পঞ্জাৱৰ লুধিয়ানাত জীমসমূহৰ মালিক আৰু ফিটনেছ ট্ৰেইনাৰ সকলে সাব্যস্ত কৰে প্ৰতিবাদ। পুনৰ লুধিয়ানাত জীম খোলাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

২০. ৰায়গড়ৰ আলিবাগত নিসৰ্গ ঘূৰ্ণীবতাহৰ ফলত উভালি পৰে গছ-গছনি। এনডিআৰএফ বাহিনীয়ে আলিবাগত চলাই উদ্ধাৰ অভিযান।

২১.জাজৰীত উত্তপ্ত পৰিস্থিতি। গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ মৃত্যুৰ পিছতে উত্তপ্ত। জাজৰী আৰক্ষীয়ে প্ৰহাৰ কৰিছিল ফণীধৰ বৰাক।

২২.ৰাজ্যত ২০০০ৰ ঘৰ অতিক্ৰম কৰিলে কৰোনাত আক্ৰান্তৰ সংখ্যাই। নতুনকৈ ৮৫জন লোক আক্ৰান্ত COVID19ত।

২৩.৮ জুনৰ পৰা হোটেল, ৰেষ্টুৰেণ্ট, মল, ধৰ্মীয় স্থান মুকলিৰ নিৰ্দেশনা। ধৰ্মীয় অনুষ্ঠান মুকলিৰ বাবে বিশেষ নিৰ্দেশনা।

২৪. অসমৰ কাৰাগাৰত প্ৰথমজন ক'ভিড 19 আক্ৰান্ত।গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কৰোনাত আক্ৰান্ত কয়দী।

২৫. ঘৰত বনকৰা যুৱকে পত্নীৰ সহায়ত ঘৰৰ গৰাকীৰ পৰা লুটি নিলে ২০ লাখ টকা। গুৱাহাটীতে সংঘটিত হোৱা এই আজব চুৰিকাণ্ডৰ পিছত মাটিত পুতি থোৱা অৱস্থাত নাৰায়ণপুৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে টকাখিনি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in