১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. স্বাস্থ্য বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড। নিগেটিভ অহা যুৱতীক পজিটিভ সজালে স্বাস্থ্য বিভাগে। ২১ জুনত দিল্লীৰ পৰা আহিছিল অঞ্জলি গুপ্তা নামৰ যুৱতীগৰাকী।

২. ৰাজ্যত অব্যাহত আছে চুপাৰি ছিণ্ডিকেট।লামডিঙত পুনৰ জব্দ ১০৪০ বস্তা চুপাৰি।

৩. ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য। এনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে। সোমবাৰে বিভিন্ন প্ৰান্তত কংগ্ৰেছৰ প্ৰতিবাদ।

৪. বিগত ছদিন ধৰি ভয়ংকৰ কৃত্ৰিম বানৰ কবলত ডিব্ৰুগড় নগৰবাসী। কৃত্ৰিম বানত বুৰ গৈ আছে সাধাৰণ লোকৰ পৰা আৰম্ভ কৰি বহু হাইপ্ৰফাইল লোকৰ বাসগৃহো।

৫. সমগ্ৰ বিশ্বত কোৰোনাত আক্ৰান্তৰ সংখ্যা হলগৈ 10,329,921। মৃত্যু হৈছে 506,068গৰাকী লোক।

৬. বিশ্বত কোৰোনাৰ সন্ত্ৰাসৰ মাজতে এটা ভাল খবৰ। সোমবাৰৰ লৈকে বিশ্বত কোৰোনাত আক্ৰান্ত 5,607,812গৰাকী হৈছে আৰোগ্য।

৭. ভাৰতত নিষিদ্ধ হল টিকটক। লগতে নিষিদ্ধ ঘোষণা কৰা হল ৫৯টা চীনা এপছক।

৮. দেশৰ সীমান্তত অশান্তি আৰু কোৰোনা সংকটক লৈ মঙলবাৰে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। বিয়লি ৪বজাত কৰিব সম্বোধন।

৯. দেশত আনলক-২ৰ গাইজ লাইন জাৰি। ৩১জুলাইৰ লৈকে বন্ধ থাকিব দেশৰ সকলো স্কুল-কলেজ।

১০. কোৰোনাৰ সৈতে যুজিবলৈ সাজু হৈছে মহাৰাষ্ট্ৰ। বিশ্বৰ সবাতোকৈ বৃহত প্লাজমা থেৰাপিৰ বাবে ট্ৰায়েল আৰম্ভ।

১১. লাডাখ সীমান্তত চীনৰ বিশ্বাসঘাতকতাৰ নিত্য নতুন প্ৰমাণ পোহৰলৈ আহিছে। এইবাৰ দেপচাং আৰু দৌলত বেইগ অ'ল্ডী এয়াৰ ষ্ট্ৰীপ অতিক্ৰমি সামৰিক তত্পৰতা অব্যাহত ৰাখিছে চুবুৰীয়া ৰাষ্ট্ৰখনে।

১২. ৰাজ্যজুৰি এতিয়া সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ব্যাপক কেলেংকাৰি। হাইলাকান্দিৰ পিছত কৰিমগঞ্জতো সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত কেলেংকাৰি।

১৩. গোলাঘাটৰ মেৰাপানীৰ কোৱাৰেণ্টাইন চেণ্টাৰত চুৰি। চোৰে লুটি নিলে কোৱাৰেণ্টাইনত থকা ৫ যুৱকৰ সকলো সামগ্ৰী।

১৪. অসমত কোৰোনা সংক্ৰমণে লৈছে ভয়ংকৰ ৰূপ। ২৪ ঘণ্টাৰ ভিতৰতে ৩২৭ গৰাকী আক্ৰান্ত হৈছে কোভিড-19ত।

১৫. বিহপুৰীয়াৰ পকাদলত কৰুণ ঘটনা। সৰ্পদংশনত প্ৰাণ হেৰুৱালে এগৰাকী মেধাৱী ছাত্ৰীয়ে।

১৬. ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ নতুন শিক্ষাবৰ্ষ। নতুন শিক্ষাবৰ্ষত কেবিনেটৰ অনুমোদন।

১৭. পেট্ৰ'ল-ডিজেলৰ মূলবৃদ্ধিৰ প্ৰতিবাদ। জাগীৰোডত ব্লক কংগ্ৰেছৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট।

১৮. গুৱাহাটীৰ সীমান্তৱৰ্তী মেঘালয়ত লকডাউন। বৰ্ণিহাট, যোৰাবাটৰ পৰা খানাপাৰালৈ লকডাউন ঘোষণা।

১৯. বানত বুৰ গৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মাত্ৰ ২৪ ঘণ্টাত বুৰ গ'ল ১২টা বনশিবিৰ। ৰাষ্ট্ৰীয় উদ্যান খনত বানত বুৰ যোৱা বনশিবিৰৰ সংখ্যা বৃদ্ধি পালে ৯০ টালৈ। 

২০. শিলপুখুৰীৰ পাচলি ব্যৱসায়ী কোভিড পজিটিভ। পাচলি ব্যৱসায়ীজনৰ নাম অশোক দাস।

২১. কোৰোনাৰ ঔষধ প্ৰস্তুত কৰা বুলি কৈ শলঠেকত বাবা ৰামদেৱ। দিল্লী হাইকৰ্টত ব্যৱস্থা লবলৈ কৰা হৈছে আবেদন।

২২. বিশ্বনাথ চাৰিআলিত কভিড-19ত আক্ৰান্ত পূজাৰী। কেৰোনাত আক্ৰান্ত SBI বিষয়া বিজয় শংকৰ দাসৰ সংস্পৰ্শলৈ আহিছিল পূজাৰীজন।

২৩. বঙাইগাঁৱৰ অভয়াপুৰীত বানৰ বিভীষিকা। বইটামাৰী আৰু বিচিমাৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে বাগৰিছে পানী।

২৪. কোৰোনাৰ সন্ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰত লকডাউন ৩১ জুলাইলৈ বৃদ্ধি। দেশৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে ৰাজ্যখনত।

২৫. বিশ্বৰ ভিতৰতে সৰ্বাধিক কোৰোনাত আক্ৰান্ত হৈছে আমেৰিকাত। দেশখনত প্ৰায় ২৬লাখ ৫৩হাজাৰ লোক সোমবাৰৰ লৈকে হৈছে কোৰোনাত আক্ৰান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in