১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। দেওবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ।

২. ডিব্ৰুগড়ৰ মাইজানত অঘটন। বনভোজলৈ গৈ সলিল সমাধি ৩ যুৱকৰ। যুৱককেইজন সঞ্জয় বৰ্মন, ৰৌচন তামাং আৰু ৰাজীৱ দুৱৰা।

৩. মহানগৰীৰ প্ৰান্তে প্ৰান্তে উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস। সংবিধানৰ প্ৰস্তাৱনা আৰু সংবিধান সুৰক্ষাৰ শপত বাক্য পাঠ কৰি এইবাৰ ব্যতিক্ৰমী ৰূপত গণৰাজ্য দিৱস উদযাপন কৰে বিভিন্ন দল-সংগঠনে।

৪. ২৭ জানুৱাৰীত এনডিএফবিৰে কেন্দ্ৰীয় চৰকাৰৰ শান্তি চুক্তি স্বাক্ষৰৰ সম্ভাৱনা। দিল্লীত উপস্থিত হৈছে বিভিন্ন বড়ো সংগঠনৰ নেতৃত্ব।

৫. গণৰাজ্য দিৱসৰ দিনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেবাগৰাকী মন্ত্ৰী, বিধায়কক প্ৰদৰ্শন কৰা হয় ক'লা পতাকা। নগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড়ত চন্দ্ৰমোহন পাটোৱাৰীক দেখুওৱা হয় ক'লা পতাকা।

৬. গণৰাজ্য দিৱসৰ দিনাৰ পুৱাই ডিব্ৰুগড় চহৰৰ লগতে দুলীয়াজান আৰু সোণাৰিত বোমা বিস্ফোৰণ। বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ।

৭. নগাঁৱৰ চামগুৰিত নৱজাতকৰ মৃতদেহ উদ্ধাৰ। এটা বস্তাৰ ভিতৰত স্থানীয় ৰাইজে পৰিত্যক্ত অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো।

৮. সোমবাৰৰ পৰা প্ৰস্তাৱিত UTC বন্ধৰ আহ্বান। অনিৰ্দিষ্টকাললৈ বন্ধৰ আহ্বান অবড়ো সুৰক্ষা সমিতিৰ।

৯. ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও উদযাপন কৰিলে ৭১ সংখ্যক গণৰাজ্য দিৱস। পতাকা উত্তোলন কৰে সভাপতি ৰিপুন বৰাই।

১০. '২৫ লাখ নিবনুৱাক সংস্থাপন দিয়ক, ১ লাখ নিবনুৱাক সংস্থাপনেৰে বাহ বাহ ললে নহ'ব। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কৰিলে এই মন্তব্য।

১১. CAAৰ বিৰুদ্ধে আছুৰ নিৰবচ্ছিন্ন প্ৰতিবাদী কাৰ্যসূচী। অব্যাহত থাকিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে সভা, পদযাত্ৰা, বিক্ষোভ প্ৰদৰ্শন কাৰ্যসূচী। ২৭ আৰু ২৮ জানুৱাৰীত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন।

১২. দিল্লীৰ আজাদ মাৰ্কেটত তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী।

১৩. তামিলনাডুৰ গুৰুমুৰ্তিত বোমা বিস্ফোৰণ। এটা পেট্ৰ'ল পাম্পত সংঘটিত এই বিস্ফোৰণৰ ঘটনা। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।য

১৪. ঝাৰখণ্ডৰ গ্ৰেপ্তাৰ ১৫ জন অভিযুক্তক। ৭জন লোকৰ হত্যাকাণ্ডৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ লোক কেইজনক।

১৫. কাশ্মীৰত পুনৰ মুকলি ইন্টাৰনেট সেৱা। ২জি সেৱা মুকলি কৰা হয় কাশ্মীৰত।

১৬. দেশৰ লগতে বহিঃৰাষ্ট্ৰতো কা বিৰোধী প্ৰতিবাদ। স্ক'টলেণ্ডত প্ৰবাসী ভাৰতীয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।

১৭. সমগ্ৰ দেশত উদযাপন কৰা হয় ৭১ সংখ্যক গণৰাজ্য দিৱস। দিল্লীৰ নৰ্থ ব্ল'ক আতকধুনীয়াকৈ সজাই-পৰাই তোলা হয় গণৰাজ্য দিৱস উপলক্ষে।

১৮. 'মোডীজীয়ে 'কা' আনিলে। তাৰপাছত ৰাহুল বাবা আৰু কেজৰিৱালে তাৰ বিৰোধিতা কৰিছে।'- এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ।

১৯. দিল্লীৰ শিক্ষানুষ্ঠানৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাতো দিল্লীবাসীৰ অপমান।'- কেন্দ্ৰীয় গৃহমন্ত্ৰীক সমালোচনা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।

২০.ছণ্ডীগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰিল এখন ট্ৰাক। গুৰুতৰভাৱে আহত দুজন লোক।

২১. আকৌ মুখ খুলিছে বিজেপিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে। গুৰুতৰ অভিযোগ, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হৈছে প্ৰায় ৮০ লাখ বাংলাদেশীৰ নাম।

২২. গণৰাজ্য দিৱসৰ নিশাই ঢেকীয়াজুলিত উৰিল আলফা(স্বা)ৰ পতাকা। ব্যস্ত ৰাজপথৰ কাষত কোনোৱে আহি উৰুৱাই থৈ গ'ল সংগঠনটোৰ পতাকা।

২৩. দুদিনৰ বাবে চিআইডিৰ জিম্মালৈ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰী। দিছপুৰ আৰক্ষীয়ে ২৩ জানুৱাৰীত গ্ৰেপ্তাৰ কৰিছিল চৌধুৰীক।

২৪. ১৪ ফেব্ৰুৱাৰীত মুক্তি পাব নতুন হিন্দী ছবি 'লাভ আজ-কল ২০২০'। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কাৰ্তিক আৰিয়ান আৰু ছাৰা আলি খানে।

২৫. 'আমি সকলোকে হিংসাৰে নহয় ধৈৰ্য্য আৰু প্ৰেমৰ মাজেৰে সকলো সমস্যাৰ সমাধান কৰিব লাগিব।'- দেশবাসীক এই আহ্বান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in