১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ দালাই লামাৰ আৰ্থিক সাহায্য। ১০ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে ধৰ্মগুৰু দালাই লামাই।

২. বন্যাৰ্তক চিপছৰ পেকেট বিলাই সামাজিক মাধ্যমত তুলা-ধূনা খাইছে সীমান্ত শেখৰে।

৩. পাঠশালাৰ তিত্কাত বাঘৰ আতংক। দুজন যুৱকে গাড়ী লৈ আহোতে প্ৰত্যক্ষ কৰে বাঘটো।

৪. নিশাৰ অন্ধকাৰত বান সাহায্য আত্মসাৎ! বান সাহায্য দিয়াৰ নামত দুৰ্নীতিৰ অভিযোগ। বঙাইগাঁৱৰ সুতীৰমুখ গাঁৱত উত্তপ্ত পৰিস্থিতি।

৫. অসমত একেদিনাই ৩৪জন লোকৰ দেহত ক'ভিড।

৬. ডিমৌত পুৱাই সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা। ছ'চিয়েল মিডিয়াত পোষ্ট দি কণমানি কন্যাসহ ডিমৌ নদীত জাপ দম্পতীৰ।

৭. কৃত্ৰিম বানপানীৰ বিভীষিকাৰ পিছতেই আন এক দুৰ্যোগৰ সন্মুখীন মহানগৰবাসী। বানৰ পিছতে বিধ্বস্ত হৈ পৰিছে প্ৰায়সমূহ উপ-পথ।

৮. তেজপুৰত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত অনিয়মৰ অভিযোগ- ঘাইপথৰ ১৭ কিঃমিঃ অংশৰ নিৰ্মাণৰ অংশত বালি ব্যৱহাৰৰ অভিযোগ।

৯. ৰাজ্যৰ চৌদিশে সংহাৰী বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে লাখ লাখ বন্যাৰ্তই। একেদৰে বানত বুৰ গৈ আছে প্ৰতিখন জিলাৰে কৃষিভূমি।

১০. বান সাহায্যক লৈ নগাঁৱৰ এটা আশ্ৰয় শিবিৰত উত্তপ্ত পৰিস্থিতি- চৰকাৰী বান সাহায্য বিতৰণত খেলিমেলি কৰাৰ অভিযোগ।

১১. অম্বুবাচী মেলাক লৈ উখল মাখল পৰিৱেশ মা কামাখ্যা ধামত। ৰাজ্য তথা বহিঃৰাজ্যৰ ৫০ হাজাৰোধিক ভক্তৰ সমাগমৰ মাজত এক ভক্তিভৰা পৰিৱেশ নীলাচল পাহাৰত।

১৩. শিলচৰৰ বানত আবদ্ধ হৈ থকা মিজোক উদ্ধাৰ মিজোৰাম আৰক্ষীৰ – শিলচৰত প্ৰৱেশ কৰা এইখন প্ৰথম মিজোৰামৰ নাও

১৪. NCPৰ মুৰব্বী শাৰদ পাৱাৰৰ সংবাদমেল ।চৰকাৰে ভাল কাম কৰি আছে' 'বিধানসভাত হ'ব সংখ্যাগৰিষ্ঠতাৰ প্রমাণ'

১৫. LIC এজেণ্ট, সাংবাদিকতা আদিৰ লগত জড়িত শিক্ষকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ব্যৱস্থা গ্ৰহণৰ ঘোষণা কৰিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

১৬. নতুন দিল্লীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোচীৰ চৰকাৰী বাসভৱনলৈ মুখ্যমন্ত্রী

১৭. অসমৰ ৰাজনৈতিক ইতিহাসত কলংকৰ দাগ লগালে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটীত মহাৰাষ্ট্ৰৰ বিধায়কে বাহৰ পাতি থকাক লৈ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া

১৮. মহাৰাষ্ট্ৰৰ পৰা আহি গুৱাহাটীত উপস্থিত আন তিনিজন বিধায়ক- চুৰাট হৈ বৰঝাৰ বিমান বন্দৰত নিশা উপস্থিত বিধায়ক তিনিজন।

১৯. অসমত ভাল হোটেল আছে কাৰণে মহাৰাষ্ট্ৰৰ বিধায়ক আহিছে'- দিল্লীত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

২০. ৰাজ্যৰ বানপানীকলৈ কেন্দ্ৰই পিঠি দিছে" প্ৰধানমন্ত্ৰীয়ে শীঘ্ৰে বান সাহাৰ্যৰ পেকেজ ঘোষণা কৰাৰ দাবী শংকৰজ্যোতি বৰুৱাৰ।

২১. বজালীত বানবিধস্ত ভূমিহীন লোকক পুনৰ সংস্থাপনৰ দাবী অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ।

২২. বৰপেটাত বান সাহায্যৰ নামত অহা দাইল চুৰি ৷ পশ্চিম বেতবাৰী গাঁও পঞ্চায়ত সদস্যাৰ স্বামীৰ বিৰুদ্ধে অভিযোগ ৷

২৩. নতুন দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা। অসমৰ প্ৰশাসনিক বিষয়াৰ দলৰ বিশেষ সফলতা।

২৪, ধনশিৰি মহকুমাৰ সৰুপথাৰত জব্দ বাৰ্মিজ চুপাৰী। নিশা নাকা চেকিঙত জব্দ কৰে দুখনকৈ চুপাৰী ভত্তী ট্ৰাক। ট্ৰাক দুখনৰ নম্বৰ HR 65 A9188 আৰুPB10 GW4973 বুলি জানিব পৰা গৈছে।

২৫. ৭ দিনৰ বাবে সম্পূৰ্ণ বুক কৰা হৈছে গুৱাহাটীৰ ৰেডিছন ব্লু' হোটেল- হোটেলখনৰ ৭০টা কোঠাৰ ৭ দিনৰ ভাৰা প্ৰায় ৫৬ লাখ টকা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in