১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা। শনিবাৰে কেবাটাও ৰাজনৈতিক দলে সাব্যস্ত কৰে প্ৰতিবাদ।

২. চৰকাৰৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। শনিবাৰে পুৱাই মৰিয়নীৰ থানা চাৰিআলিত অৱস্থান ধৰ্মঘটত বহিল বিধায়কগৰাকী।

৩. 'আঞ্চলিকতাবাদী শক্তিক বিভাজন কৰিবলৈকে অগপই জন্ম দিলে ছাত্ৰ সংগঠন।' এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই।

৪. মহাৰাষ্ট্ৰত বিজেপিৰে চৰকাৰ, সকলো পৰীক্ষাৰ বাবে সাজু বিজেপি। এই মন্তব্য কৰিলে বিজেপিৰ উপাধ্যক্ষ বিনয় সহজবুদ্ধেই।

৫. যশস্বী অভিনেত্ৰী শৌকত আজমিৰ মৃত্যু। মৰ্মাহত মুম্বাইৰ চিনেমা-নাট্যজগত ।

৬. চৰাইদেউ জিলাৰ অসম-অৰুণাচল সীমান্তৰ দিল্লী সংৰক্ষিত বনাঞ্চলত এতিয়া চকু বন মাফিয়াৰ। দৈনিক ১৫-২০টা হাতীৰে সৰবৰাহ হৈছে মূল্যৱান গছ-গছনি। বৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ে হাতীসহ আটক কৰিলে এজন মাউতক।

৭. অব্যাহত আছে ৬ ডিচেম্বৰত মুক্তি পাবলগীয়া 'প্ৰতিঘাত' ছবিৰ প্ৰচাৰ অভিযান। ছবিখনৰ প্ৰমোচনৰ বাবে শনিবাৰে নামতিত শনিবাৰে উপস্থিত হ'ল টীম 'প্ৰতিঘাত'।

৮. বিশ্বনাথ চাৰিআলিত বিদ্যুত্স্পৃষ্ট হৈ প্ৰাণ হেৰুৱালে অঞ্চলটোৰ যুৱক তথা সাংস্কৃতিক কৰ্মী জয়ন্ত বৰাই। অঞ্চলজুৰি শোকৰ ছাঁ।

৯. শনিবাৰে আকৌ ৰাজধানী এক্সপ্ৰেছত জব্দ হ'ল নিষিদ্ধ সামগ্ৰী। গ্ৰেপ্তাৰ হ'ল পাঞ্জাৱৰ এটা সৰবৰাহকাৰী।

১০. মৰিয়নিত শনিবাৰে কেন্দ্ৰীয়ভাৱে অসম চৰকাৰে উদযাপন কৰিলে শ্ৰমিক কল্যাণ দিৱস। চমকপ্ৰদ আয়োজন। এই দিৱসত অংশগ্ৰহণ কৰিবলৈ মৰিয়নিত উপস্থিত হ'ল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

১১. নতুন দিল্লীৰ ৰাষ্ট্ৰীয় দবা প্ৰতিযোগিতাৰ ১১-অনূৰ্ধ্ব শাখাত চেম্পিয়ন অসম সন্তান মায়ংক চক্ৰৱৰ্তী।

১২. মুম্বাইত উপস্থিত এন চি পিৰ বিধায়ক। মুম্বাইৰ ৰেনাইছেন্স হোটেলত উপস্থিত বিধায়ক কেইজন।

১৩. ত্ৰিপুৰাত ভয়ংকৰ ঘটনা। একেটা পৰিয়াৰ চাৰিজন সদস্যই কৰিলে আত্মহত্যা। ঘটনা সন্দৰ্ভত আৰক্ষীত তদন্ত আৰম্ভ।

১৪. ছত্তীশগড় বিজেপিৰ জ্যেষ্ঠ নেতা বানশ্বিলাল মাহটোৰ দেহাৱসানা। লিভাৰৰ ৰোগত আক্ৰান্ত হৈ আছিল নেতাগৰাকী।

১৫. মহাৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে শিৱসেনা, এন চি পিৰ আৱেদন দাখিল। দেওবাৰে উচ্চতম ন্যায়ালয়ত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰা হ'ব।

১৬. 'দেৱেন্দ্ৰ ভড়নভিছে মহাৰাষ্ট্ৰৰ ৰাজ্যপালক বিপথে পৰিচালিত কৰিছে।'- এই মন্তব্য কংগ্ৰেছ নেতা অশ্বোক চাৱনৰ।

১৭. মহাৰাষ্ট্ৰৰ ৰাজ্যপাল উপস্থিত দিল্লীত। এনুৱেল কনফেৰেন্স অৱ গৱৰ্ণৰ অনুষ্ঠানত দেওবাৰে অংশ লোৱাৰ উদ্দেশ্যে দিল্লীত উপস্থিত ভগত সিং কোশ্বিয়াৰী।

১৮. 'গুজৰাট চৰকাৰে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত কৃষকসকলক ৩৭৯৫ কোটি টকাৰ সাহায্য প্ৰদান কৰিব।'- এই ঘোষণা গুজৰাটৰ উপ-মুখ্যমন্ত্ৰী নীতিন পাটেলেৰ।

১৯. দিল্লী আৰক্ষীৰ বিশেষ দলে গ্ৰেপ্তাৰ কৰে চাৰিজনকৈ চাইবাৰ অপৰাধীক। শিশুৰ অশ্লীল ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত ভাইৰেল কৰিছিল চাৰিওজনে।

২০. তেলেংগানাত গ্ৰেপ্তাৰ দুজন বিমান যাত্ৰীক। ৪ কেজি ওজনৰ সোণসহ গ্ৰেপ্তাৰ কৰে লোক কেইজনক।

২১. পঞ্জাৱৰ লুধিয়ানাত অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ'ল এটা বাসগৃহ। অৱশ্যে কোনো লোক হতাহত হোৱা নাই এই অগ্নিকাণ্ডত।

২২. ছত্তীশগড়ৰ ছুকমাত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰ গুলীচালনাত নিহত দুটা মাওবাদী।

২৩. দিল্লীত বৃদ্ধি পাইছে বায়ু প্ৰদূষণ। ২০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে ৰাজ্যখনৰ বিভিন্ন স্থানত পানী চটিয়াই বায়ু প্ৰদূষণ ৰোধ কৰাৰ প্ৰয়াস চৰকাৰৰ।

২৪. শনিবাৰে ৮৭ বছৰত ভৰি দিলে সাহিত্যিক ইমৰান শ্বাহে। অসংখ্য গুণমুগ্ধই জনালে শুভেচ্ছা ।

২৫. ২৯ নবেম্বৰত মুক্তি পাব নতুন হিন্দী ছবি কামাণ্ড-৩। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অবিনেতা বিদ্যুৎ জামৱালে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in