১ মিনিটত ২৫ খবৰ…

১ মিনিটত ২৫ খবৰ…

১. চলিত সপ্তাহতে ৰাজ্যত সমষ্টিৰ সীমা নিৰ্ধাৰণৰ অধিসূচনা। ১২৬টা বিধানসভা সমষ্টিত সীমা নিৰ্ধাৰণ হ'ব নতুনকৈ। গৃহ মন্ত্ৰণালয়ে জাৰি কৰিব সমষ্টি পুনৰ নিৰ্ধাৰণৰ অধিসূচনা।

২. নিৰ্বাচনৰ পূৰ্বে বিটিচিত হিংসাত্মক ঘটনাৰ ইংগিত। হাগ্ৰামা মহিলাৰীৰ পত্নী-পুত্ৰৰ গাড়ীলৈ শিলাবৰ্ষণ। গাড়ীখনত আছিল হাগ্ৰামাৰ পত্নী ছিউলী মহিলাৰী, দুই পুত্ৰ।

৩. দেশদ্ৰোহিতাৰ গোচৰত গুৱাহাটীলৈ লৈ অনা হয় শ্বাৰ্জিল ইমামক। ন্যায়ালয়ে ৪ দিনৰ বাবে ইমামক প্ৰেৰণ কৰে আৰক্ষী জিম্মালৈ।

৪. অমৃতসৰৰ স্বৰ্ণ মন্দ্ৰিত উপস্থিত হয় বিজেপিৰ অধ্যক্ষ জে পি নড্ডা। নেদেখাজনৰ আগত প্ৰাৰ্থনা জনাই তেওঁ।

৫. 'অহা ২৪ ফেব্ৰুৱাৰীত তাজমহল পৰিদৰ্শনৰ বাবে আগ্ৰাত উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ট্ৰাম্পৰ এই পৰিদৰ্শনৰ সময়চোৱাত সাধাৰণ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব তাজমহল।'- এই কথা সদৰী কৰে আগ্ৰা প্ৰশাসনে।

৬. দক্ষিণ কোৰিয়াত কোৰানা ভাইৰাছত আক্ৰান্ত বহু কেইজন। প্ৰায় ১৫জনকৈ লোক আক্ৰান্ত হৈছে এই ভাইৰাছত।

৭. প্রধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিলে অযোধ্যা ৰাম মন্দিৰ ট্ৰাষ্ট বৰ্ডৰ সদস্যসকলে। ৭ নং লোক কল্যাণ মাৰ্গস্থিত বাসভৱনত সাক্ষাৎ কৰে তেওঁক।

৮. 'আমি প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনাৰ বাবে আহিছো। আৰু শুকুৰবাৰে পুনৰ আহিম।'- এই মন্তব্য সাধনা ৰামচন্দ্ৰনৰ।

৯. 'অযোধ্যৰ ৰাম মন্দিৰ চৌহদত নিৰ্মাণ কৰিব লাগে ভগৱান হনুমানৰ এটা প্ৰতিমূৰ্তি।'- এই মন্তব্য আপৰ বিধায়ক সৌৰভ ভৰ্দৱাইৰ।

১০. কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী উপস্থিত ইণ্ডিয়া গেটত। হুনাৰ হাটত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।

১১. চেন্নাইত গ্ৰেপ্তাৰ এজন লোকক। প্ৰায় ১২ কেজিৰো অধিক ওজনৰ সোণ সৰবৰাহ কৰাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১২. ছাংঘাই আৰু হংকঙৰ পৰা আহিব লগা বা যাব লগীয়া সকলো এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল অহা ৩০ জুনলৈ। কোৰোনা ভাইৰাছৰ ওপৰত লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।

১৩. কালিকুট বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। প্ৰায় ১০ কেজি ওজনৰ সোণৰ বিস্কুট সহ গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৪. দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰে সুধীৰ কুমাৰ নামৰ এজন লোকক। এজন লোকক দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হয় লোকজনক।

১৫. এছ এ ডিৰ পৃষ্ঠপোষক পৰ্কাশ সিং বাদাল সাক্ষাৎ কৰে বিজেপিৰ অধ্যক্ষ জে পি নড্ডাই। পৰ্কাশ সিং বাদালৰ জন্মদিনত শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে সাক্ষাৎ কৰে তেওঁক।

১৬. ছত্তীশগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন লোক। আহত লোক কেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

১৭. হিমাচলপ্ৰদেশত অব্যাহত তুষাৰপাত। তুষাৰপাতৰ ফলত ৰাজ্যখনৰ কেইবাটাও পথত যান-বাহন চলাচল ব্যাহত হৈ পৰে।

১৮. ২০ মাৰ্চত মুক্তি পাব নতুন হিন্দী ছবি 'ইংৰাজী মিডিয়াম।' ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা ইৰফান খানে।

১৯. "কা"খন 'শ্লো পয়জন'ৰ দৰে। "অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা"ৰ অংশ হিচাপে বৃহস্পতিবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ দৌলাশালত কংগ্ৰেছৰ বিশাল ৰাজহুৱা সভাত মন্তব্য ৰিপুন বৰাৰ।

২০. বিটিচি নিৰ্বাচনলৈ মাজত কেইটামান দিন। নিৰ্বাচনৰ পূৰ্বে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী-পুত্ৰৰ গাড়ীলৈ শিলাবৰ্ষণ দুৰ্বৃত্তৰ।

২১. ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত শ্বাৰ্জিল ইমামক ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ। তেওঁক বৃহস্পতিবাৰে গুৱাহাটীলৈ আনি হাজিৰ কৰোৱা হৈছিল আদালতত।

২২. মেধা পাটকাৰ আৰু সন্দীপ পাণ্ডেয়ে আছুৰ আন্দোলন প্ৰসংগত কৰাৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আছুৱে। সংগঠনটোৰ সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, সন্দীপ পাণ্ডে আৰু মেধা পাটকাৰে ইমান যে মিছা কথা ক'ব পাৰে সেই কথা অসমৰ মানুহে ভবা নাছিল।

২৩. ২৩ ফেব্ৰুৱাৰীত দিল্লীৰ ৰাজঘাটৰ পৰা অসম অভিমুখে প্ৰায় ৫০ গৰাকী লোকে বাছেৰে যাত্ৰা কৰি ২ মাৰ্চত উপস্থিত হ'বহি গোৱালপাৰাত।
বিশিষ্ট সমাজকৰ্মী তথা ৰমন মেগাছেছে বঁটাপ্ৰাপক সন্দীপ পাণ্ডেয়ে বৃহস্পতিবাৰে এক মত বিনিময় অনুষ্ঠানত কৰে এই মন্তব্য।

২৪. মহানগৰীৰ অপ্সৰা ছবিগৃহৰ সমীপত বিধ্বংসী অগ্নিকাণ্ড। জুইত জাহ গ'ল ২০ টা ঘৰ।

২৫. বিশিষ্ট সাহিত্যিক ড০ ভবেন্দ্ৰনাথ শইকীয়াৰ ৮৮ সংখ্যক জন্মদিন উদযাপন। এই উপলক্ষে মহানগৰীৰ বেলতলাৰ আৰোহণত বিশেষ আয়োজন। ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ চৌহদত জন্মদিনটোতে উন্মোচন কৰা হয় তেখেতৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in