১ মিনিটত ২৫খবৰ…

১ মিনিটত ২৫খবৰ…

১. দেওবাৰে অসমত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩,২৯৯ জন লোক।

২. কোৰোনাত আক্ৰান্ত হৈ দেওবাৰে অসমত মৃত্যু হৈছে ৪৮গৰাকী লোকৰ।

৩. আজি ধেমাজিত আকৌ ২৯ জনৰ ক'ভিড পজিটিভঃ জিলাখনৰ ক'ভিড পজিটিভৰ সংখ্যা ৮২০ জনলৈ বৃদ্ধি।

৪. জেদ+ Security স্বেচ্ছাই এৰিলে সৰ্বানন্দ সোণোৱালে।নিজেই আৰক্ষী নিৰাপত্তা প্ৰত্যাহাৰ কৰিলে বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে।

৫. ৰূপহীহাটত অস্ত্ৰসহ যুৱকক আটক। পইণ্ট 22 পিষ্টল, দুজাই সজীৱ গুলী জব্দ।

৬. কাজিৰঙা, বোকাখাতত ধুমুহা, শিলাবৃষ্টি। কেইবাখনো গাঁৱত বিস্তৰ ক্ষতি।

৭. মৈৰাবাৰীৰ লালিপথাৰত ভূমিকেন্দ্ৰিক সংঘাত। এজন নিহত, মহিলাসহ আহত দুজন।

৮. সোমবাৰে কলাক্ষেত্ৰত ১৫সংখ্যক মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে ১২ বজাত শপতগ্ৰহণ কৰিব নতুন চৰকাৰে

৯. ক'ৰোনা যুদ্ধৰ বাবে ২৫ কোটি টকাৰে যুদ্ধৰ প্ৰস্তুতি NRLৰ। কেইবাখনো নতুন হাস্পতালৰ পৰিকল্পনা।

১০. সোমবাৰেই গঠন কৰা নহয় পূৰ্ণাংগ মন্ত্ৰীসভা। বিজেপিৰ লগতে অগপ-UPPLৰ সদস্যয়ো ল'ব শপত।

১১. নিশা আমিনগাঁৱৰ অতিথিশালাত হিমন্তবিশ্ব শৰ্মা। বিজেপি পৰ্যবেক্ষকৰে বৈঠক শৰ্মাৰ।

১২. হোজাইত ধুমুহাৰ তাণ্ডৱ। বিয়লি ভাগত অহা এজাক প্ৰচণ্ড ধুমুহাত হোজাইত বিস্তৰ ক্ষতিসাধন।

১৩.হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছতে একাংশৰ উল্লাস। নলবাৰীৰ বৰভাগত কভিড পট্ৰ'কল ভংগ কৰি ফটকা ফুটাই উল্লাস বিজেপি কৰ্মীৰ।

১৪. এক বিধ্বংসী অগ্নিকাণ্ডৰ পিছতে তেজপুৰৰ চ'ক বজাৰত নিশা হাহাকাৰ পৰিস্থিতি। আগ্ৰাসী জুইত ছাই হৈ গ'ল বজাৰখনৰ ৩ শতাধিক দোকান।

১৫. নাগালেণ্ড চৰকাৰৰ বিশেষ সতৰ্কতামূলক ব্যৱস্থা। ডিমাপুৰ ষ্টেশ্যনত সকলো যাত্ৰীবাহী ৰে'ল ৰখোৱাত কৰিলে নিষেধাজ্ঞা।

১৬. ৰাজ্যত অতি ভয়াৱহ ৰূপত সংক্ৰমিত হৈছে কোভিড-19। যোৱা ১০টা দিনত ৰাজ্যত কৰোনাত আক্ৰান্ত হৈছে ৪২ হাজাৰৰো অধিক লোক।

১৭. চাৰিদুৱাৰ পাৱাৰ গ্ৰীড কৰ্পৰেচন লিমিটেডত কৰোনাৰ গণ সংক্ৰমণ। ১৭ জন কৰ্মচাৰীৰৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।

১৮. কাজিৰঙাৰ সমিপত এ. কে. চিৰিজৰ ৰাইফল সহ গ্ৰেপ্তাৰ তিনি চোৰাং চিকাৰী।

২০. ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আদৰণি জনাইছে বিজেপিৰ ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি প্ৰফুল্ল বৰাই ৷

২১. ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ২ নং জামুগুৰি গাঁওৰ এগৰাকী বিবাহিতা মহিলাক আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ গোচৰত তেওঁৰ স্বামীক দেওবাৰে ঢকুৱাখনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

২২. বজালী জিলা মদন ৰাউতা অসামৰিক চিকিৎসালয়ত কোভিদ ভেকচিনৰ অভাৱ

২৩. কোৰোনাৰ "হটস্পত"লৈ ক্ৰমাৎ পতিত মধুপুৰ চাহ বাগান। সন্ত্ৰস্ত ঢকুৱাখনাবাসী

২৪. কাইলৈ 2 বজাত "সীমিত মন্ত্ৰীসভা"ৰহে শপতগ্ৰহণ। ৮/৯জন মন্ত্ৰীসহ মুখ্যমন্ত্ৰী হিচাবে শপত লব হিমন্তবিশ্ব শৰ্মাই।

২৫. মনোনীত মুখ্যমন্ত্ৰীলৈ জাতীয় পৰিষদৰ শুভেচ্ছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in