১ মিনিটত ২৫খবৰ…

১ মিনিটত ২৫খবৰ…

১. ১ ডিচেম্বৰৰ পৰা বাইকৰ দুয়োজন আৰোহী পিন্ধিব লাগিব হেলমেট।মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে নগাঁৱত আৰক্ষীৰ তত্পৰতা বৃদ্ধি।

২. মঙলদৈৰ মুদৈবাৰীত নাহৰফুটুকীৰ উপদ্ৰৱ- পথাৰত কাম কৰি থকা অৱস্থাতে এজনক আক্ৰমণ।

৩. ৰাজকন্যা গোচৰৰ চাৰ্জশ্বীট দাখিল দিছপুৰ আৰক্ষীৰ- ৬ পৃষ্ঠাজোৰা চাৰ্জশ্বীট দাখিল আৰক্ষীৰ।

৪. ক'লা গুণ্ডাক হাজিৰ কৰোৱা নহ'ল আদালতত, ৭ অভিযুক্তক আৰক্ষীৰ জিম্মা আৰু ৫ জনক ন্যায়িক জিম্মালৈ প্ৰেৰণ।

৬. বৰপেটাত চহৰত বিচৰণ কৰি ফুৰা বনৰীয়া হস্তীৰ কেতেকী চৰত প্ৰবেশ ৷ আক্ৰমণত নিহত নিৰলা চৰৰ এজন ৷

৭. পুনৰ জামিন নাকচ বৰাকৰ বিতৰ্কিত নেতা প্ৰদীপ দত্তৰয়ৰ। শিলচৰ আদালতে নাকচ কৰে BDFৰ মুৰব্বী দত্তৰয়ৰ জামিন আবেদন।

৮. শিক্ষা বিভাগত শীঘ্ৰেই দিয়া হ'ব ২২হাজাৰ পদত নিযুক্তি। আজি শিক্ষা বিভাগত পুনৰ ৭২৩গৰাকী প্ৰাৰ্থীক নিযুক্তি প্ৰদান কৰি ঘোষণা মুখ্যমন্ত্ৰীৰ

৯. অসম সাহিত্য সভাৰ উপসভাপতি মৃণালিনী দেৱীক প্ৰদান ভীমবৰ দেউৰী বঁটা।

১০. ৰাজ্য কঁপাই যোৱা অনিমেষ ভূঞা হত্যাকাণ্ডত জড়িত ১৩ নৰপিশাচক গ্ৰেপ্তাৰ।ফাষ্টট্ৰেক আদালতত হ'ব অনিমেষ হত্যাকাণ্ডৰ বিচাৰ, এমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

১২. টাৰ্গেট ৫ ডিচেম্বৰ। ৫ ডিচেম্বৰৰ ভিতৰত অসমত ১০০ শতাংশ সম্পূৰ্ণ হ'ব প্ৰথম পালি কভিড ভেকচিন।

১৩. অনিমেষ ভূঞাৰ বাসগৃহত আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, শোকশন্তপ্ত পৰিয়ালবৰ্গক জ্ঞাপন কৰিলে সমবেদনা।

১৪. অনিমেষ ভূঞালৈ বালিপৰা আঞ্চলিক ছাত্ৰ সন্থাৰ শ্ৰদ্ধাঞ্জলি। সমগ্ৰ ৰাজ্যজুৰি আছুৱে এই নাৰকীয় হত্যাকাণ্ডক ধিক্কাৰ জনাইছে।

১৫. জননেতা ভীমবৰ দেউৰীৰ ৭৪তম মৃত্যু বাৰ্ষিকী উদযাপন- দেউৰী পিপ'লছ জাষ্টিচ ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত বিশেষ কাৰ্যসূচী।

১৬. যোৰহাটৰ আদালতত অনিমেষ হত্যাকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি- আদালত চৌহদতে অনিমেষ হত্যাকাণ্ডত জড়িতক গণপ্ৰহাৰ।

১৭. ডিব্ৰুগড়ত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। বৈৰাগীমঠৰ এটা ঘৰত উদ্ধাৰ হৈছে ভাৰাতীয়া আৰু মালিকৰ মৃতদেহ।

১৮. এইবাৰ হাজোত আৰক্ষীৰ এনকাউণ্টাৰ- হাজোৰ চৰবৰীত পুৱতি নিশা এনকাউণ্টাৰ আৰক্ষীৰ।

১৯. ১২ সাংসদক ৰাজ্যসভাৰ পৰা নিলম্বনক লৈ চৰকাৰ আৰু বিৰোধীৰ সংঘাত তুংগত উঠিছে।

২০. মঙলদৈ টিয়াঝাৰত মঙ্গলবাৰে আবেলি বাঘৰ এক সন্ত্ৰাস সংঘটিত হয়।বাঘৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হয় তিনি জন লোক।

২১. চামগুৰিৰ‌ প্ৰাক্তন বিধায়ক অতুল শৰ্মাৰ মৃত্যু । গুৱাহাটীত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় প্ৰাক্তন বিধায়ক গৰাকীৰ ।

২২. চৰাইদেউত ৪,৪৭৪ গৰাকী হিতাধিকাৰীক মাইক্ৰ'ফাইনেন্স উদগনি আৰু ৰেহাই চেক বিতৰণ ৷

২৩. যোৰহাটৰ অনিমেষ ভূঞাৰ হত্যা কাণ্ড আৰু সংবাদ কৰ্মীক আক্ৰমণত ছাত্ৰ কৰ্মীৰ মৃত্যুত লৈ মঙ্গলবাৰে দৰং জিলা ছাত্ৰ সন্থাই প্ৰতিখন আঞ্চলিকতে অৰ্ধনমিত কৰিলে পতাকা।

২৪. নগাঁও জিলাৰ পুৰণিগুদাম বৰাচুক নিবাসী সৰবৰাহী ব্যক্তি, অৱসৰপ্ৰাপ্ত শিক্ষক যতীন্দ্ৰ শৰ্মাৰ মৃত্যু হয় ।১৯৫৭ চনৰ ফেব্ৰুৱাৰী মাহৰ ১তাৰিখে জন্মগ্ৰহণ কৰা যতীন্দ্ৰ শৰ্মাই শিক্ষা জীৱন শেষ কৰি পৰবৰ্তী সময়ত শিক্ষকতা বৃত্তিত জড়িত হৈছিল ।

২৫. নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ জন্ম লগ্নৰ  অভিলেখ ভংগ। চলিত মাহত  এশ শতাংশ প্লাণ্ট ভাৰ ক্ষমতাৰে ৯৮.৪ মেগৱাট বিদ্যুৎ উৎপাদন। 

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in