১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. কোৰোনাক লৈ চিন্তা। অসমত পুনৰ ৰেলৱে ষ্টেচন আৰু বিমান বন্দৰত কৰা হব কোৰোনা টেষ্ট।

২. গুৱাহাটীত উপস্থিত RJD নেতা তেজস্বী যাদৱ৷ মহাজোটৰ নেতাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হব নেতা গৰাকী৷

৩. ডি এছ পি হল হিমা দাস। শুকুৰবাৰে নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

৪. নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে তৎপৰ হৈছে ৰাজ্য প্ৰশাসন। ২৪ ঘণ্টাৰ ভিতৰত ৰাজনৈতিক দলৰ তথা চৰকাৰী আঁচনিৰ বিষয়ে উল্লেখ থকা পোষ্টাৰ–বেনাৰ আঁতৰোৱাৰ নিৰ্দেশ দিছে ৰাজ্য প্ৰশাসনে।

৫. মহানগৰীৰ ফেন্সিবজাৰস্থিত মহাবীৰস্থলত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে পুৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ পঞ্চদশ প্ৰান্তীয় অধিবেশন।

৬. বিলাসীপাৰা প্ৰেছ ক্লাৱৰ নৱনিৰ্মিত ভৱন উদ্বোধন। বিধায়ক এলেকা উন্নয়ন পূঁজিৰ ৬ লাখ টকাৰে প্ৰেছ ক্লাবৰ ভৱন নিৰ্মাণ।

৭. নতুন অসমীয়া চুটি ছবি 'মায়া বাইদেউ'ৰ শুভমুক্তি। ২৭ ফেব্ৰুৱাৰীৰ পৰা Youtube চেনেল K.C.digital filmsত উপলব্ধ হ'ব ছবিখন।

৮. নাজিৰাত শুকুৰবাৰে চ্যাওল্যুং চ্যুকাফাৰ ৭৫ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই।

৯. দেশত কৰোনাৰ ছেকেণ্ড ৱেভ আৰম্ভ!মহাৰাষ্ট্ৰ, পাঞ্জাৱ, কেৰালা, কৰ্ণাটক, ছট্টিশগড়ত গণ সংক্ৰমণ। ২৪ ঘণ্টাত দেশত ১৬,৫৭৭ জন লোক আক্ৰান্ত কৰোনাত।

১০. শুকুৰবাৰে গুৱাহাটীত এগৰাকী শিক্ষয়িত্ৰী আক্ৰান্ত হোৱাৰ বিপৰীতে ৰহাত আক্ৰান্ত হৈছে এগৰাকী ছাত্ৰী।

১১. ২৭ মাৰ্চ, ১ আৰু ৬ এপ্ৰিলত অসমত ভোটগ্ৰহণ। অসমত ৩টা পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ ভোট।

১২. ইন্ধনৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰোধিতা, E-billৰ সংশোধনী দাবীৰে শুকুৰবাৰে কনফেডাৰেশ্যন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে দিয়া ভাৰত বন্ধৰ প্ৰভাৱ অসমতো।

১৩. নিৰ্বাচনৰ দিন ঘোষণাকলৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ পুনৰ শাসনলৈ অহাৰ দাবী মুখ্যমন্ত্ৰীৰ৷

১৪. গোৰ্খাসকলৰ সমস্যা সমাধানৰ দাবীত জোনাইত প্ৰতিবাদী কাৰ্যসূচী। সমস্যা সমাধান নকৰিলে ভোট বৰ্জনৰ হুংকাৰ।

১৫. ছয়গাঁৱত অভিলাষী "টী পাৰ্ক" প্ৰকল্পৰ আধাৰশিলা স্থাপন। ২৫.৭৩কোটি টকা ব্যায়ৰে নিৰ্মান হ'বলগীয়া প্ৰকল্পটোৰ আধাৰশিলা স্থাপন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ।

১৬. চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ ভূমিপূজন। স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ভূমিপূজন।

১৭. ৰাজ্যৰ আৰক্ষী বিভাগৰ শীৰ্ষ বিভাগত ব্যাপক ৰদ- বদল। নিৰ্বাচনৰ পূৰ্বে ১৮ জন আৰক্ষী অধীক্ষক , অতিৰিক্ত আৰক্ষীক বদলি।

১৮. দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি তেজস্বী যাদৱ। বিজেপি বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনাত মিলিত হ'ব নেতাগৰাকী।

১৯. বিধানসভা নিৰ্বাচনত একেলগে যুঁজত নামিব UPPL-BJP । প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিলৰ সময়ত ঘোষণা প্ৰমোদ বড়োৰ।

২০. কলিয়াবৰৰ নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে কৰ্মচাৰীক নিৰ্যাতনৰ অভিযোগ। নিৰ্বাচনী বিষয়া বাৰ্বি হাজৰিকাৰ বিৰুদ্ধে কৰ্মচাৰীৰ এই অভিযোগ।

২১. শংকৰদেৱ কলাক্ষেত্ৰত APDCL, APGCL, AEGCLৰ ৭৩৭ প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ। নিযুক্তিপত্ৰ বিতৰণ কৰি স্বচ্ছ আৰু নিকা পৰীক্ষা প্ৰক্ৰিয়াৰ প্ৰসংগ উল্লেখ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

২২. বটদ্ৰৱা সমষ্টিৰ বালিসত্ৰ, কোবাইকটা সত্ৰত আধাৰ শিলা স্থাপন বিধায়িকা আংগুৰলতা ডেকাৰ।

২৩. বোকাখাতত অতুল বৰাৰ কাৰ্যকালৰ অন্তিমটো চমক। বোকাখাতত ৪৫০টা আত্মসহায়ক গোটলৈ ১০ কোটি ৫২ লাখৰ অনুদান।

২৪. প্ৰজ্ঞা ফাউণ্ডেচনৰ সত্ৰদ্বীপ মাজুলীত "সংস্কাৰ জাগৰণ যাত্ৰা" কাৰ্যসূচীৰ শুভাৰম্ভ। মানৱক ' বসুধৈৱ কুটুম্বকম' মানসিকতা জাগ্ৰত কৰাৰ চেষ্টা।

২৫. গুৱাহাটীৰ গড়চুকত এজন ভুৱা SI আটক। নিজকে ক্ৰাইম ব্ৰাঞ্চৰ বিষয়া বুলি পৰিচয় দিছিল লোকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in