১ মিনিটত ২৫ খবৰ

১ মিনিটত ২৫ খবৰ

১. ভাৰতত কোৰোনাত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ১ লাখৰ ঘৰ। বৰ্তমান দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১,০০,৩২৬।

২. মহাৰাষ্ট্ৰত কোৰোনাৰ ভয়ংকৰ ৰূপ। সোমবাৰ দিনটোত ২০০৫গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ অৱস্থিতি।

৩. অসমত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪জনলৈ বৃদ্ধি। সৰ্বমুঠ আক্ৰান্তৰ সংখ্যা ১১৫।

৪. অসমত ১৬ হাজাৰখন গাঁৱত প্ৰত্যোকগৰাকী লোকক কৰা হৈছে স্বাস্থ্যপৰীক্ষা। কাৰোৰে দেহত ধৰা পৰা নাই কোৰোনা। এই মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ।

৫. পশ্চিম বংগত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ২৮২৫। মৃত্যু হৈছে ২৪৪গৰাকী লোক।

৬. পঞ্জাৱৰ পৰা বৰ্তমানলৈ ২ লাখ প্ৰবাসী শ্ৰমিক স্বৰাজ্যলৈ ঘূৰি গৈছে। – এই কথা সদৰী কৰে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ে।

৭. হিমাচলপ্ৰদেশত ৯০জনলৈ বৃদ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত সোমবাৰে আৰু চাৰিজনৰ দেহত ধৰা পৰে কোভিড-১৯।

৮.গোৱাত নতুনকৈ ৩৫জন লোকৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৪১জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

৯. ৰাজস্থানত নিশা ৯ বজালৈ আৰু ৩০৫জনৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছত আক্ৰান্তলোকৰ সংখ্যা। সোমবাৰৰ দিনটোত ৰাজ্যখনত কোভিড-১৯ত আক্ৰান্ত হৈ ৭জন লোকে হেৰুৱাই প্ৰাণ।

১০. মহাৰাষ্ট্ৰত দেশৰ ভিতৰতে কোভিড-১৯ত আক্ৰান্ত হৈছে সৰ্বাধিক লোক। সোমবাৰৰ দিনটোতে ৰাজ্যখনত ২০৩৩জন লোকৰ দেহত ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি।

১১. দিল্লীত ব্যক্তিগত কাৰ্যালয়সমূহ সম্পূৰ্ণৰূপে আৰম্ভ কৰিব কাম-কাজ।- এই ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ।

১২. ঝাৰখণ্ডত মঙলবাৰৰ পৰা খুলিব সুৰাৰ বিপনীসমূহ।- এই ঘোষণা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ।

১৩.মুম্বাইত সোমবাৰৰ দিনটোতে কোৰোনা ভাইৰাছত আক্ৰান্ত ১১৮৫জনকৈ লোক। দিনটোত ৰাজ্যখনত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ২৩জন লোকৰ।

১৪. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা জ'ন আব্ৰাহামে।

১৫. দিল্লীত সোমবাৰে কোৰোনাত আক্ৰান্ত হল ২৯৯গৰাকী লোক। সৰ্বমুঠ আক্ৰান্ত ১০,০৫৪ গৰাকী।

১৬. সকলো আগবাঢ়ি আহক। আত্ম নিৰ্ভৰশীল ভাৰত গঢ়াত সকলোৱে সহযোগিতা আগবঢ়াওক। এই মন্তব্য মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ।

১৭. বিপক্ষৰ চৰকাৰ থকা ৰাজ্যবোৰত বিজেপি কাৰ্যকতাসকলৰ স্বতন্ত্ৰ আৱাজক ৰুদ্ধ কৰা হৈছে। এই মন্তব্য বিজেপি অধ্যক্ষ জে পি নড্ডাৰ।

১৮. কেৰালাত ৫০ শতাংশ ক্ষমতাৰে শ্বপিং মল আৰু চেলুন খোলাৰ অনুমতি চৰকাৰৰ। ৰাজ্যখনত ৬৩১ গৰাকী লোক কোৰোনাত আক্ৰান্ত। ইয়াৰে প্ৰায় ৫০০গৰাকী লোকেই হৈছে কোৰোনামুক্ত।

১৯.  Zee Newsত ২৮গৰাকী সংবাদকৰ্মীৰ COVID-19 পজিটিভ। শুকুৰবাৰে প্ৰথমজন আক্ৰান্ত হৈছিল COVID-19ত। কাৰ্যালয়টোত আছে প্ৰায় আঢ়ৈ হাজাৰ কৰ্মচাৰী।

২০. সোমবাৰৰ দিনটোত ১১.৫০ বজালৈকে অসমত কোৰোনাত আক্ৰান্ত হল ১৫গৰাকী লোক। মৃত্যু ২গৰাকী।

২১. সংহাৰী ৰূপ ধাৰণ কৰিছে ঘূৰ্ণি বতাহ আমফানে। ঘণ্টাত ৬৫ৰ পৰা ১৮৫লৈ বৃদ্ধি আমফানৰ গতিবেগ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা জাৰি কৰা হৈছে সতৰ্কতা।

২২. দুখন পৰিবহণ বিভাগৰ বাছক লৈ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বিশ্বনাথ আৰু শিলচৰত। গুৱাহাটীৰ পৰা বাছত যোৱা ২ যাত্ৰী কৰোনা প'জিটিভ হোৱাৰ পিছতে কোৱাৰেণ্টাইন কৰা হৈছে বাছৰ চালক-হেণ্ডিমেনক।

২৩. ৰাজ্যৰ আঠখনকৈ তৈলক্ষেত্ৰক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ প্ৰক্ৰিয়াক লৈ গৰজি উঠিছে ৰাজ্যৰ দল-সংগঠন। অসমৰ তৈলক্ষেত্ৰ গতাই দিলে কোনোপধ্যেই মানি নলয় বুলি স্পষ্ট কৰি দিছে সদৌ অসম ছাত্ৰ সন্থাই।

২৪. জম্মু কাশ্মীৰত সোমবাৰে সেনা, সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত হয় এজন সেনা জোৱান, এটা সন্ত্ৰাসবাদী।

২৫. এতিয়াৰে পৰা গুৱাহাটীত চিভিল ড্ৰেছতো থাকিব আৰক্ষী। কেমেৰা লৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিব আৰক্ষীৰ দলে। DGP ভাস্কৰজ্যোতি মহন্তই প্ৰকাশ কৰিলে এই কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in