১মিনিটত ২৫খবৰ…

১মিনিটত ২৫খবৰ…

১. মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান শুকুৰবাৰে উপস্থিত হয় মাধৱনগৰত। ২০খন আইচিইউ বিচনাযুক্ত এখন কোভিড-১৯ হাস্পতাল উদ্বোধন কৰে তেওঁ।

২. ঝাৰখণ্ডৰ ৰাঞ্চীত উত্তপ্ত পৰিস্থিতি। এছিছটেন্ট পুলিচ পাৰ্ছনেল আৰু আৰক্ষীৰ মাজত সংঘটিত হয় সংঘৰ্ষ। প্ৰতিবাদ সাব্যস্ত কৰা সহকাৰী আৰক্ষীৰ কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে।

৩. শুকুৰবাৰে ছেবাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। দুৰ্নীতি নিবাৰক শাখাৰ ১২ জনীয়া এটা দলে চলাই এই অভিযান। ছেবাৰ সহকাৰী সচিব হেমন্ত ডেকাক জেৰা কৰে দুৰ্নীতি নিবাৰক শাখাই।

৪. অন্ধ্ৰপ্ৰদেশত আকৌ ৮০৯৬জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৬০৯৫৫৮জনলৈ পাইছে বৃদ্ধি।

৫. জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘা। বালাকোট ছেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ। ভাৰতীয় সেনা বাহিনীয়েও দিয়ে ইয়াৰ যোগ্যপ্ৰত্যুত্তৰ।

৬. দিল্লীত অহা ৫ অক্টোবৰলৈ বন্ধ থাকিব সকলো বিদ্যালয়। অৱশ্যে অনলাইন ক্লাছ পূৰ্বৰ দৰেই চলি থাকিব।

৭. পশ্চিমবংগত অহা ২ অক্টোবৰত পুনৰ খোলা হ'ব চিৰিয়াখানাসমূহ। চিৰিয়াখানাত যাবলৈ পৰ্যটকসকলে অনলাইন বুকিং কৰিব লাগিব।

৮. হিমাচলপ্ৰদেশত আকৌ ১০০জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১১২৯০জনলৈ পাইছে বৃদ্ধি।

৯. গুগল প্লে ষ্টৰৰ পৰা আঁতৰোৱা হৈছে পেটিএম এপ। এই এপটোত জুৱা খেলৰ বাবে গুগল প্লে ষ্ট'ৰৰ পৰা আতৰোৱা হৈছে এপটো।

১০. ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণৰ ঘটনা। ৰাজ্যখনৰ বিজাপুৰত মাওবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাই এজন চিএএফ জোৱানে।

১১. মই আৰম্ভণিৰে পৰা কৈ আছিলো যে, এনডিএ চৰকাৰ কৃষক, শ্ৰমিক আৰু দৰিদ্ৰ শ্ৰেণীলোকৰ বিৰোধী চৰকাৰ।– এই মন্তব্য আৰ জে ডি নেতা তেজস্বী যাদৱৰ।

১২. মুম্বাইৰ ৱৰ্লীত সংঘটিত হয় চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই।

১৩. বাংগালুৰুত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা ড্ৰাগছ সৰবৰাহকাৰীক। লগতে জব্দ কৰে বহু নিচাজাতীয় সামগ্ৰী।

১৪. ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব ২০২০ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। ৮ নবেম্বৰত খেলা হ'ব আই পি এলৰ ফাইনেল মেচখন।

১৫. অহা ২ অক্টোবৰত মুক্তি পাব নতুন হিন্দী ছবি সত্যমেৱ জয়তে-২। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা জ'ন আব্ৰাহামে।

১৬. 'কোনোবাই কয় আমি ঘৰে ঘৰে, আমি ঘৰে ঘৰে নহয়'আমি মানুহৰ অন্তৰত থাকিব বিচাৰো : হিমন্ত বিশ্ব।

১৭. কোৰোনাৰ মাজতে সোমবাৰৰ পৰা খুলিব শিক্ষানুষ্ঠান। আৰম্ভ হ'ব নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ পাঠদান। শিক্ষানুষ্ঠান খোলাৰ সন্দৰ্ভত মন্তব্য শিক্ষামন্ত্ৰী হিমন্তৰ।

১৮. বাঘজানত নিষিদ্ধ OILৰ বিষয়া আৰু কৰ্মীৰ প্ৰৱেশ। ১১৪ দিন অতিক্ৰম কৰিলেও আজিকোপতি ক্ষতিপূৰণ নাপালে বাঘজানবাসীয়ে।

১৯. অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱাত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ পৰা খহি অহা মাটিয়ে পুতি পেলালে দোকান-পোহাৰৰ লগতে কেইবাখনো ট্ৰাক।

২০. এটা ভয়ংকৰ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল নগাঁও চহৰত। ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ।

২১. অসম চুক্তিৰ ৬নং দফা ৰূপায়ন পৰামৰ্শ কমিটিৰ প্ৰতিবেদন সন্দৰ্ভত চৰকাৰৰ স্থিতিক লৈ শুকুৰবাৰে ৰাজ্যসভাত সৰৱ হৈ পৰিল বিজেপিৰ মিত্ৰদল অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।

২২. সাহস আছে যদি দুলীয়াজান বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰক লুৰিণজ্যোতি গগৈয়ে। প্ৰত্যাহ্বান জনাই বিজেপিৰ বিধায়ক তেৰচ গোৱালাই ক'লে এইদৰে।

২৩. কাইলৈৰ পৰা বাজি উঠিব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৰণ দুন্দুভি। কৰোনা মহামাৰীৰ বাধা নেওচি অৱশেষত ৬ মাহৰ অচলাৱস্থাৰ পিছত সংযুক্ত আৰৱ আমিল শ্বাহীত অনুষ্ঠিত হ'ব T-20 প্ৰতিযোগিতাখনৰ ত্ৰয়োদশ সংস্কৰণ।

২৪. SEBAত তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। দুৰ্নীতি নিবাৰক শাখাৰ ১২জনীয়া দলৰ অভিযান।

২৫. অৰুণাচল প্ৰদেশত হোৱা মুষলধাৰ বৰষুণৰ বাবে ফেনে-ফোটোকাৰে ওফন্দি উঠিছে জীয়াঢল কুমতীয়া। ধেমাজিত জটিল হৈ পৰিছে বান পৰিস্থিতি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in