১ মিনিটত ২৫খবৰ…

১ মিনিটত ২৫খবৰ…

১. কেৰালাত যোৱা শুকুৰবাৰে নিশা সংঘটিত হোৱা বিমান দুৰ্ঘটনাত নিহত ২০গৰাকী লোক। দুয়োজন পাইলটেও প্ৰাণ হেৰুৱাইছে এই বিস্ফোৰণত।

২. শনিবাৰে গোৱাত ২৫৯গৰাকী লোকৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। গোৱাত কোৰোনাত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৮,২০৬গৰাকী।

৩. মুম্বাইত শনিবাৰৰ দিনটোচত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৫৮গৰাকী লোকৰ। আক্ৰান্ত হৈছে ১,৩০৪গৰাকী লোক।

৪. কেৰালাৰ ইড্ডুকীত হোৱা ভয়ংকৰ ভূমিস্খলনত মৃত্যুৰ সংখ্যা ২১লৈ বৃদ্ধি। কেইবাজনো আছে সন্ধানহীন হৈ।

৫. অসমত কোৰোনাত আক্ৰান্ত হৈ শনিবাৰে প্ৰাণ হেৰুৱালে ৮গৰাকী লোকে। স্বাস্থ্যমন্ত্ৰীয়ে সদৰি কৰিলে এই তথ্য।

৬. সুশান্তৰ চিনেমাৰ কাম অভাৱ হোৱা নাছিল। মৃত্যুৰ আগদিনাও দুগৰাকী পৰিচালকৰ সৈতে কথা পাতিছিল। শেহতীয়াকৈ জেৰাত এই কথা সদৰি কৰিছে সুশান্তৰ মেনেজাৰে।

৭. তিনিচুকীয়াত সাংবাদিকৰ মৃতদেহ উদ্ধাৰ। ৰহস্যজনক অৱস্থাত উদ্ধাৰ সাংবাদিক বিজন দ্বীপৰ মৃতদেহ।

৮. শনিবাৰে কৃষিমন্ত্ৰীক সাক্ষাত কৰে শিল্পী জুবিন গাৰ্গে। নিবনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলা প্ৰসংগত কৰা হয় আলোচনা।

৯. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পুনৰ গঁড় নিধন। মাইকী গঁড় নিধন কৰি খৰ্গ কাটি লৈ গ'ল চোৰাং চিকাৰীয়ে।

১০. আলগাপুৰৰ AIUDF দলৰ বিধায়ক নিজামুদ্দিন চৌধুৰী আক্ৰান্ত কোৰোনাত। চৌধুৰীৰ লগতে তেওঁৰ পত্নী-পুত্ৰও আক্ৰান্ত কোৰোনাত।

১১. গেলামালৰ দোকানৰ পৰাই বৃহত্‍ সংখ্যক লোকলৈ কোৰোনাৰ সংক্ৰমণ হব পাৰে। শেহতীয়াকৈ এই আশংকা ব্যক্ত কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে।

১২. মধ্যপ্ৰদেশত শনিবাৰে পুনৰ ৮৫৯জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৩৮১৫৭জনলৈ পাইছে বৃদ্ধি।

১৩. মুম্বাইত শনিবাৰে ১৩০৪জনৰ দেহত কোভিড ধৰা পৰাৰ লগতে ৫৮জনৰ মৃত্যু। মহানগৰীখনতে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংক্যা ১,২২,৩৩১জনলৈ পাইছে বৃদ্ধি।

১৪. হাৰিয়ানাত পুনৰ ৭৮৯জনৰ দেহত কোৰোনা পজিটিভ। ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ৪০৪৮৩জনলৈ পাইছে বৃদ্ধি।

১৫. দেওবাৰে আন্দামান নিকোবৰৰ বিজেপি কৰ্মীসকলৰ সৈতে বৈঠকত বহিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ভিডিঅ' কনফাৰেন্সযোগে বহিব এই বৈঠকত।

১৬. ১৪ আগষ্টত মুক্তি পাব নতুন হিন্দী ছবি এটেক। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জ'ন আব্ৰাহামে।

১৭. যোৱা ২৪ঘন্টাত কৰ্ণাটকত ৭১৭৮জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। এই সময়চোৱাত ৰাজ্যখনত কোৰোনাত আক্ৰান্ত ৯৩জন লোকে হেৰুৱাই প্ৰাণ।

১৮. দিল্লীৰ টিগ্ৰি এলেকাত এলপিজি বিস্ফোৰণ। এই বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে ৫জনকৈ লোক।

১৯. উত্তৰাখণ্ডত ৫০১জনৰ দেহত শনিবাৰে ধৰা পৰে কোভিড পজিটিভ। ৰাজ্যখনত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৯৪০২জনলৈ পাইছে বৃদ্ধি।

২০. কৰ্ণাটকতৰ কোডাগুত ভূমিস্খলন। ভূমিস্খলনৰ ফলত বাট-পথত ব্যাহত হৈ পৰিছে যান-বাহন চলাচল।

২১. কেৰালাত ধাৰাসাৰ বৃষ্টিপাত। ইতিমধ্যে কেৰালাৰ কোঝিকোডত ৰেট এলাৰ্ট জাৰি কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

২২. দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত হৈছে লোক। ৰাজ্যখনত ৫,০৩,০৮৪জনলৈ পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৩. গুজৰাটত শনিবাৰে ১১০১জনৰ দেহত ধৰা পৰে কোভিড-১৯। ৰাজ্যখনত ৯,৫৬,৬৪৫জনলৈ পাইছে এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।

২৪. চুবুৰীয়া ৰাজ্য মণিপুৰতো প্ৰতিদিনাই বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। যোৱা ২৪ ঘন্টাত ৰাজ্যখনত ১৬৯জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।

২৫. ভৰা শিঙৰীৰ পৰিস্থিতিৰ বুজ লৈ বিজেপি বিধায়ক শিলাদিত্য দেৱৰ মন্তব্যঃ সন্দেহযুক্ত বাংলাদেশী মুছলমানৰ প্ৰৰোচনাত ভৰা শিঙৰীৰ ঘটনা সংঘটিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in