হাংগৰে প্ৰাণ ল’লে এজনৰ…

প্ৰতীকী ফটো
প্ৰতীকী ফটো

ডি়জিটেল ডেস্কঃ পশ্চিম অষ্ট্ৰেলিয়াত দেওবাৰে হাংগৰৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছে। দেশখনৰ উত্তৰ প্ৰান্তত থকা কেবোল বীচ্ছৰ সমীপত এই ঘটনা সংঘটিত হৈছে। লোক জনক পানীৰ পৰা উঠাই অনাৰ পিছত তেওঁক মৃত বুলি ঘোষণা  কৰা হয়।

উল্লেখ্য যে বীচ্ছ খন বৰ্তমান বন্ধ কৰি দিয়া হৈছে আৰু জনসাধাৰণক সাগৰৰ সেইটো পাৰলৈ নাযাৱলৈ আহ্বান কৰিছে। পশ্চিম অষ্ট্ৰেলিয়াত হাংগৰৰ আক্ৰমণত মৃত্যু হোৱা এইটো ৮ নম্বৰৰ ঘটনা। বৰ্তমানলৈ হাংগৰৰ এই বিশেষ প্ৰজাতিৰ বিষয়ে কোনো তথ্য সংগ্ৰহ কৰিব পৰা নাই প্ৰশাসনে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in