ইংলেণ্ডত কোৰোনাত আক্ৰান্ত ভাৰতীয় ক্ৰিকেটাৰ…

ইংলেণ্ডত কোৰোনাত আক্ৰান্ত ভাৰতীয় ক্ৰিকেটাৰ…

ডিজিটেল ডেস্কঃ ইংলেণ্ডত থকা ২৩ জনীয়া সদস্যৰ ভাৰতীয় ক্ৰিকেট দলৰ এজন ক্ৰিকেটাৰৰ দেহত ধৰা পৰিছে কোৰোনাৰ উপস্থিতি। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, কোৰোনাত আক্ৰান্ত খেলুৱৈ গৰাকীক আইছ'লেশ্যনত ৰখা হৈছে। তেওঁ এই ভ্ৰমণ আৰু আগবঢ়াব নোৱাৰিব দলৰ আন সদস্যসকলৰ সৈতে।

ইংলেণ্ডৰ ডৰহমত মেচ খেলিবলৈ যোৱা ভাৰতীয় দলৰ কোন গৰাকী খেলুৱৈ বা সদস্য কোৰোনাত আক্ৰান্ত হৈছে সেয়া স্পষ্ট কৰা হোৱা নাই যদিও অহা ১৮ জুলাইত পুনৰ কোভিড টেষ্ট কৰা হ'ব বুলি জানিব পৰা গৈছে। ইফালে, বিচিচিআই-য়েও কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে প্ৰতিগৰাকী খেলুৱৈক সচেতন আৰু সজাগ হ'বলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in