বাক্সাৰ ৰৌমাৰীত যুৱকৰ সলিল সমাধি

বাক্সাৰ ৰৌমাৰীত যুৱকৰ সলিল সমাধি

ডিজিটেল সংবাদ, শালবাৰীঃ বাক্সাৰ শালবাৰী মহকুমাৰ আনন্দ বজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰৌমাৰী গাঁৱৰ এজন যুৱকৰ আজি উল্টে খন্দা জানত সলিল সমাধি ঘটে৷

সলিল সমাধি ঘটা যুৱকজন ৰৌমাৰী গাঁৱৰ দ্বীপেন দাসৰ পুত্ৰ গুঞ্জন দাস৷ উল্লেখ্য যে তিনিবছৰ পূৰ্বে আনন্দ বজাৰ দক্ষিণ বিজনী মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ গুঞ্জন দাস নামৰ যুৱকজনে আজি দিনৰ ভাগত ঘৰৰ সমীপৰ উল্টে খন্দা জানলৈ ফুৰিবলৈ ওলাই গৈছিল।

বহু সময় ধৰি যুৱকজন ঘৰলৈ উভতি নহাত বিচাৰ-খোচাৰ কৰাৰ অন্তত পানী যুঁৱলিত উদ্ধাৰ হয় গুঞ্জনৰ মৃতদেহ৷ যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in