যুৱকৰ মৃত্যুক লৈ নলবাৰীৰ ছানী ধাবাত উত্তপ্ত পৰিস্থিতি

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, নলবাৰীঃ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি নলবাৰীৰ ছানী ধাবাৰ সমীপত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ উক্ত ধাবাখনৰে কৰ্মচাৰী আছিল মৃত যুৱকজন।

স্থানীয় লোকসকলে কৰা অভিযোগ অনুসৰি দেওবাৰে সন্ধিয়াৰ ভাগলৈকে মনোৰঞ্জন কলিতা নামৰ যুৱকজনে ধাবাখনত স্বাভাৱিকভাৱে নিজৰ দায়িত্ব পালন কৰিছিল। নিশাৰ ভাগত ধাবাখনৰ স্বত্বাধিকাৰীয়ে সাপে দংশন কৰা বুলি কৈ যুৱকজনক স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকক খবৰ দিয়ে।

দুৰ্ভাগ্যজনকভাৱে চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ কিছু সময় পিছতে যুৱকজনৰ মৃত্যু ঘটে। হঠাৎ এনেদৰে যুৱকজনৰ মৃত্যু ঘটাত পৰিয়ালৰ লোকসকল হতভম্ব হৈ পৰে আৰু সবিশেষ জানিবলৈ বুলি স্বত্বাধিকাৰীজনক বিচাৰি ধাবাখনত উপস্থিত হয়। কিন্তু পৰিয়ালৰ লোকসকল অহা বুলি জানিব পাৰি তলা মাৰি ধাবাখনৰ পৰা পলায়ন কৰে স্বত্বাধিকাৰীজনে।

ধাবাখনৰ মালিকজনে এনেদৰে পলায়ন কৰাৰ পিছতে ঘটনাটোক লৈ সন্দেহ ওপজে পৰিয়াল তথা স্থানীয় লোকসকলৰ। যুৱকজনৰ মৃত্যুৰ আঁৰত মালিকজনৰ হাত থাকিব পাৰে বুলি সন্দেহ কৰি ইতিমধ্যে পৰিয়ালৰ লোকসকলে স্থানীয় থানাত এজাহাৰ দাখিল কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত ধাবাখনৰ মালিকজনক কৰায়ত্ত কৰিব পৰা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in