ঢকুৱাখনাত চাৰিকঢ়িয়াই উটুৱাই নিলে এজনক…

ঢকুৱাখনাত চাৰিকঢ়িয়াই উটুৱাই নিলে এজনক…

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনাত ইজনৰ পাছত সিজন বানত পৰি অকাল মৃত্যুক সাৱটি লব লগা মৰ্মান্তিক খবৰে শোকাকূল  পৰিস্থিতিৰ সৃষ্টি কৰিছে।  বুধবাৰে দুগৰাকী কিশোৰীৰ পানীত পৰি অপমৃত্যু ঘটাৰ বাতৰিয়ে   শোকাচন্ন কৰি  ৰখাৰ সময়তে পুনৰ এজনৰ অকাল বিয়োগ ঘটিছে নদীত পৰি ।

ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত  দক্ষিণ চাপৰি গাঁওত বৃহস্পতি বাৰে  চাৰিকঢ়িয়া নদীত পৰি  সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা ।  ঘটনাৰ বিবৰণি মতে গাঁওখনৰ ৪৫ বছৰীয়া ব্যক্তি মন বাহাদুৰ ছেত্ৰীয়ে বৃহস্পতি বাৰে বিয়লি ২-৩০ বজাত  এখন টুলুঙা নাও লৈ চাৰিকঢ়িয়া নদীৰ পাৰ হোৱা অৱস্থাত নদীৰ সোঁতে  টুলুঙা নাওখন উটুৱাই নিয়ে  ব্যক্তিজনক ।

প্ৰয়াত ৰত্ন বাহাদুৰ  ছেত্ৰীৰ পুত্ৰ  মন বাহাদুৰ ছেত্ৰী বহু সময়লৈ উভতি নহাৰ পাছত  পৰিয়াল আৰু  ৰাইজে সন্ধান চলাই মৃত অৱস্থাত ছেত্ৰীক উদ্ধাৰ কৰে । ঢকুৱাখনা সদৰ থানাই এই সন্দৰ্ভত অৱগত হোৱাৰ পাছত মৃতদেহটো উদ্ধাৰ কৰি থানালৈ আনি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে । ছেত্ৰীৰ আকস্মিক বিয়োগৰ খবৰে সমগ্ৰ দক্ষিণ চাপৰি অঞ্চলত শোকৰ বন্যা বোৱাইছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in