দৰং জিলা কুমাৰ সন্মিলনৰ উদ্যোগত কুমাৰ মৃৎ শিল্পী সন্থাৰ এদিনীয়া মৃৎ শিল্পৰ কৰ্মশালা…

দৰং জিলা কুমাৰ সন্মিলনৰ উদ্যোগত কুমাৰ মৃৎ শিল্পী সন্থাৰ এদিনীয়া মৃৎ শিল্পৰ কৰ্মশালা…

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ ২ নং চেঙাপাৰা যুৱক সংঘৰ বাকৰিত দৰং জিলা কুমাৰ সন্মিলনৰ উদ্যোগত, কুমাৰ মৃৎ শিল্পী সন্থা আৰু কুমাৰ সন্মিলনী ২নং চেঙাপাৰা শাখাৰ সহযোগত অহা ২২ মাৰ্চ ২০২১ সোমবাৰে এদিনীয়া মৃৎ শিল্পৰ কৰ্মশালা আয়োজন কৰিছে।

কাৰ্যসূচী অনুসৰি ৰাতিপুৱা পৰিবেশ নিকাকৰণ , বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ, কুমাৰ সন্মিলনৰ পতাকা উত্তোলন আদি কাৰ্যসূচী । দিনৰ ১০ বজাৰ পৰা কৰ্মশালা অনুষ্ঠিত হ'ব । মৃৎ শিল্পৰ কৰ্মশালা ৰ দ্বাৰ উন্মোচন কৰিব দৰং জিলা কুমাৰ সন্মিলনৰ প্ৰাক্তন সভাপতি হৰনাথ কুমাৰে, দিনৰ ১০.৩০ প্ৰশিক্ষণ আৰম্ভ হ'ব,দিনৰ ২ বজাত মুকলি সভা অনুষ্ঠিত হ'ব ।

দৰং জিলাৰ কুমাৰ সন্মিলনৰ সভাপতি প্ৰফুল্ল কুমাৰ ৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাখনি উদ্বোধন কৰিব সদৌ অসম কুমাৰ সন্মিলনৰ প্ৰাক্তন সভাপতি মিলিক কুমাৰে, সভাত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সদৌ অসম কুমাৰ সন্মিলনৰ কাৰ্যকৰী সভাপতি হেমন্ত কুমাৰ, মূখ্য অতিথি হিচাপে উপস্থিত থাকিব দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব কুমাৰ উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ বসন্ত কুমাৰ,সদৌ অসম কুমাৰ সন্মিলনৰ সভাপতি মহানন্দ কুমাৰ, মঙলদৈ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক পৰেশ কুমাৰ শৰ্মা, গুৱাহাটী ৰ পলিকন ইণ্ডাষ্ট্ৰিয়েলৰ সঞ্চালক প্ৰমোদ ৰাজবংশী, ছিপাঝাৰ জনতা মহাবিদ্যালয় ৰ অধ্যক্ষ হৰেণ ডেকা,সদৌ অসম কুমাৰ সন্মিলনৰ কাৰ্যকৰী সভাপতি গোপাল হাজৰিকা, চিলাৰায় স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সৎৰাম ডেকা,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়া ।

২ নং চেঙাপাৰা গাঁৱৰ গাওঁ বুঢ়া গগন চন্দ্ৰ কুমাৰ,সদৌ অসম কুমাৰ সন্মিলনৰ উপদেষ্টা থানেশ্বৰ ডেকা,২ নং চেঙাপাৰা শ্ৰী শ্ৰী হৰি মন্দিৰ ৰ পৰিচালনা সমিতিৰ সভাপতি বেলিৰাম তামুলী, ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষক ভৈৰৱ কুমাৰ,হৰি মন্দিৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি মদন বৰুৱা, ছিপাঝাৰৰ জেষ্ঠ্য সাংবাদিক গগন কুমাৰ নাথ, ছিপাঝাৰৰ সাংবাদিক ৰঞ্জিত কুমাৰ নাথ , ছিপাঝাৰৰ সাংবাদিক নিৰঞ্জন শৰ্মা,দেওমৰনৈৰ উদীয়মান যুৱ সমাজকৰ্মী দীপাংকৰ কুমাৰ, কুমাৰ জ্যোতি উদ্যোগৰ উপ-সভাপতি মদন কুমাৰ, সমাজকৰ্মী ডিম্বেশ্বৰ কুমাৰ, দৰং জিলা কুমাৰ সন্মিলনৰ উপদেষ্টা মহেন্দ্ৰ কুমাৰ, দৰং জিলা কুমাৰ সন্মিলনৰ প্ৰাক্তন সম্পাদক উত্তম কুমাৰ,২ নং চেঙাপাৰা যুৱক সংঘৰ সভাপতি ধৰ্মকান্ত কুমাৰ আদি উপস্থিত থাকিব ।

অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে দৰং জিলা কুমাৰ সন্মিলনৰ সভাপতি প্ৰফুল্ল কুমাৰ, সম্পাদক বাণীকান্ত কুমাৰ,২ নং চেঙাপাৰা কুমাৰ সন্মিলনৰ সভাপতি ঘনশ্যাম কুমাৰ শইকীয়া, সম্পাদক ৰংধৰ কুমাৰ, দৰং জিলা কুমাৰ মৃৎ শিল্পী সন্থা ৰ সভাপতি কমলা কুমাৰ, সম্পাদক সমুদ্ৰ কুমাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in