পূজাৰ পিছতে এদিনীয়া ক্ৰিকেট উৎসৱ, কোহলি বাহিনীৰ লগতে গুৱাহাটীত উপস্থিত কেৰিবিয়ান দল

পূজাৰ পিছতে এদিনীয়া ক্ৰিকেট উৎসৱ, কোহলি বাহিনীৰ লগতে গুৱাহাটীত উপস্থিত কেৰিবিয়ান দল

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২১ অক্টোবৰৰ ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া শৃংখলাৰ বাবে সাজু কৰি তোলা হৈছে মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়াম। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ প্ৰায় সংখ্যক খেলুৱৈ আহি উপস্থিত হৈছেহি গুৱাহাটী মহানগৰীত। বুধবাৰে দুপৰীয়া ১ বজাত গুৱাহাটীত উপস্থিত হয়হি ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈসকল।

খেলুৱৈসকলক আদৰিবলৈ প্ৰস্তুত হৈছে অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়াসকল। ইয়াৰ পূৰ্বে সোমবাৰে গুৱাহাটীত উপস্থিত হৈছিলহি ৱেষ্ট ইণ্ডিজৰ ৮ গৰাকী খেলুৱৈ। শাৰদীয় দুৰ্গোৎসৱৰ এদিন পিছতে অনুষ্ঠিত হ'বলগীয়া খেলখনৰ বাবে ইতিমধ্যে টিকট বিক্ৰীও শেষ হৈছে। দেৱী বিসৰ্জন দিয়াৰ পাছতে প্রিয় ক্ৰিকেটাৰৰ খেল চাবলৈ বৰ্ষাপাৰাত ভিৰ কৰিব অগণন লোকে।

ইফালে বিৰাট কোহলি আৰু শিখৰ ধাৱান গুৱাহাটীত উপস্থিত হ'বহি বৃহস্পতিবাৰে। বুধবাৰে দুপৰীয়া চাৰ্টাড বিমানযোগে দুয়ো দল হায়দৰাবাদৰ পৰা আহি উপস্থিত হয়হি গুৱাহাটীত। সোমবাৰে উপস্থিত হোৱা কেৰিবিয়ান দলটোৰ খেলুৱৈসকলে বুধবাৰৰ পৰা অনুশীলন আৰম্ভ কৰিব।

গুৱাহাটীত হ'বলগীয়া খেলখনত ক্ৰিকেটপ্ৰেমীসকলৰ মূল আকৰ্ষণ হ'ব ভাৰতীয় দলটো। ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত পৰাজয় বৰণ কৰা কেৰিবিয়ান দলটোৰ প্ৰদৰ্শনো হ'ব লক্ষণীয়। কিয়নো টেষ্ট শৃংখলাত দুৰ্বল প্ৰদৰ্শন কৰিলেও এদিনীয়াৰ ক্ষেত্ৰত দলটোৰ আছে এক সুকীয়া বৈশিষ্ট।

ভাৰতীয় দলটোৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব বিৰাট কোহলি, এম এছ ধোনী, ৰোহিত শৰ্মা তথা ঋষভ পন্টৰ ওপৰত। ইতিমধ্যে টেষ্ট শৃংখলাত আক্ৰমণাত্মক বেটিঙেৰে সকলোকে মুহিবলৈ সক্ষম হৈছে পন্ট।

ইফালে বতৰেও খেলখনত বিধিপথালি দিয়াৰ আশংকা ব্যক্ত কৰিছে একাংশ লোকে। কিয়নো মহানগৰীৰ ঠায়ে ঠায়ে কিছুদিনৰ পৰা বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে। এই মেচখন আৰক্ষী প্ৰশাসনৰ বাবেও হ'ব অতি গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়ান ক্ৰিকেট দলৰ ক্ষেত্ৰত সংঘটিত অনাকাংক্ষিত ঘটনাৰ বাবে আৰক্ষীয়ে অধিক সক্ৰিয়তা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰাপ্ত খবৰ অনুসৰি ভাৰতীয় ক্ৰিকেট দলৰ কেবাগৰাকী খেলুৱৈয়ে কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে।

ইফালে, অনলাইনযোগে বিক্ৰী হোৱা টিকটসমূহৰ হার্ড কঁপিসমূহ বুধবাৰে পুৱা ৮ বজাৰ পৰা দিয়াৰ কথা আছিল যদিও পুৱা ১০.৩০বজালৈকে নিদিয়াত ক্ষোভিত হৈ পৰে একাংশ ক্ৰিকেট প্ৰেমী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in