মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন…

মানকাচৰৰ নিউ মাৰ্কেটত নিচা জাতীয় দ্ৰব্য সহ গ্ৰেপ্তাৰ এজন…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী নিউ মাৰ্কেটত বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত আৰক্ষীয়ে অভিযান চলাই নিচা জাতীয় সামগ্ৰী সহ এজনক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখযোগ্য যে এক গোপন সূত্ৰৰ আধাৰত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতাই চন্দ্ৰ ৰায়ৰ নিউ মাৰ্কেটৰ বাসিন্ধা ইয়াচিন আলীৰ ঘৰত অভিযান চলায়। আৰক্ষীৰ এই অভিযানত ৬০ টা নিচাজাতীয় কফ চিৰাপৰ বটল উদ্ধাৰ হোৱাৰ লগতে ঘৰৰ গৰাকী ইয়াচিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ইয়াচিন আলী নামৰ লোক জন দীৰ্ঘ দিনৰ পৰা এই নিচা জাতীয় সামগ্ৰী বাংলাদেশীত সৰবৰাহকাৰী কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আছে বুলি জানিব পৰা গৈছে। অৱশেষত আৰক্ষীয়ে লোকজনক এইদৰে নিচা জাতীয় সামগ্ৰী সহ গ্ৰেপ্তাৰ কৰি এক সফলতা লাভ কৰা পৰিলক্ষিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in