এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰে ইটা তৈয়াৰঃ কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপকৰ অভিনৱ উদ্ভাৱন…

এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰে ইটা তৈয়াৰঃ কলিয়াবৰ মহাবিদ্যালয়ৰ অধ্যাপকৰ অভিনৱ উদ্ভাৱন…

ডিজিটেল সংবাদ কলিয়াবৰ: কলিয়াবৰ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপকৰ অভিনৱ উদ্ভাবনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ পেলনীয়া প্লাষ্টিক সামগ্ৰীৰ পৰা ইটা নিৰ্মাণৰ এই ব্যতিক্ৰমী চিন্তাৰ ফচলে সমাজ ব্যৱস্থাত এক ইতিবাচক আৰু যোগাত্মক প্ৰভাব পেলাব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, বৰ্তমান বিশ্বত প্ৰদূষণ সৃষ্টি কৰা কাৰক সমূহৰ ভিতৰত এবাৰ ব্যৱহাৰ্য প্লাষ্টিক অন্যতম । কি মাটি, কি পানী, কি সাগৰ-মহাসাগৰ, যতেই বিচৰা যায় তাতেই ইয়াক দেখা পোৱা যায় । পৃথিৱীৰ চুকে-কোণে পেলনীয়া প্লাষ্টিকৰ আৱৰ্জনা বোৰ দ'ম খাই এক দৃষ্টিকটু পৰিৱেশৰো সৃষ্টি কৰিছে ।

এতিয়া খোৱা পানীৰ সকলো উৎসতে নেন' প্লাষ্টিকৰ অস্তিত্ব ধৰা পৰিছে । এই সমস্যা সমাধানৰ এক মাত্ৰ উপায় হ'ল হয় প্লাষ্টিক উৎপাদন বন্ধ কৰা (যিটো বৰ্তমান যুগত প্ৰায় অসম্ভৱ) অথবা পেলনীয়া প্লাষ্টিক এনে কোনো বস্তুত আৱদ্ধ কৰা যাৰ ফলত প্ৰৱেশ প্ৰদূষণ নঘটে ।

কলিয়াবৰ মহাবিদ্যালয়ৰ 'আত্মাৰাম শৰ্মা ৰিচাৰ্ছ ইন'ভেছন এণ্ড ইনকিউবেছন চেন্টাৰে' এই সমস্যা সমাধানৰ উদ্দেশ্যে বাউণ্ডেৰী ৱাল বা শৌচালয় নিৰ্মাণত খটুৱাব পৰাকৈ এবাৰ ব্যৱহাৰ্য প্লাষ্টিকক ইটালৈ ৰূপান্তৰিত কৰাৰ এক অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰিছে । এই প্ৰযুক্তিৰ উদ্ভাৱকজন হ'ল কলিয়াবৰ মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক চিৰঞ্জীৱ বেজবৰুৱা ।

এই ইটা বিধ তেজপুৰ বিশ্ববিদ্যালয়ৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগত পৰীক্ষণ কৰি মাটিৰ ইটা বা এ চি ব্লকৰ সমান ক্ষমতাসম্পন্ন পোৱা গৈছে । বৰ্তমান এই প্ৰযুক্তি পেটেন্ট পোৱাৰ প্ৰক্ৰিয়াত আছে । এই ক্ষেত্ৰত যদি চৰকাৰ আগবাঢ়ি আহে, তেন্তে প্ৰযুক্তিটোত আৱশ্যকীয় সাল-সলনি ঘটাই উপযুক্ত যন্ত্ৰপাতিৰ ব্যৱহাৰৰে এনে ইটা ব্যৱসায়ীক ভিত্তিত আৰু আৰ্থিক ভাৱে লাভজনক হোৱাকৈ উৎপাদন কৰিব পৰা যাব । ইতিমধ্যে উদ্ভাৱকজনে আন দুটা পেটেন্টৰ শ্ৰেয় লাভ কৰিছে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in