২৭ বছৰে জুপুৰিত থকা ছহিদৰ পৰিয়ালক ৰাইজে সাজি দিলে অট্টালিকা…

২৭ বছৰে জুপুৰিত থকা ছহিদৰ পৰিয়ালক ৰাইজে সাজি দিলে অট্টালিকা…

ডিজিটেল ডেস্কঃ ১৯৯২ চনৰ ৩১ ডিচেম্বৰত ত্ৰিপুৰাত উগ্ৰপন্থীবিৰোধী এক অভিযানত প্ৰাণ হেৰুৱাইছিল মধ্যপ্ৰদেশৰ এজন বি এছ এফ জোৱানে। নাম আছিল মোহনলাল ছেনুৰ। মাত্ৰ ২৪ বছৰ বয়সতে দেশৰ বাবে ছহিদ হোৱা এই জোৱানজনে সেই সময়ত সংসাৰত এৰি গৈছিল নৱবিবাহিত পত্নী ৰাজু বাইৰ লগতে বৃদ্ধ পিতৃ-মাতৃক।

ৰাজু বাই

সংসাৰৰ একমাত্ৰ উপাৰ্জনকাৰীজন মৃত্যু হোৱাৰ পাছতে পৰিয়ালটোলৈ নামি আহিছিল অন্ধকাৰ। লোকৰ ঘৰে ঘৰে কাম কৰি কোনোমতে পৰিয়াল চলাইছিল ছহিদ মোহনলালৰ পত্নীৰ লগতে মাতৃয়ে। সেইসময়ত চৰকাৰে চহীদৰ পৰিয়ালক সাহায্যৰ কথা ঘোষণা কৰিছিল যদিও মোহনলালৰ পৰিয়ালে কোনো সাহায্য লাভ নকৰিলে। এনেকৈয়ে ১৯৯২ ৰ পৰা ২০১৯ চনৰলৈকে ২৭ বছৰ পাৰ হল।

ৰাজু বাই বাস কৰা জুপুৰীতো

২৭ বছৰ পাছত এই পৰিয়ালটোৰ সহায়ৰ বাবে আগবাঢ়ি আহিল গাঁৱৰ ৰাইজৰ লগতে এটা সংস্থা। এই সংস্থাটোৰ সদস্যসকল আৰু গাঁৱৰ ৰাইজৰ সহযোগেৰে ছহীদ পৰিয়ালটো থাকিবৰ বাবে নিৰ্মাণ কৰি দিলে এটা অট্টালিকাসদৃশ ঘৰ। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি গাঁওবাসীয়ে ছহীদ পৰিয়ালটোৰ ঘৰ নিৰ্মাণৰ বাবে প্ৰায় ১১ লাখ টকা বৰঙণি আগবঢ়ায়।

নতুনকৈ নিৰ্মাণ কৰা অট্টালিকাটো

ছহীদ মোহনলালৰ পত্নী ৰাজু বাই বাস কৰে মধ্যপ্ৰদেশৰ ইন্দোৰ জিলাৰ পৰা প্ৰায় ৪০ কিঃ মিঃ নিলগত থকা পিপল্য়া গাঁৱত। দীৰ্ঘদিন ধৰি এটা ভঙা জুপুৰিতে বাস কৰা ৰাজু বাইক যোৱা ১৫ আগষ্টৰ দিনা গাঁওবাসীয়ে নতুন ঘৰটো প্ৰদান কৰে। ৰাজু বাইক নতুন ঘৰটোলৈ আদৰণি জনাই গাঁৱৰ সকলো পুৰুষে মাটিত হাত পাতি দিয়ে আৰু সেই হাত গচকি ছহীদৰ পত্নীয়ে প্ৰৱেশ কৰে নতুন ঘৰত।

ৰাজুবাইক এনেকৈ জনালে আদৰণি

ছহীদৰ পৰিয়ালক গাঁওবাসীয়ে প্ৰদান কৰা এনে সন্মানৰ কথা নিমিষতে বিয়পি পৰে ছচিয়েল মিডিয়াত। এনে কাৰ্যক প্ৰশংসা কৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানেও। উল্লেখ্য যে, ৰাজু বাইৰ জীৱন সংগ্ৰামৰ কথা পোহৰলৈ অনা সংস্থাটোৱে বহুদিনৰে পৰা এনেধৰণৰ কাম-কাজ কৰি আহিছে। ইফালে ৰাজু বাইক গাওবাসীয়ে এয়া গাঁৱৰ সকলো পুৰুষৰ ফালৰ পৰা ৰাখী বন্ধনৰ উপহাৰ দিয়া বুলি গাঁৱৰ মুখীয়ালে উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in