পিছুৱাব পঞ্জাৱৰ নিৰ্বাচন ! কোৰোনা নহয়, তেনে কিহৰ বাবে আয়োগে ল’ব এই সিদ্ধান্ত…

পিছুৱাব পঞ্জাৱৰ নিৰ্বাচন ! কোৰোনা নহয়, তেনে কিহৰ বাবে আয়োগে ল’ব এই সিদ্ধান্ত…

ডিজিটেল ডেস্কঃ পিছুৱাব পাৰে পঞ্জাৱৰ বিধানসাভাৰ নিৰ্বাচন। দেশত কোৰোনাৰ পৰিস্থিতি জটিল হৈ পৰাৰ সময়তে ৰাজনৈতিক দলবোৰ ঐক্যমত আৰু নিৰ্বাচন আয়োগৰ সিদ্ধান্ত অনুসৰি আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল। সেই অনুসৰি চৰ্চাৰ শীৰ্ষত থকা পঞ্জাৱৰ নিৰ্বাচন ১৪ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু এতিয়া পঞ্জাৱৰ নিৰ্বাচন পিছুওৱাৰ সম্ভাৱনাই দেখা দিছে।

পঞ্জাৱৰ সকলো ৰাজনৈতিক দলে ৰাজ্যখনৰ দিন পিছুৱাই দিয়াৰ পোষকতা কৰিছে। অৱশ্যে ৰাজ্যখনৰ নিৰ্বাচন পিছুৱাই দিয়াৰ পক্ষত ৰাজনৈতিক দলসমূহ থিয় হোৱাৰ মূল কাৰণ কোৰোনাৰ জটিল পৰিস্থিতি নহয়। দৰাচলতে শ্ৰী গুৰু ৰবিদাসৰ জন্ম জয়ন্তীৰ বাবেহে ৰাজ্যখনৰ নিৰ্বাচন পিছুৱাই দিয়াৰ পক্ষে ৰাজনৈতিক দল তথা নেতাই পোষকতা কৰিছে।

নিৰ্বাচন আয়োগে ১৪ ফেব্ৰুৱাৰীত পঞ্জাৱত ভোট দানৰ দিন ধাৰ্য কৰিছিল। ১৬ ফেব্ৰুৱাৰী শ্ৰী গুৰু ৰবিদাসৰ জন্ম জয়ন্তী। এই সময়ত পঞ্জাৱৰ লাখ লাখ ভক্ত গুৰুৰ জন্মস্থান উত্তৰ প্ৰদেশৰ বেনাৰসলৈ প্ৰণাম কৰিবলৈ ভ্ৰমণ কৰে। সেয়েহে সকলো ৰাজনৈতিক দলে ৰাজ্যখনত নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ পক্ষত থিয় দিছে। তেওঁলোকৰ যুক্তি হৈছে, নিৰ্ধাৰিত দিনত ভোটদান সম্পূৰ্ণ হ'লে প্ৰায় ২০ লাখ ভোটাৰে ভোটদানৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে।

ইফালে ৰাজ্যখনৰ নিৰ্বাচনক লৈ দেশৰ নিৰ্বাচন আয়োগৰ চিন্তা বৃদ্ধি পাইছে। কিয়নো এনে পৰিস্থিতিত ভোটদান সম্পূৰ্ণ কৰিলে ভোটদানৰ হাৰ নিম্নগামি হোৱাৰ সম্ভাৱনা আছে। পঞ্জাৱৰ নিৰ্বাচনী বিষয়াসকলেও ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগক এই বিষয়ত লিখিত ৰূপত জনাইছে। অৱশ্যে দিল্লীস্থিত আয়োগৰ মুখ্য কাৰ্যালয়ৰ পৰা এতিয়াও এই বিষয়ত কোনো স্পষ্ট মত প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, পঞ্জাৱত ৩২ শতাংশ অনুসূচীত জাতিৰ লোক আছে। ১৬ ফেব্ৰুৱাৰী হৈছে শ্ৰী গুৰু ৰবিদাসৰ ৬৪৫ তম জন্ম জয়ন্তী। এই দিনটোত লাখ লাখ লোক তেওঁৰ জন্মস্থান গোবৰ্ধনপুৰলৈ যোৱাটো নিশ্চিত। গোবৰ্ধনপুৰ উত্তৰ প্ৰদেশৰ বেনাৰসত আছে। পঞ্জাৱৰ লোকসকলে জয়ন্তীৰ দিনটোত গোবৰ্ধনপুৰত প্ৰণাম কৰিবৰ বাবে ১২/১৩ ফেব্ৰুৱাৰীৰ পৰাই বিশেষ ৰে'লৰ জৰিয়তে পঞ্জাৱ ত্যাগ কৰিব। ১৬ ফেব্ৰুৱাৰীৰ পিছত গোবৰ্ধনপুৰৰ পৰা পুনৰ স্ব-ৰাজ্যলৈ ঘূৰিব ভক্তসকল।

এনে পৰিস্থিতিত ১৪ ফেব্ৰুৱাৰীত নিৰ্বাচন অনুষ্ঠিত হ'লে ভোটদানৰ শতাংশ যে হ্ৰাস পাব সেইয়া নিশ্চিত। ভোটদনা কৰাতকৈ শ্ৰী গুৰু ৰবিদাসৰ জন্মজয়ন্তী উপলক্ষে জন্মস্থান গোবৰ্ধনপুৰলৈ যাত্ৰা কৰাটোক ভক্তিসকলে অধিক প্ৰাধান্য দিব। এনে পৰিস্থিতিত স্বাভাৱিকতে পঞ্জাৱত ভোটদানৰ ক্ষেত্ৰত এক বিৰূপ প্ৰভাৱ পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in