ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা প্রথমটো দিনত ৫৮ সহস্ৰাধিক লোকক নিয়া হৈছে গন্তব্য স্থানলৈ…

ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা প্রথমটো দিনত ৫৮ সহস্ৰাধিক লোকক নিয়া হৈছে গন্তব্য স্থানলৈ…

ডিজিটেল ডেস্কঃ মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে মঙলবাৰে কয় যে, কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জাৰি কৰা লকডাউনৰ বাবে প্ৰায় ২ মাহৰ পাছত ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা হৈছে। আৰু সোমবাৰৰ দিনটোত প্ৰায় ৫৮,৩১৮জন যাত্ৰীক নিজ নিজ গন্তব্য স্থানলৈ পঠিওৱা হয়।

ঘৰুৱা বিমান সেৱা আৰম্ভ কৰা প্ৰথমটো দিনত শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ ১৪টা স্থানত ৪৭ বাৰলৈ বিমান উৰণ পৰিচালনা কৰা হয়। ইফালে গোৱাতো ৩খন বিমানেৰে গন্তব্য স্থানলৈ পঠিওৱা হৈছে যাত্ৰীসকলক। আনহাতে, লকডাউনৰ সময়চোৱাত প্ৰবাসী শ্ৰমিকসকলে স্বৰাজ্যলৈ যাতে ঘূৰি যাব পাৰে তাৰ বাবেও ইতিমধ্যে লাখ লাখ লোকক বিশেষ শ্ৰমিক ৰে'লেৰে লৈ যোৱা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in