প্ৰৱজিত শ্ৰমিকলৈ বিস্কুট দলিয়াই চাকৰি হেৰুৱালে ৰে’লৱেৰ জ্যেষ্ঠ  বিষয়াই…

প্ৰৱজিত শ্ৰমিকলৈ বিস্কুট দলিয়াই চাকৰি হেৰুৱালে ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াই…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থাকিবলগীয়া হৈছে প্ৰৱজিত শ্ৰমিকসকল। শেহতীয়াভাৱে তেওঁলোকৰ বাবে শ্ৰমিক বিশেষ ৰে'লসেৱা আৰম্ভ কৰাৰ বাবে নিজ নিজ স্থানলৈ অনাহাৰ আৰু অনিদ্ৰাৰে থাকিবলগা হোৱা লোকসকলে ঢাপলি মেলিছে। ৰে'লত ৩-৪ দিন যাত্ৰা কৰিহে কোনো এজন লোকে নিজ ঘৰত উপস্থিত হ'বলৈ সক্ষম হয়। এই সময়চোৱাত এমুঠি অন্নৰ বাবে এইসকল শ্ৰমিকে হাহাকাৰ কৰিবলগা হৈছে। পিছে তেনে সময়তে এগৰাকী ৰে'লৱেৰ বিষয়াৰ খাদ্য যোগান ধৰা কিছু দৃশ্য পোহৰলৈ আহিছে যি দৃশ্য দেখিলে প্ৰতিজন সচেতন লোকেই ক্ষোভত ফাটি পৰাটো স্বাভাৱিক।

উত্তৰ প্ৰদেশৰ ফিৰোজাবাদত ৰে'লৱেৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰৱজিত শ্ৰমিকক খাদ্য যোগান ধৰাৰ এটা ভিডিঅ' শেহতীয়াকৈ পোহৰলৈ অহাৰ পাছতে বিষয়াগৰাকীয়ে হেৰুৱালে চাকৰি। কেৱল ডিকে দিক্ষিত নামৰ বিষয়াগৰাকীয়েই নহয়, তেওঁৰ সৈতে আন কেবাজনো বিষয়াই বিতৰণ কৰিছিল বিস্কুট। কিন্তু বিষয়াগৰাকীয়ে বিস্কুট বিতৰণ কৰাৰ সমান্তৰালকৈ বিভিন্ন অশ্ৰাব্য গালি গালাজ কৰিছিল প্ৰৱজিত শ্ৰমিকসকলক। তেওঁৰ সকলো কথা ৰেকৰ্ডিং হৈ আছিল এজন লোকৰ মোবাইলৰ কেমেৰাত।

অতি কম সময়তে ছ'চিয়েল মিডিয়াত ভিডিঅ'টো ভাইৰেল হৈ পৰে। এগৰাকী বিষয়াই প্ৰৱজিত শ্ৰমিকসকলক ইতিকিং কৰি "মিঃ দিক্ষিতৰ জন্মদিনৰ বাবেহে বিস্কুট বিতৰণ কৰা হৈছে'' বুলি চিঞৰি চিঞৰি শ্ৰমিকসকলক কয়। ইফালে পুনৰ কেইজনমান শ্ৰমিকে বিস্কুটৰ পেকেট খোজাৰ সময়ত "এপেকেটহে আছিল, ভাগ কৰি খা" বুলিও শ্ৰমিকসকলক কয় বিষয়াগৰাকীয়ে। প্ৰথমে ৰে'লৱেৰ এটা ৱাটছআপ গ্ৰুপত ভিডিঅ'টো দিয়াৰ পাছতে ভাইৰেল হৈ পৰিছিল ভিডিঅ'টো। তাৰ পাছতে চাকৰিৰ পৰা ডিকে দিক্ষিত নামৰ বিষয়াগৰাকীক নিলম্বন কৰা হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in