অ’মিক্ৰনৰ ছাইডএফেক্টঃ দিল্লীমুখী বিমানৰ ভাড়া অবিশ্বাস্য হাৰত বৃদ্ধি…

অ’মিক্ৰনৰ ছাইডএফেক্টঃ দিল্লীমুখী বিমানৰ ভাড়া অবিশ্বাস্য হাৰত বৃদ্ধি…

ডিজিটেল ডেস্কঃ বিমান সেৱা প্ৰদান কৰা কোম্পানীবোৰো পিছ পৰি নৰ'ল। হঠাৎ বৃদ্ধি কৰিছে বিমানৰ ভাড়া। পূৰ্বতে দিল্লীৰ পৰা ডুবাইলৈ বিমান ভাড়া আছিল ২০ হাজাৰ টকা। সেই ভাড়া এতিয়া বৃদ্ধি হৈছে ৩৩ হাজাৰ টকালৈ। একেদৰে দিল্লীৰ পৰা আমেৰিকালৈ পূৰ্বতে ৯০ হাজাৰ টকাৰ পৰা ১ লাখ ২০ হাজাৰ টকাৰ বিমান ভাড়া আছিল। সেই ভাড়া হৈছেগৈ প্ৰায় ডেৰ লাখ টকা।

দিল্লীৰ পৰা ৱাশ্বিংটন ডিচি আৰু নিউৱৰ্ক চিটিলৈ ভাড়া প্ৰায় ১০০ শতাংশ বৃদ্ধি হৈছে। আন্তঃৰাষ্ট্ৰীয় বিমান যাত্ৰাৰ ভাড়া হঠাৎ কোভিডৰ নতুন প্ৰকাৰৰ ভাইৰাছ অ'মিক্ৰনৰ উপস্থিতি ধৰা পৰাৰ পাছতেই এনেদৰে বিমান কোম্পানীসমূহে বৃদ্ধি কৰিছে।

বিজনেছ ক্লাছৰ বিমানৰ ভাড়া দুগুণ বৃদ্ধি হৈ আমেৰিকালৈ প্ৰায় ৬ লাখ হৈছেগৈ। দিল্লীৰ পৰা টৰেন্ট্ৰ'লৈ ভাড়া বৃদ্ধি হৈছে ৮০ হাজাৰ টকা। সংবাদ মাধ্যমৰ খবৰ অনুসৰি যিবোৰ দেশত অ'মিক্ৰন ভাইৰাছ ধৰা পৰিছে সেইবোৰ দেশৰ পৰা বহু যাত্ৰী ঘূৰি আহিছে দিল্লীলৈ।

বিমান যাত্ৰাৰ অন্ততো তেওঁলোকে চৰকাৰে নতুনকৈ জাৰি কৰা কোভিড প্ৰ'টকলৰ বাবে বিমান বন্দৰতে ৬ ঘণ্টাৰো অধিক সময় অপেক্ষা কৰিবলগীয়া হৈছে। বিমানবন্দৰতে কোভিড টেষ্ট কৰি কোভিড নিগেটিভ হ'লেহে বাহিৰলৈ আহিব দিয়া হৈছে।

উল্লেখযোগ্য যে কোভিডৰ নতুন ভাইৰাছৰ উপস্থিতি ধৰা পৰা পিছত বহু বিমানৰ যাত্ৰা কম সময়ৰ জাননী দিয়েই সালসলনি কৰা হৈছে। যাৰ বাবে প্ৰায় ১৪ খন দেশৰ পৰা আহিবলগীয়া বিমানযাত্ৰীসকলৰ বাবে বিমান ভাড়া এইদৰে আকাশলংঘী হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in