কিহৰ ভিত্তিত জিম্মাত লোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক? উত্তৰ বিচাৰি কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ…

কিহৰ ভিত্তিত জিম্মাত লোৱা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক? উত্তৰ বিচাৰি কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ…

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে ধাৰা ৩৭০ বিলুপ্তিৰ পিছতে সুৰক্ষাজনিত কাৰণত নজৰবন্দী কৰি ৰাখিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাক। বিগত প্ৰায় ৬ মাহ ধৰি নজৰবন্দী হৈ থকা ওমৰ আব্দুল্লাৰ মুক্তিত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আবেদন দাখিল কৰিছিল আব্দুল্লাৰ ভগ্নী ছাৰা আব্দুল্লা পাইলটে।

শুকুৰবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰি জাননী জাৰি কৰিছে। ওমৰ আব্দুল্লাক জিম্মাত লোৱাৰ কাৰণ কি সেই সন্দৰ্ভত ২ মাৰ্চৰ ভিতৰত ন্যায়ালয়ক উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। লগতে ন্যায়ালয়ে জম্মু-কাশ্মীৰ প্ৰশাসনকো এই সন্দৰ্ভত জাননী জাৰি কৰি উত্তৰ বিচাৰে।

ওমৰ আব্দুল্লাৰ হৈ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত জ্যেষ্ঠ অধিবক্তা কপিল শিবালে নেতাজনক শীঘ্ৰে মুক্তি কৰি দিবলৈ আহ্বান জনায়। কিন্তু ন্যায়ালয়ে এই আহ্বান প্ৰত্যাখ্যান কৰি কয় যে ইমান দিনে জিম্মাত আছে যেতিয়া আৰু কিছু দিন অপেক্ষা কৰিব পাৰে। ইফালে ন্যায়ালয়ৰ শুনানিৰ অন্তত ছাৰা আব্দুল্লা পাইলটে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে জম্মু-কাশ্মীৰবাসীয়ে এতিয়াও ভাৰতৰ ভিতৰত অইন নাগৰিকৰ দৰে অধিকাৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

প্ৰণিধানযোগ্য যে, ৫ আগষ্ট, ২০১৯ত কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ পৰা ধাৰা ৩৭০ বিলুপ্তি কৰাৰ পিছতে নিৰাপত্তাজনিত কাৰণৰ দোহাই দি ওমৰ আব্দুল্লাসহ কেইবাজনো নেতাক নজৰবন্দী কৰি ৰাখিছিল। ওমৰ আব্দুল্লাক চিআৰপিচিৰ ধাৰা ১০৭ৰ অধীনত জিম্মাত লৈছিল প্ৰশাসনে। চিআৰপিচিৰ ধাৰা ১০৭ অনুসৰি কোনো ব্যক্তিক সৰ্বাধিক ৬ মাহ পৰ্যন্ত জিম্মাত ল'ব পাৰে। কিন্তু যোৱা ৫ ফেব্ৰুৱাৰীত ওমৰ আব্দুল্লাৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছতে তেওঁৰ ওপৰত পিএছএ লগোৱা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in