২০১৯ৰ লোকসভা নিৰ্বাচনৰ পাছতেই সমগ্ৰ দেশতে হ’ব এন আৰ চি!

২০১৯ৰ লোকসভা নিৰ্বাচনৰ পাছতেই সমগ্ৰ দেশতে হ’ব এন আৰ চি!

ডিজিটেল ডেস্কঃ অসমত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতেই বিজেপিৰ এজন জ্যেষ্ঠ নেতাই ঘোষণা কৰিছে- ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পাছতেই সমগ্ৰ দেশতেই প্ৰস্তুত হ'ব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী।

অবৈধ বাংলাদেশী নাগৰিক এতিয়া দেশৰেই এক ডাঙৰ সমস্যা বুলি উল্লেখ কৰি। বিজেপিৰ ৰাষ্ট্ৰীয় উপসভাপতি ঔম মাথুৰে এই মন্তব্য কৰিছে। দেশখনক এখন ধৰ্মশালা হ'বলৈ এৰি দিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ কয়, ২০১৯ৰ নিৰ্বাচনৰ পাছতেই এন আৰ চি সমগ্ৰ দেশজুৰি উন্নীতকৰণ কৰা হ'ব।

বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক উদ্দেশ্যি কয়, তেওঁ নিজৰ পৰিয়ালৰ প্ৰতিয়েই অনুগত্যশীল নহয়। কিয়নো অসমত এন আৰ চি প্ৰস্তুতৰ বাবে উদ্যোগ লৈছিল ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীয়ে। যিটো কংগ্ৰেছে যোৱা ১০বছৰ শাসনকালত সম্ভৱ কৰিব নোৱাৰিলে।

অসমত এন আৰ চি সন্দৰ্ভতো বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতিগৰাকীয়ে কয়, অসমত এন আৰ চি উন্নীতকৰণৰ কাম বিজেপিৰ উদ্যোগত হোৱা নাই। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু পৰ্যবেক্ষণত ৰাজ্যখনত এই এন আৰ চি খচৰা প্ৰস্তুত প্ৰক্ৰিয়া সম্ভৱ হৈছে।

তেওঁ লগতে প্ৰতিশ্ৰুতি দিয়ে যে, বিদেশী মুক্ত ভাৰত গঢ়িবলৈ ২০১৯চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিলে সমগ্ৰ দেশজুৰি এন আৰ চি প্ৰস্তুত কৰিব।

যিসময়ত অসমৰ এন আৰ চিক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধী ৰাজনৈতিক দলৰ নেতৃ্ত্বই এক বিৰোধ স্থিতি গ্ৰহণ কৰিছে, তেনে সময়ত বিজেপি নেতাজনৰ এনে ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in