ৰে’লত সুৰাসক্ত যুৱকে টোপনি হৰিলে লোকসভা অধ্যক্ষ ওম বিৰলাৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ দিল্লীৰ হজৰট নিজাম্মুদ্দিন ষ্টেচনৰ পৰা দেওবাৰৰ নিশা ইন্দোৰলৈ গৈ আছিল লোকসভা অধ্যক্ষ ওম বিৰলা। ১২৪১৬ ইন্টাৰচিটী এক্সপ্ৰেছৰ এটা দবাত যাত্ৰা কৰিছিল লোকসভা অধ্যক্ষ গৰাকীয়ে। সেই দবাৰ কাষতে সুৰাসক্ত কেইজনমান যুৱকে হুলস্থূল কৰি থকাত যুৱক কেইজনক তেনে নকৰিবলৈ ক'বলৈ পঠিয়াইছিল লোকসভা অধ্যক্ষৰ ব্যক্তিগত সচিব ৰাঘৱেন্দ্ৰক।

সচিবগৰাকীয়ে তেনে পৰিৱেশ সৃষ্টি নকৰিবলৈ যুৱক কেইজনক অনুৰোধ কৰিছিল যদিও, যুৱক কেইজনে তেওঁকহে উভতি ধৰে। তাৰপাছতেই লোকসভা অধ্যক্ষই ব্যক্তিগত সচিবজনক এই বিষয়ে ৰেল নিয়ন্ত্ৰণ কক্ষক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।

নিশা ১ বজাত মথুৰা জংচনত লোকসভা অধ্যক্ষগৰাকীয়ে ভ্ৰমণ কৰা ৰেলখন উপস্থিত হোৱাত ৰেলৱে সুৰক্ষা বাহিনী আৰু আৰক্ষীয়ে চাৰিজন যুৱকক গ্ৰেপ্তাৰ কৰি সোমবাৰে আদালতত হাজিৰ কৰাৰ পাছত জেললৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, লোকসভা অধ্যক্ষ গৰাকীয়ে ১২৪১৬ নম্বৰৰ ইন্দোৰ ইন্টাৰচিটী এক্সপ্ৰেছৰ এ চি দবাত ভ্ৰমণ কৰি আছিল। তেওঁ কোটালৈ গৈ আছিল। নিশা প্ৰায় ১১ বজাত নিজামুদ্দিন ষ্টেচনৰ পৰা ৰেল খন এৰাৰ পাছতেই সুৰাসক্ত পাঁচজন যুৱকে তেওঁৰ সমীপৰ কোঠাটোত চিঞৰ-বাখৰেৰে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰিছিল। সেই সময়ত দবাটোৰ আন কোঠাৰ লোকসকলে শুবলৈ প্ৰস্তুতি চলাইছিল।

এই অভিজ্ঞতাৰ সন্মুখীন হৈ সহায়ক ৰাঘৱেন্দ্ৰক যুৱক কেইজনক বুজাবলৈ পঠিয়াইছিল তেওঁ। তাৰপাছতেই এই পদক্ষেপ গ্ৰহণ কৰি ৰেল নিয়ন্ত্ৰণ কক্ষক ঘটনা সন্দৰ্ভত লোকসভাৰ অধ্যক্ষগৰাকীৰ নিৰ্দেশত তেওঁৰ ব্যক্তিগত সচিবে জানিবলৈ দিছিল।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুৱক কেইজনৰ ভিতৰত দুজন দিল্লীৰ। তেওঁলোক ক্ৰমে- বিকাশ টাগৰ আৰু ৰাজীৱ। ইয়াৰোপৰি, মনোজ নামৰ গুৰগ্ৰাম আৰু উমৰ প্ৰীত নামৰ হাজিপুৰৰ আন দুজন যুৱককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in