২০২৩ত মুম্বাইত অলিম্পিক…

২০২৩ত মুম্বাইত অলিম্পিক…

ডিজিটেল ডেস্কঃ ২০২৩ত ভাৰতৰ বানিজ্য চহৰ মুম্বাইত হ'ব আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ বাৰ্ষিক সভা। অতি গুৰুত্বপূৰ্ণ এই সভাখন অনুষ্ঠিত হোৱাৰ কথা ঘোষণা কৰিছে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (আইঅ'চি)ৰ সভাপতি থমাছ বচে।

এক বিবৃতিত আইঅ'টিৰ সভাপতিগৰাকীয়ে কয়, 'গুৰুত্বপূৰ্ণ এই সভাখনৰ বাবে আমি ভাৰতক এইকাৰণে নিৰ্বাচন কৰিছো যে ভাৰত হৈছে বিশ্বৰ দ্বিতীয়খন জনবহুল দেশ। ভাৰতত যথেষ্ট সংখ্যক যুৱক-যুৱতী আছে আৰু সেই সকলৰ মাজত অলিম্পিক খেলিব পৰা বহু প্ৰতিভা লুকাই আছে।'

ভাৰতীয় অলিম্পিক সন্থাক উৎসাহিত কৰিবৰ বাবেই আৰু অলিম্পিকৰ প্ৰতি দেশখনৰ প্ৰতিভাধাৰী খেলুৱৈসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে এই অনুষ্ঠানটো ভাৰতত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

উল্লেখযোগ্য যে, এই বছৰটোতে ভাৰতে স্বাধীনতা লাভৰ ৭৫ বছৰ উদযাপন কৰিব। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ এই গুৰুত্বপূৰ্ণ সভা সেই বছৰতে ভাৰতত অনুষ্ঠিত কৰা কাৰ্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে। এইবাৰ অৱশ্যে ১৩৬ সংখ্যক আইঅ'চিৰ এই সভা জাপানৰ টকিঅ'ত জুলাই মাহত অনুষ্ঠিত হ'ব। ২০২০ বৰ্ষৰ অলিম্পিকো অনুষ্ঠিত হ'ব টকিঅ'তে। এইখিনিতে মন কৰিবলগা যে, ইয়াৰ পূৰ্বে ভাৰতত ১৯৮৩ চনত ৰাজধানী চহৰ দিল্লীত আইঅ'চিৰ এই বাৰ্ষিক সভা অনুষ্ঠিত হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in